
কৃষি বিভাগে ৰূপায়ণ কৰি থকা কৃষি যান্ত্ৰিকীকৰণ নামৰ এখন আঁচনিৰ জৰিয়তে ৫০ শতাংশ ৰেহাই মূল্যত কৃষকলৈ ট্ৰেক্টৰৰ সুবিধা আগবঢ়োৱা হৈছে। কিন্তু এই সুবিধা এজন কৃষকক গাইগুটীয়াভাৱে আগবঢ়াই ১০ জনীয়া একোটা কৃষক গোটলৈহে আগবঢ়োৱা হৈছে। ইয়াৰ কাৰণ হ’ল অসমৰ সৰহসংখ্যক কৃষকেই ক্ষুদ্ৰ উপান্ত শ্ৰেণীৰ। ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ একোখনৰ বাবে বিভাগে আগবঢ়োৱা ৰাজসাহাৰ্য্যখিনি বাদ দিও প্ৰয়োজন হোৱা বাকীখিনি ধন এখন কৃষকে ব্যক্তিগতভাৱে গোটোৱাটো বহুক্ষেত্ৰত সম্ভৱ নহয়। সেয়েহে সকলো দিশ বিচাৰ কৰি গাইগুটীয়াভাৱে ট্ৰেক্টৰ যোগানৰ বিপৰীতে ১০ জনীয়া কৃষক গোটক ট্ৰেক্টৰৰ সুবিধা আগবঢ়োৱা হৈছে আৰু এইক্ষেত্ৰত কৃষকসকলৰ সঁহাৰিও যথেষ্ট উৎসাহজনক।

Share your comments