1. Government Schemes

কৃষি বিভাগৰ কি আঁচনিৰ জৰিয়তে এখন ট্ৰেক্টৰ ঋণত পাব পাৰি?

KJ Staff
KJ Staff

       কৃষি বিভাগে ৰূপায়ণ কৰি থকা কৃষি যান্ত্ৰিকীকৰণ নামৰ এখন আঁচনিৰ জৰিয়তে ৫০ শতাংশ ৰেহাই মূল্যত কৃষকলৈ ট্ৰেক্টৰৰ সুবিধা আগবঢ়োৱা হৈছে। কিন্তু এই সুবিধা এজন কৃষকক গাইগুটীয়াভাৱে আগবঢ়াই ১০ জনীয়া একোটা কৃষক গোটলৈহে আগবঢ়োৱা হৈছে। ইয়াৰ কাৰণ হ’ল অসমৰ সৰহসংখ্যক কৃষকেই ক্ষুদ্ৰ উপান্ত শ্ৰেণীৰ। ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ একোখনৰ বাবে বিভাগে আগবঢ়োৱা ৰাজসাহাৰ্য্যখিনি বাদ দিও প্ৰয়োজন হোৱা বাকীখিনি ধন এখন কৃষকে ব্যক্তিগতভাৱে গোটোৱাটো বহুক্ষেত্ৰত সম্ভৱ নহয়। সেয়েহে সকলো দিশ বিচাৰ কৰি গাইগুটীয়াভাৱে ট্ৰেক্টৰ যোগানৰ বিপৰীতে ১০ জনীয়া কৃষক গোটক ট্ৰেক্টৰৰ সুবিধা আগবঢ়োৱা হৈছে আৰু এইক্ষেত্ৰত কৃষকসকলৰ সঁহাৰিও যথেষ্ট উৎসাহজনক।

      বিশ্ব বেংকৰ অৰ্থ সাহাৰ্য্যত ৰূপায়ন হৈ থকা অসম কৃষি সামৰ্থবৰ্দ্ধক প্ৰকল্প বা এএচিপি নামৰ আঁচনিখনৰ জৰিয়তেও কৃষক ৰাইজলৈ ট্ৰেক্টৰ যোগান ধৰাৰ ব্যৱস্থা ৰখা হৈছে। কৃষকৰ ১০ জনীয়া একোটা গোটক ৩০ শতাংশ ৰাজসাহাৰ্য্য, ৫০ শতাংশ বেংকৰ ঋণ আৰু কৃষক গোটৰ নিজস্ব ২০ শতাংশ ধনৰ জৰিয়তে ট্ৰেক্টৰৰ এই সুবিধা আগবঢ়োৱা হৈছে।

শেহতীয়াভাৱে মহিলা কৃষকৰ সামৰ্থ বৃদ্ধিকৰণ শীৰ্ষক এখন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ মহিলা কৃষকসকলক কৃষিকৰ্মৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ ট্ৰেক্টৰ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ অধীনৰ পাৱাৰ টিলাৰৰ ক্ষেত্ৰত ৭৫ শতাংশ ৰাজসাহাৰ্য্য আগবঢ়োৱা হৈছে।

কৃষি বিভাগৰ আঁচনিৰ অধীনত ট্ৰেক্টৰ এখনৰ গৰাকী হ’বলৈ আপুনি পোনতে ১০ জনীয়া কৃষকে গোট এটা গঠন কৰি আপোনাৰ জিলাৰ জিলা কৃষি বিষয়া বা কাৰ্য্যবাহী কৃষি অভিযন্তাক লগ ধৰিলে এই বিষয়ে সবিশেষ জানিব পাৰিব।

                                                                                    উৎস: কৃষি বিভাগ, অসম

English Summary: The schemes of Agriculture Deptt. to get a tractor in loan or subsidy price

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.