1. Government Schemes

PMJJBY: কম প্ৰিমিয়ামত ২ লাখ টকাৰ জীৱন বীমা আচঁনি

KJ Staff
KJ Staff
PMJJBY
PMJJBY

বৰ্তমান জীৱনৰ অনিশ্চয়তাৰ প্ৰতি লক্ষ্য ৰাখি বীমা থকাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে যাতে আপুনি যোৱাৰ পিছত পৰিয়ালটোৱে কোনো আৰ্থিক সমস্যাৰ সন্মুখীন নহয় কিন্তু অতি কম উপাৰ্জন থকা সকলে প্ৰায়ে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত কেনেদৰে সুৰক্ষিত কৰিব পাৰে তাক লৈ চিন্তিত হয়

যদি আপুনি এই বিষয়ে চিন্তিত আৰু বীমাৰ প্ৰিমিয়াম পৰিমাণ পৰিশোধ কৰিবলৈ অক্ষম হয়, আপুনি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বিমাৰ (PMJJBY) অধীনত বীমা সেৱা'ব পাৰে এই আঁচনিখনে অত্যন্ত কম প্ৰিমিয়াম পৰিশোধৰ ওপৰত বীমা সেৱা লাভ কৰিব পাৰে । আপুনি ৫৫ বছৰ বয়সলৈকে এই আচঁনিৰ সুবিধা লাভ কৰিব

PMJJBY
PMJJBY

কোনে লাভ কৰিব পাৰিব এই আচঁনিৰ সুবিধা ( Who will get Insurance Cover)

যিকোনো ভাৰতীয়ই প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বিমাৰ (PMJJBY) ৰ সেৱা লাভ কৰিব পাৰে । ইয়াৰ বাবে তেওঁৰ বয়স ১৮ ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত হব লাগিব আৰু বেংকত চেভিংচ একাউণ্ট থাকিব লাগিব । অন্যান্য বীমা সেৱাৰ দৰে এই বীমৰ সেৱা একেই হয় । এই বীমাৰ জৰিয়তে আপুনি ২ লাখ পৰ্যন্ত বীমা সেৱা লাভ কৰিব পাৰিব ।

প্ৰিমিয়াম (Premium)

এই চৰকাৰী  বীমা প্ৰকল্পৰ অধীনত আপুনি বাৰ্ষিক মাত্ৰ ৩৩০ টকাৰ প্ৰিমিয়াম দিব লাগিব । ইয়াৰ পিছত আপুনি ২ লাখ পৰ্যন্ত বীমা সেৱা লাভ কৰিব পাৰিব । আপুনি যদি প্ৰিমিয়াম পৰিশোধ মিচ কৰে তেতিয়া আপুনি বাৰ্ষিক প্লেনৰ সুবিধা লাভ নকৰিবও পাৰে ।ইয়াৰ বাবে আপুনি আপোনাৰ সু স্বাস্হ্যৰ প্ৰমান পত্ৰ দিব লাগিব ।

দাবী প্রক্রিয়া (Claim Process)

যদি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বিমাৰ (PMJJBY) ৰ সেৱা প্ৰাপ্ত কৰিব লগা হয়, ব্যক্তিজনৰ মৃত্যুৰ পিছত মনোনীত ব্যক্তিজনে দাবী প্ৰপত্ৰ পূৰণ কৰিব লাগিব। ইয়াক মৃত্যুৰ প্ৰমাণপত্ৰৰে ভৰ্তি কৰা হ'ব । প্ৰপত্ৰখন বেংকত দাখিল কৰিব লাগিব য'ত মৃতকৰ একাউণ্ট আছে । তেতিয়া মনোনীত ব্যক্তিয়ে 2 লাখ টকা লাভ কৰিব। মনত ৰাখিব যে এই আঁচনিৰ অধীনত, আপুনি কেৱল ৫৫ বছৰ বয়সলৈকে সুবিধা পাব

লগতে পঢ়কঃমহিলা স-শক্তিকৰণৰ বাবে চৰকাৰে লোৱা ৪ খন গুৰুত্বপূৰ্ণ আচঁনি

English Summary: PMJJBY scheme for low income holder

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.