Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 February, 2023 4:21 PM IST
PM PRANAM

আজি বাজেট উপস্থাপনৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ৰাজ্যসমূহক জৈৱিক সাৰ ব্যৱহাৰৰ প্ৰতি উৎসাহিত কৰিবলৈ প্ৰধানমন্ত্ৰী-প্ৰণাম কৃষি প্ৰবন্ধন যোজনা (PM-PRANAM) প্ৰৱৰ্তন কৰা হ’ব। এই পদক্ষেপে ৰাজ্যসমূহক ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ উৎসাহিত কৰাত সহায় কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে পিএম-প্ৰণাম আঁচনিৰ উদ্দেশ্য হৈছে কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰা। সীতাৰমণে লগতে কয় যে লাখ লাখ যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে ২০টা স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপন কৰা হ’ব আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০ৰো শুভাৰম্ভ কৰা হ’ব।

যুৱক-যুৱতীসকলক নিয়োগযোগ্য দক্ষতা প্ৰশিক্ষণ প্ৰদানৰ বাবে চৰকাৰে ২০২১ চনত তৃতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আৰম্ভ কৰিছিল। চৰকাৰে যুৱক-যুৱতীসকলক ৩০০টা দক্ষতা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছিল।
তেওঁ কয় যে ৰাজ্য চৰকাৰসমূহক ইউনিটি মল স্থাপনৰ বাবে উৎসাহিত কৰা হ’ব। এই মলসমূহত One District One Product (ODOP) আৰু Geographical Indication (GI) সামগ্ৰীৰ প্ৰচাৰ আৰু বিক্ৰী কৰা হ’ব। তেওঁ আৰু কয় যে চৰকাৰে দেশৰ পৰ্যটনৰ প্ৰসাৰৰ বাবে ৫০টা স্থান বাছনি কৰিব।

প্ৰদূষণ সৃষ্টি কৰা পুৰণি চৰকাৰী বাহনসমূহ বাতিল কৰাৰ বাবেও ধন মুকলি কৰি দিছে চৰকাৰে।

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব বাহনৰ জাংক পলিচি। একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ বাবে ৩৮,৮০০ শিক্ষক আৰু অন্যান্য কৰ্মী নিযুক্তি দিয়া হ’ব। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰৰ অন্তিমখন সম্পূৰ্ণ বাজেট ২.০ উপস্থাপন কৰি তেওঁ কয় যে শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰাল স্থাপন কৰা হ’ব। খৰাঙত ক্ষতিগ্ৰস্ত কৰ্ণাটকৰ মধ্য অঞ্চলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৩০০ কোটি টকা দিব বুলিও তেওঁ কয়।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ব্যয় ৬৬ শতাংশ বৃদ্ধি পাই ৭৯ হাজাৰ কোটি টকা হৈছে। ব্যক্তিগত বিনিয়োগক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে আন্তঃগাঁথনি খণ্ডৰ বাবে মূলধনী ব্যয় বৃদ্ধিৰ কথাও সীতাৰমণে ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিৰ্বাচনমুখী কৰ্ণাটকৰ উচ্চ ভদ্ৰ প্ৰকল্পৰ বাবে কেন্দ্ৰই ৫৩০০ কোটি টকাৰ সাহায্য আগবঢ়াব বুলি প্ৰস্তাৱ আগবঢ়ায়।

লগতে পঢ়কঃ PMGKAY: ২০২৪লৈ ভোকত থাকিব নালাগে দেশৰ কোনো দৰিদ্ৰ

English Summary: PM-PRANAM Scheme
Published on: 01 February 2023, 04:21 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now