1. Government Schemes

কৃষকৰ বাবে সুখবৰ, অহা সপ্তাহত লাভ কৰিব PM কিষাণ আচঁনিৰ ধন

KJ Staff
KJ Staff

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত ৰেজিষ্টাৰ কৰা কোটি কোটি কৃষকৰ বাবে ভাল খবৰ । অহা সপ্তাহত কৃষকসকলৰ বেংক একাউণ্টত জমা হ'ব PM কিষাণ আচঁনিৰ ধন । এই আচঁনিৰ অধীনত প্ৰতিজন যোগ্য কৃষকে লাভ কৰিব দশম কিস্তিৰ ২০০০ কৈ টকা ।

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দশম কিস্তিৰ বাবে ২২,০০০ কোটি টকা আৱণ্টন কৰিছে । কোটি কোটি কৃষকে পাবলগীয়া দশম কিস্তিৰ ধন কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰা হ'ব ।

PM Kisan
PM Kisan

উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনৰ ঠিক আগতে আচঁনিখনৰ আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে । এই আঁচনিৰ লক্ষ্য হৈছে দেশৰ কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰা । আগতে, কেৱল ক্ষুদ্ৰ কৃষকেহে এই আঁচনিৰ সুবিধা লাভ কৰিছিল, কিন্তু এতিয়া ডাঙৰ আৰু মজলীয়া কৃষকসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব । বৰ্তমান ১১ কোটিতকৈও অধিক কৃষকে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ সুবিধা লাভ কৰিছে ।

চৰকাৰে কৃষকৰ একাউণ্টত প্ৰতি বিত্তীয় বৰ্ষত ৬০০০ টকা পৰিশোধ কৰে । কৃষকৰ একাউণ্টত পোনপটীয়াকৈ ২০০০ টকাৰ তিনিটা সমান কিস্তিত ধন জমা কৰা হয় । চৰকাৰে চলিত বিত্তীয় বৰ্ষত আঁচনিখনৰ অধীনত ৪৩,০০০ কোটি টকা ব্যয় কৰিছে । চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ দুটা কিস্তি লাভ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে আচঁনিখনৰ বাবে প্ৰায় ১.৫৭ লাখ কোটি টকা আৱণ্টন কৰিছে। ইয়াৰ ভিতৰত প্ৰায় ১.৩৭ লাখ কোটি টকা ব্যয় কৰা হৈছে । এইবাৰ চৰকাৰে অতিৰিক্ত ৫০০ ৰ পৰা ১০০০ কোটি টকা পৰিশোধ কৰিব লগা হ'ব পাৰে । ইয়াৰ কাৰণ হৈছে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত পঞ্জীয়ন কৰা কৃষকৰ সংখ্যা বৃদ্ধি পাইছে ।

লগতে পঢ়কঃhttps://asomiya.krishijagran.com/news/potential-northeast-an-agri-export-business-meeting-between-the-north-eastern-region-of-india-and-bangladesh/

English Summary: pm kisan 10 th installment

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.