
ROOTex হৰম’ন হৈছে উদ্ভিদৰ শিপাৰ বৃদ্ধিৰ সহায়ক এক হৰমন। যিটো কৃষকসকলে শিপাৰ বৃদ্ধি ত্বৰান্বিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই কলম দিয়া গছত শিপা দ্ৰুতগতিত গজাবলৈ সহায় কৰে, ফলত কলন দিয়া দালটোত শিপা শক্তিশালী হয় আৰু দ্ৰুতগতিত বাঢ়ে।
কৃষকে কিয় ROOTex হৰম’ন ব্যৱহাৰ কৰে?
- শিপা দ্ৰুত গজায় – কলমি গছৰ শিপা অতি সোনকালে ওলোৱাত সহায় কৰে।
- সফলতাৰ হাৰ বেছি – কলম দি পুলি প্ৰস্তুত কৰাৰ সময়ত সময়ত কলম দিয়া ডালটো মৰি যোৱাৰ সম্ভাৱনা কমায় ROOTex হৰম’ন ব্যৱহাৰে।
- শক্তিশালী শিপা – শিপাবোৰ ঘন আৰু স্বাস্থ্যকৰ হোৱাত সহায় কৰে, যিয়ে গছক পুষ্টি শোষণত সহায় কৰে।
- কলমি আৰু ক্লোনিংত উপযোগী – ফুল, ফল-মূল আৰু শাক-পাচলিৰ বাবে বীজ নোহোৱাকৈ বংশবিস্তাৰ কৰাত সহায় কৰে।
- খৰচ-সাশ্ৰয়ী – বাণিজ্যিক খেতিত ফলন বৃদ্ধি কৰে আৰু ক্ষতি কমায়।
ROOTex-ত থকা সক্ৰিয় উপাদান
- IBA (ইণ্ডোল-৩-বিউটাৰিক এচিড) – সবাতোকৈ জনপ্ৰিয় কৃত্ৰিম ৰুটিং হৰম’ন।
- NAA (নেফথেলিন এচেটিক এচিড) – কঁঠাল গছৰ বাবে উপযোগী।
কৃষকে কেনেকৈ ব্যৱহাৰ কৰে?
- কলমি ডাল ৰুৱাৰ আগতে ROOTex পাউডাৰ মিশ্ৰিত পানীত ডুবাই ৰোপন কৰে।
ইয়াক আম, গোলাপ, টমেটো, নেমু আদিৰ কলন দি পুলি প্ৰস্তুত কৰিব পাৰি। ধেমাজি জিলাৰ এজন প্ৰগতিশীল কৃষক দেৱজিত চাংমায়ে এখিলা নেমুৰ পাতৰ সৈতে সংযোজিত হৈ অকণমান ডালৰ পৰাই ROOTex হৰম’নৰ সহায়ত পুলি প্ৰস্তুত কৰি আছে। আমাৰ কৃষকসকলে কলনেৰে ROOTex হৰম’ন ব্যৱহাৰ কৰি কম খৰেচেৰে কম দিনত কিছুমান উদ্যান শস্যৰ পুলি প্ৰস্তুত কৰি পাৰিব।
লগতে পঢ়ক-
Share your comments