কৃষি ক্ষেত্ৰলৈ অহা শেহতীয়া এটা পদ্ধতি হ’ল ড্ৰিপ ইৰিগেশ্যন (Drip Irrigation)। এই পদ্ধতিৰে কৃষকসকলে কম সময়ত, কম খৰচেৰে, পানী নষ্ট নোহোৱাকৈ কৃষি পথাৰত পানী দিয়া এটা পদ্ধতি। এই পদ্ধতিত উদ্ভিদজোপাক প্ৰয়োজনীয় পানী পোনে পোনে উপযুক্ত স্থানত দিব পাৰি। এই পদ্ধতিত পাইপেৰে পানী উদ্ভিদজোপাক দিয়া হয়। ফটোত আপোনালোকে দেখিবলৈ পাইছে। এই পদ্ধতিৰে কৃষিভূমিত বা শস্যত পানী যোগান ধৰা কাৰবাৰটোৱে সম্প্ৰতি সমগ্ৰ বিশ্বতে কৃষকৰ মাজত জনপ্ৰিয় হৈ উঠিছে। শেহতীয়াকৈ দেশৰ লগতে আমাৰ অসমতো ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে চৰকাৰীভাৱে ব্যৱস্থা কৰা হৈছে।
এই পদ্ধতিৰে কৃষিভূমিৰ উদ্ভিদত পানী দিয়াৰ সুবিধাসমূহ এনেধৰণৰ-
পানী ৰাহি : এই পদ্ধতিত পানী দিওঁতে পানী বৰ বেছি প্ৰয়োজন নহয়। বিশেষকৈ পানী নষ্ট নহয়। কাৰণ পাইপেৰে গৈ পানী উদ্ভিদ জোপাৰ প্ৰয়োজনী অংশত পোনপনীটায়াকৈ পৰেগৈ। যদি আমি অন্যধৰণে পানী দিব লগা হ’লে উদ্ভিদজোপাৰ লগতে পোৰা কৃষিভূমিতে দিব লগা হয়। এনেদৰে কৰোতে যথেষ্ট পানী অপচয় হয়।
অপতৃণ নিয়ন্ত্ৰণ : ড্ৰিপ ইৰিগেশ্যনৰ জড়িয়তে পানী যোগান ধৰিলে আকৌ অপতৃণ কেনেকৈ নিয়ন্ত্ৰণ হয় বুলি বহুতৰে প্ৰশ্ন হ’ব! কিন্তু আমি কওঁ শুনক- উদ্ভিদ বা অপতৃণ বৃদ্ধি হবলৈ পানীৰ প্ৰয়োজন হয়। পানী নাপালে অপতৃণও বৃদ্ধি নহয়। গতিকে ড্ৰিপ ইৰিগেশ্যনৰ জড়িয়তে পানী দিলে উদ্ভিদৰ গুৰি অংশত গৈ পানীত পৰে। বাকী খালি ঠাইত নপৰে। খালি ঠাইসমূহত পানী নপৰাৰ ফলত সেই ঠাইসমূহত অপতৃণ নগজে। গজিলেও বৃদ্ধি হ’ব নোৱাৰে। গতিকে পৰোক্ষভাৱে ড্ৰিপ ইৰিগেশ্যনে অপতৃণ নিয়ন্ত্ৰণতো সহায় কৰে।
লগতে পঢ়ক-
প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত কৃষকক দি আছে ছ’লাৰ, আজিয়েই যোগাযোগ কৰক
বেমাৰ হ্ৰাস : এই পদ্ধতিৰে উদ্ভিদজোপাত পানী দিলে গছৰ গুৰিত পৰে। পাতত নপৰে। পাতত শুকান হৈ থাকে। পাত শুকান হৈ থাকিলে পাতত ভাইৰাছ, বেক্টেৰিয়া আদিয়ে খোপন পুতিব নোৱাৰে। এইবোৰৰ ওপৰি অনেক সুবিধা আছে। বিশেষকৈ পানী দিওতে সময় কম লাগিব। শ্ৰমৰ প্ৰয়োজন নহয়। পানী লোকচান নহয়। ১০ মিনিটত আপুনি ১-২ একৰ বা তাতোধিক কৃষি ভূমিত সূচাৰুপে পানী যোগান ধৰিব পাৰিব। তদুপৰি শস্যৰ গুৰিত কোনো ঔষধ, কীটনাশক, বা সাৰ দিয়াৰ প্ৰয়োজন হ’লেও পানীত এইবোৰ মিশ্ৰণ ঘটাই ড্ৰিপ ইৰিগেশ্যনৰ জৰিয়তে শস্যক প্ৰদান কৰিব পাৰে।
ড্ৰিপ ইৰিগেশ্যন পদ্ধতি : ড্ৰিপ ইৰিগেশ্যনত পানী শস্যৰ গুৰিত পেলাবলৈ পানীৰ পাইপ ব্যৱহাৰ কৰা হয়। পাইপবোৰ কৃষিভূমিৰ শস্যৰ শাৰীবোৰৰ ওপৰত সংযোগ কৰা হয়। এই পাইবোৰত শস্যৰ দূৰত্ব অনুসৰি একোটাকৈ টেপ বা ফুটা কৰা থাকে। ফুটাটোৰে বা টেপটোৰে মটৰ চলোৱাৰ লগে লগে শস্যৰ প্ৰয়োজনীয় অংশত পানী আহি পৰেহি।
লগতে পঢ়ক-
Share your comments