বৰ্তমান অসমৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে নিজৰ কৃষিকৰ্ম কৰিবলৈ গৰুৰে বোৱা হালক প্ৰায়েই এলাগী কৰা দেখা যায় । কৃষি অভিযান্ত্ৰিকীকৰণৰ দ্ৰুত উন্নয়ন আৰু প্ৰসাৰৰ ফলতে কৃষকসকলে কম সময়ত নিজৰ মাটিখিনি হাল বাবলৈ মন মেলে । সেয়েহে বেছিভাগ সামৰ্থৱান কৃষকে নিজৰ পইচাৰে হওক বা চৰকাৰী সাহায্যৰ যোগেদি এখন পাৱাৰটিলাৰ গোটোৱাত অধিক মনোনিৱেশ কৰিছে । যিহেতু অসমৰ সকলো কৃষকেই ধান খেতিৰ লগত জড়িত, গতিক্ব পাৱাৰটিলাৰ এখন কৃষকৰ বাবে অপৰিহাৰ্য হৈ পৰিছে । এতিয়া ধান খেতিৰ সময় সমাগত । গতিকে কৃষককলে নিজৰ পাৱাৰটিলাৰখন ঠিক- ঠাক কৰি সাজু কৰিবলৈ হ’ল । এই লেখাৰ জৰিয়তে পাৱাৰটিলাৰ এখনৰ যান্ত্ৰিক দিশবোৰৰ কিছু খুঁতি-নাটি আগবঢ়োৱা হ’ল ।
যিকোনো যান্ত্ৰিক সঁজুলিৰ কাৰ্যদক্ষতা নিৰ্ভৰ কৰে তাৰ নিয়মিত যতনৰ ওপৰত, গতিকে পাৱাৰটিলাৰ এখন সঠিক আৰু দক্ষতাৰে পৰিচালনা কৰিবলৈ হ’লে প্ৰথমে মনলৈ আহে ইঞ্জিনটোৰ কথা । পাৱাৰটিলাখন ব্যৱহাৰ নকৰা সময়ত ইঞ্জিনটো মাটিৰ সমান্তৰালকৈ ৰাখিব লাগে, তাৰ বাবে পিছফালৰ চকাটো বা আগফালৰ ষ্টেণ্ডডালৰ সহায় ল’ব লাগে । প্ৰতিদিনে ব্যৱহাৰৰ আগতে ইঞ্জিনৰ ম’বিল পৰীক্ষা কৰিব লাগে আৰু প্ৰয়োজনসাপেক্ষে ভৰাইলৈহে ইঞ্জিন ষ্টাৰ্ট কৰিব লাগে । প্ৰতি ১০০-১৫০ ঘণ্টা চলোৱাৰ পাছত ইঞ্জিনৰ ম’বিল সলনি কৰি ফিল্টাৰ পৰিষ্কাৰ কৰিব লাগে আৰু প্ৰয়োজনসাপেক্ষে সলাই দিব লাগে । একেদৰে গিয়েৰ বক্সৰ তেলৰ পৰীক্ষাও প্ৰতিদিনে কৰাটো প্ৰয়োজনীয় । প্ৰতি ৪৫০-৫০০ ঘণ্টা চলোৱাৰ পাছত এই তেল সলাব লাগে । ইঞ্জিন ঠাণ্ডা কৰি ৰখা বা কুলিং ছিষ্টেমৰ পানীও প্ৰতিদিনে পৰীক্ষা কৰিব লাগে । এইটো পানীৰে পূৰ্ণ কৰি সাঁফৰখন টানকৈ মাৰিব লাগে । আনহাতে বায়ু শোধক বা এয়াৰ ক্লিনাৰো পৰীক্ষা কৰি তাত থকা তেল প্ৰয়োজনসাপেক্ষে ভৰাব লাগে অথবা সলাব লাগে । কুলিং ছিষ্টেম বা ৰেডিয়েটৰ পানী প্ৰদিত ২৫০ ঘণ্টা চলোৱাৰ পাছত বদলাই পৰিষ্কাৰ পানীৰে পূৰ্ণ কৰিব লাগে ।
কাম আৰম্ভ কৰাৰ আগতে পাৱাৰটিলাখনৰ ইন্ধন অৰ্থাৎ ডিজেল পৰীক্ষা কৰি ভৰাই ল’ব লাগে । প্ৰতি ৪০০-৫০০ ঘণ্টাৰ মূৰে মূৰে ডিজেল ফিল্টাৰটো সলাব লাগে আৰু প্ৰতি ৩০০ ঘণ্টা কাম কৰাৰ পাছত ডিজেলৰ টেংকি পৰিষ্কাৰ কৰিব লাগে । উক্ত অংশবোৰৰ লগতে ইঞ্জিনৰ লগত সংলগ্ন ফেনৰ বেল্ট, পুলিৰ লগত সংলগ্ন বেল্ট আদি পৰীক্ষা কৰি প্ৰয়োজন মতে টান কৰি ল’ব কাগে । ৰোটাভেটৰ বা হালবোৱা ফালবোৰ ভালদৰে পৰীক্ষা কৰি বল্টুবোৰ টানি ল’ব লাগে । এই সকলোবোৰ ঠিক-ঠাক কৰি লৈ প্ৰতিদিনে ইঞ্জিন ষ্টাৰ্ট দিয়াৰ আগতে নিয়ন্ত্ৰক লিভাৰবোৰ, বিয়েৰিং, পুলি, পাছফালৰ চকা আদিও গ্ৰীজেৰে পিচল কৰিব লাগে ।
পাৱাৰটিলাৰ এখনৰ নিয়মিত পৰিচৰ্যাৰ লগতে পথাৰত কৃষিকাৰ্যত লগোৱা সময়ত কিছুমান সাৱধানতা লোৱাটো অতি দৰকাৰী ।
*ষ্টাৰ্ট কৰা সময়ত হেণ্ডেলডাল ওলাই নহালৈকে হাতৰ মুঠি এৰি ব নালগে ।
*কেতিয়াবা চলি থকা অৱস্থাত ইঞ্জিনৰ বেগ বাঢ়ি গ’লে লগে লগে তেলৰ সোঁত বন্ধ কৰি দিব লাগে ।
*ইঞ্জিন গৰম থকা অৱস্থাত ৰেডিয়েটৰৰ সাঁফৰ খুলিব নালাগে ।
*ইঞ্জিন চলি থাকোঁতে কেতিয়াও বেল্ট পৰীক্ষা কৰিব নালাগে ।
*পাৱাৰটিলাৰেৰে কাম কৰা সময়ত ঢিলা পোছাক পিন্ধিব নালগে ।
*পাৱাৰটিলাৰখন চলি থক অৱস্থাত ওচৰলৈ আন মানুহ বা শিশুক যাব দিব নালাগে ।
*পথাৰৰ আলি পাৰ কৰোঁতে ৰোটাভেটৰৰ ব্লেডবোৰৰ ঘূৰ্ণন বন্ধ কৰি ল’ব লাগে, তেনে ক্ষেত্ৰত ৰিভাৰ্চ গিয়েৰেৰে ওলোটাকৈ পাৱাৰটিলাখনৰ পাৰ কৰিব লাগে ।
*চলি থকা অৱস্থাত নাঙল বা ফালবোৰত লাগি ধৰা জাবৰ-জোঁথৰ এৰুৱাবলৈ চেষ্টা কৰা অনুচিত ।
* হালবোৱাৰ বাহিৰে আন কাম কৰিলে পাৱাৰটিলাৰখন বন্ধ কোঠাত ৰাখি চলাব নালাগে ।
*ট্ৰেইলাৰ সংযোগ কৰা অৱস্থাত এঢলীয়া মাটিত পাৱাৰটিলাৰ নমাব নালাগে ।
লেখক :- ড° সঞ্জয় শৰ্মা
উৎস :- অসমীয়া খবৰ
Share your comments