1. কৃষি সঁজুলি

হাৰ্ভেষ্টিং মেচিন

KJ Staff
KJ Staff
Harvesting Machine
Harvesting Machine

কৃষিপ্ৰধান ৰাজ্য আমাৰ অসমত খাদ্যশস্যৰ ভিতৰত ধান আৰু ঘেঁহু অন্যতম। ৰাজ্যখনৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যাৰ খাদ্য চাহিদা পূৰণ কৰাৰ বাবে এপিনে যেনেদৰে উৎপাদন বৃদ্ধি কৰা দৰকাৰ, তেনেদৰে প্ৰয়োজন উৎপাদন খৰচ কমোৱাৰ। ধান আৰু ঘেঁহু কটাৰ সময়, খৰচ আৰু শ্ৰম বচাই উৎপাদন খৰচ কমাবলৈ ধান আৰু গম কটাৰ যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি।

ব্যৱহাৰৰ নিয়মাৱলী -

ইঞ্জিন চালু কৰাৰ পূৰ্বে ফুৱেল টেংক ডিজেলৰ দ্বাৰা পূৰ্ণ কৰিব লাগে। ইঞ্জিনত সঠিক গ্ৰেডৰ আৰু প্ৰয়োজনীয় পৰিমাণৰ লুব্ৰিকেন্ট ব্যৱহাৰ কৰিব লাগে। বোল্ট আৰু চেইনৰ টেনছন সঠিক ৰাখিব লাগিব। নাট, বোল্ট, ফিটিংছ চেক কৰিব লাগে। তাৰ পিছত ইঞ্জিন টেনছন পুলিৰ সহায়ত ট্ৰান্সমিছন ছিষ্টেমৰপৰা বিচ্ছিন্ন কৰি ইঞ্জিন আৰম্ভ কৰিব লাগে। ইঞ্জিন চলাৰ পিছত কাটাৰ ব্লেড চেইন লাগ, ষ্টাৰ হুইল আদিয়ে সঠিকভাৱে কাম কৰিছে নে লক্ষ্য ৰাখিব লাগিব। ধান বা গম কটা কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে চাবলগীয়া কথাটো হ’ল- যদি মাটি ৬ ইঞ্চিৰ বেছি ওখ হয়, তেন্তে মাটিৰ চাৰিওদিশৰ ফচল এক ফুট দীঘল কাঁচিৰ সহায়ত পূৰ্বেই কাটিব লাগিব। ইয়াৰ ফলত শস্য সঠিকভাৱে সোঁপিনে পৰিব।

সংৰক্ষণ পদ্ধতি -

ব্যৱহাৰৰ পিছত যন্ত্ৰটোৰপৰা ঘাঁহ, মাটি, জাবৰ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব লাগে। ফুৱেল টেংকৰপৰা সম্পূৰ্ণ ফুৱেল বাহিৰ কৰি পৰিষ্কাৰ কৰা উচিত। কোনো অংশ হ’লে ঠিক কৰিব লাগে। যন্ত্ৰটোৰ ঘূৰ্ণীয়মান অংশবোৰ আৰু চেইন মাজে-সময়ে মবিলেৰে ধুব লাগে। বতৰ শেষ হ’লে ভালভাৱে পৰিষ্কাৰ কৰি শুকান আৰু ওপৰত শ্বেডযুক্ত স্থানত ৰাখিব লাগে। কাটিং ব্লেড আৰু চেইনত লুব্লিকেটিং অইল বা গ্ৰীজ দি ৰাখিব লাগে।

যন্ত্ৰৰ সুবিধা -

যন্ত্ৰটোৱে ঘন্টাত ৬০ৰ পৰা ৮৫ শতাংশ খেতিৰ ফচল কাটিব পাৰে। এঘন্টাত মাত্ৰ আধা লিটাৰ ডিজেল খৰচ হয়। যন্ত্ৰটো চলাবলৈ মাত্ৰ এজন লোকৰ প্ৰয়োজন। যন্ত্ৰটোৰ ওজন কম। সেয়ে প্ৰয়োজনত ৰছী, বাঁহৰ সাহায্যত খেতি এডৰাৰপৰা আন এডৰালৈ নিব পাৰি আৰু পৰিবহনৰ সময়ত মাটিৰ কোনো ক্ষতি নহয়। ইয়াৰ চকা বিশেষভাৱে তৈয়াৰী বাবে কম পৰিমাণে বোকা আৰু পানী থাকিলেও মাটিত ব্যৱহাৰ কৰিব পাৰি। যন্ত্ৰটোৰ পাৰ্টছ সহজ লভ্য আৰু সহজেই স্থানীয় ৱৰ্কশ্বপত মেৰামতি কৰিব পাৰি। এই যন্ত্ৰ সম্পৰ্কে আৰু বিস্তাৰিতভাৱে জানিবলৈ নিৰ্মাতা সংস্থাবোৰৰ ৱেবছাইটৰ সহায় ল’ব পাৰে।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

English Summary: harvesting machine

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.