1. কৃষি সঁজুলি

দুখীয়া কৃষকৰ সংগী কে বি পাম্প

KJ Staff
KJ Staff

আধুনিক কৃষিৰ অন্যতম দিশ হ’ল জলসিঞ্চন। অধিক শস্য উত্পাদন তথা আগতীয়াকৈ খেতি কৰিবলৈ হ’লে পথাৰত জলসিঞ্চনৰ ব্যৱস্থা থকাটো অত্যন্ত প্ৰয়োজন। সম্প্ৰতি আমাৰ ভালেসংখ্যক কৃষকে ছেলো টিউবৱেল বহুৱাই জলসিঞ্চনৰ ব্যৱস্থা কৰি লৈছে। চৰকাৰেও এইক্ষেত্ৰত যথেষ্ট সুবিধা আগবঢ়াইছে। অৱশ্যে সকলো কৃষকৰ বাবেই ছেলো টিউবৱেলৰ ব্যৱস্থা কৰাটো সহজসাধ্য হৈ উঠা নাই। আমাৰ আৰ্থিকভাৱে দুৰ্বল তথা দুখীয়া কৃষকসকলে অতি কম খৰচতে কৰিব পৰা জলসিঞ্চনৰ এটা ব্যৱস্থা হ’ল- কে বি পাম্প।

 

এই পাম্প বহুৱাই-

  • ডিজেল বা বিদ্যুত্ নোহোৱাকৈয়ে এই পাম্প চলে।
  • এজন মানুহে ভৰিৰে চলাব পৰা এই পাম্পৰ জৰিয়তে মিনিটত ৭০-৯০ লিটাৰ পানী উত্তোলন কৰিব পাৰি। পুৰুষ তথা মহিলা উভয়ে এই পাম্প চলাব পাৰে।
  • এই পাম্প বহুওৱাৰ খৰচ এবছৰৰ ভিতৰতে ঘূৰি আহে।
  • ২০ ফুট তলৰ পৰা পানী উলিয়াব পাৰি।
  • এই পাম্প বহুওৱাটো তেনেই সহজ আৰু ব্যৱহাৰৰ ক্ষেত্ৰতো কোনো জটিলতা নাই।
  • ভালকৈ ৰাখিলে দীৰ্ঘদিনলৈ চলে এই কে বি পাম্প।
English Summary: KB Pump

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.