
কৃষি পথাৰত পানী যোগান ধৰা এটা শেহতীয়া তথা আধুনিক পদ্ধতি হ’ল- ড্ৰীপ ইৰিগ্যেশ্বন। এই পদ্ধতিৰ সহায়ত এজন কৃষকে কম সময়ত, কম খৰচত আৰু কম কষ্টৰে কৃষি পথাৰত পানী যোগা ধৰিব পাৰে। এই পদ্ধতিত শস্যৰ গুৰিত নিয়ন্ত্ৰিতভাৱে পানী যোগান ধৰিব পৰা হয়। আৰু পানীৰ অপচয় কম হয়। ধেমাজি জিলাৰ টকোবাৰী অঞ্চলৰ এজন যুৱ কৃষক লাচিত গগৈয়ে বিগত দুটা বছৰ ধৰি কৃষি পথাৰত ড্ৰীপ ইৰিগ্যেশ্বনেৰে পানী যোগান ধৰি আহিছে। প্ৰথম অৱস্থাত তেওঁ দুবিঘা মাটিত ভোট জলকীয়া খেতি কৰিছিল। সেই ভোট জলকীয়া খেতিত পানী যোগান ধৰোঁতে কৃষক লাচিত গগৈৰ যথেষ্ট সময় লৈছিল, দুই তিনিজন মানুহক তেওঁ দুবিঘা মাটিৰ কৃষি পথাৰত পানী যোগানৰ বাবে নিয়োগ কৰিব লগা হৈছিল।
সেই সময়তে ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী তথা মুৰব্বী গুঞ্জন গগৈয়ে তেওঁক ড্ৰীপ ইৰিগ্যেশ্বন পদ্ধতিটোৰ বিষয়ে কয়। পৰৱৰ্তী সময়তে জিলা কৃষি কাৰ্যালয়ৰ লগত যোগাযোগ কৰি ৮৫ শতাংশ ৰাজসাহাৰ্যত যুৱ কৃষকগৰাকীয়ে ড্ৰীপ ইৰিগ্যেশ্বন নিজৰ কৃষি পথাৰত সংযোজন কৰে। বৰ্তমান তেওঁ প্ৰায় ৮ বিঘা মাটিত ভোটজলকীয়া খেতি কৰিছে। এই ৮ বিঘা মাটিৰ শস্যত পানী দিব সময়ৰ প্ৰয়োজন হয় মাত্ৰ এঘন্টাৰ। আৰু খৰচ প্ৰায় ১৫০ টকাৰ পৰা ২০০ ভিতৰত। লাচিত গগৈৰ সৈতে হোৱা কথা-বতৰাত আমাক জনাইছিল- পূৰ্বতে দুবিঘা মাটিত অকলে পানী দিবলৈ ৩-৪ দিনৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া মই ৮ বিঘা মাটিত এঘন্টা পানী দিব পাৰো। আমাৰ কৃষকসকলেও ড্ৰীপ ইৰিগ্যেশ্বনেৰে পানী যোগান ধৰিব পাৰিলে সময়, খৰচ আৰু কষ্ট আটাইকেইটা বাচিব। কৃষকগৰাকীক সোধা আন এক প্ৰশ্নৰ উত্তৰত লাচিত গগৈয়ে কয়- ৮ বিঘা মাটিত ড্ৰীপ ইৰিগ্যেশ্বন লগাওঁতে মোৰ ২৬ হাজাৰ টকাতেই হৈ গৈছে। এইটো এবাৰ লগালে ৫-৬ বছৰলৈ থিক হৈ থাকে। প্ৰথমবাৰ কোম্পানী মানুহে আহি লগাই দিব। পৰৱৰ্তী সময়ত খেতিৰ মাটিৰ জেগাৰ সলনি হ’লে নিজেই লগাই ল’ব লাগিব। যুৱ কৃষক লাচিত গগৈয়ে কয়- ৰাজসাহাৰ্যত ড্ৰীপ ইৰিগ্যেশ্বন পাবলৈ নিজৰ জিলাৰ কৃষি কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব লাগিব।
ড্ৰীপ ইৰিগ্যেশ্বন সন্দৰ্ভত আমি ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী গুঞ্জন গগৈৰ লগতো এই সন্দৰ্ভত কিছু কথা পাতিছিলো। কথা-বতৰাত তেওঁ কয় যে কৃষি পথাৰত পানী যোগান ধৰাৰ আধুনিক কৌশল। আমিও আমাৰ প্ৰদৰ্শনীমূলক কৃষিফাৰ্মত ব্যৱহাৰ কৰিছো। আমাৰ জিলাৰ বহুকেইজন কৃষককেও ড্ৰীপ ইৰিগ্যেশ্বনেৰে কৃষি পথাৰত পানী যোগান ধৰি আহিছে। তেওঁলোক উপকৃত হৈছে। আমাৰ জিলাৰ আন কৃষকসকলকো কৈ আছো। আমাৰ ধেমাজি জিলাখন খৰালী কালত শুকান হৈ পৰে। যাৰবাবে বহু কৃষকে পানীৰ অভাৱৰ বাবে ভাল নহয়। কিন্তু ড্ৰীপ ইৰিগ্যেশ্বন খেতি পথাৰত সংযোজন কৰিলে উপকৃত হ’ব। এটা ভাল কথা যে ড্ৰীপ ইৰিগ্যেশ্বন কৃষকসকলক চৰকাৰে ৮৫ শতাংশ ৰাজসাহাৰ্যত দি আছে। এই সুবিধা পাবলৈ কৃষকসকলে জিলা কৃষি কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব।
লগতে পঢ়ক-
Share your comments