ভাৰতৰ জিডিপিৰ এক মুখ্য অংশ কৃষি আৰু আনুষঙ্গিক কাৰ্যকলাপৰ পৰা আহে । সেয়েহে, কৃষিক্ষেত্ৰত যথেষ্ট কেৰিয়াৰৰ সুযোগ আছে । কেবল মাত্ৰ স্নাতক (B Sc. Agriculture) হোৱাৰ পিছতেই কেৰিয়াৰৰ বাবে যথেষ্ট সুবিধা পোৱা যায় ।
শিক্ষাৰ্থীসকলে প্ৰায়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সঠিক মহাবিদ্যালয় বাছনি কৰাৰ দ্বিধাৰ সন্মুখীন হয় । কৃষি শিক্ষা দিৱস উপলক্ষে আইচিএআৰৰ শিক্ষা বিভাগে কৃষি মহাবিদ্যালয়ৰ ৰেংকিং মুকলি কৰিছে । ভাৰতত বিভিন্ন কৃষি পাঠ্যক্ৰম আগবঢ়োৱা বহুতো বেলেগ বেলেগ মহাবিদ্যালয় আছে ।
ICAR স্থানপ্ৰাপ্ত শীৰ্ষ মহাবিদ্যালয়সমূহত কেনেদৰে নামভৰ্তি কৰিব পাৰি:
সকলো ICAR মহাবিদ্যালয়ে সংশ্লিষ্ট পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে AIEEA (UG/PG/PhD) নম্বৰ গ্ৰহণ কৰে । এইটো কৃষি আৰু সহযোগী বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী কাৰ্যসূচীৰ বাবে এক সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা । সকলো ৰাজ্য আৰু পৰীক্ষা পৰিষদৰ প্ৰাৰ্থীসকলে সমগ্ৰ ভাৰতত অৱস্থিত কৃষি বিশ্ববিদ্যালয়সমূহত UG/PG পাঠ্যক্ৰমত উচ্চ অধ্যয়নৰ বাবে ICAR মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে AIEEA ত অৱতীৰ্ণ হ’ব পাৰে । অৱশ্যে, পশু চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে সুকীয়াকৈ পৰীক্ষা অনুষ্টিত কৰা হয় ।
কৃষি মহাবিদ্যালয়সমূহৰ ICAR ৰেংকিং- 2020
- আইচিএআৰ- ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান – কৰ্ণাল
- আইচিএআৰ – ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, নতুন দিল্লী
- . আই.চি.এ.আৰ. – ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান, ইজাতনগৰ
- . জি.বি. পন্ত কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, পন্তনগৰ
- পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়, লুধিয়ানা
- কৃষি বিজ্ঞান বিশ্ববিদ্যালয়, বাংগালোৰ
- আইচিএআৰ- কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠান, মুম্বাই
- তামিলনাডু কৃষি বিশ্ববিদ্যালয়, কইম্বাটুৰ
- চৌধুৰী চৰণ সিং, হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়
- শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, কাশ্মীৰ
- আচাৰ্য এনজি ৰাংগা কৃষি বিশ্ববিদ্যালয়, গুন্টুৰ
- তামিলনাডু পশু চিকিৎসা আৰু পশু বিজ্ঞান বিশ্ববিদ্যালয়, চেন্নাই
- কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, ইম্ফল
- চি. চাৰৱান কুমাৰ কৃষি বিশ্ববিদ্যালয়, পালমপুৰ
- মহাৰাণা প্ৰতাপ কৃষি আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, উদয়পুৰ
- ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়, ৰায়পুৰ
- কৃষি বিজ্ঞান বিশ্ববিদ্যালয়, ধাৰৱাড
- গুৰুঅঙ্গদ দেৱ পশু চিকিৎসা পশু বিজ্ঞান বিশ্ববিদ্যালয়, লুধিয়ানা
- উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, ভুৱনেশ্বৰ
- আনন্দ কৃষি বিশ্ববিদ্যালয়, আনন্দ
লগতে পঢ়কঃhttps://asomiya.krishijagran.com/news/clean-and-fresh-delhi-ina-market/
Share your comments