বিভিন্ন ধৰণৰ লাইট, ফেন, টেলিভিছন, পানীৰ পাম্প আদিকে ধৰি বিদ্যুৎ শক্তি ব্যৱহৃত হোৱা বিভিন্ন সামগ্ৰী আমি দৈনন্দিন ব্যৱহৃত কৰি আহিছোঁ কিন্তু কেনেধৰণৰ আৰু কোনবিধ এনে সামগ্ৰীয়ে কিমান পৰিমাণৰ শক্তি ব্যৱহাৰ কৰে সেই সম্পৰ্কে প্ৰতিজন নাগৰিকে জানি থোৱা উচিত।
আজিকালি বিভিন্ন কোম্পানীৰ এনে সামগ্ৰীৰ বাহিৰত একুৰেট পাৱাৰ কঞ্জামছন বুলি লিখা থকা দেখা যায়। কিন্তু সকলোবোৰ সামগ্ৰীয়ে উল্লেখিত পৰিমাণৰ বিদ্যুৎ শক্তি ব্যৱহাৰ নহয়। বজাৰত উপলব্ধ বেছিভাগ সামগ্ৰীয়ে উক্ত আহিলাত উল্লেখিত বিদ্যুতৰ পৰিমাণতকৈ অধিক পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে কোনো এটা আহিলাত যদি ২০ ৱাট শক্তি খৰছ হয়। তেনে সামগ্ৰীৰ পেকেটত ৫ ৱাট বুলি লিখা থাকিব পাৰে। এনে ক্ষেত্ৰত গ্ৰাহকে অজানিতে অধিক পৰিমাণৰ বৈদ্যুতিক বিল বহন কৰিবলৈ বাধ্য হয়। গতিকে এই ক্ষেত্ৰত সঠিক আৰু উপযুক্ত কম্পেনীৰ আহিলাহে ব্যৱহাৰ কৰিব লাগে।
ভাল আৰু বেয়া কেনেকৈ চিনাক্ত কৰিব?
যিবোৰ আহিলাৰ ক্ষেত্ৰত বাকচ বা পেকেটৰ ওপৰত চৰকাৰৰ অনুমোদিত কম্পেনীৰ নাম থাকে আৰু সঠিক ঠিকনা থাকে সেই সামগ্ৰীসমূহহে ক্ৰয় কৰা উচিত। সাধাৰণতে সৌৰ শক্তিৰ দ্বাৰা চালিত লাইটসমূহ তিনি বা পাঁচ ৱাটৰ হয় আৰু কিছুমান কোম্পানীয়ে ৭ ৱাটৰ লাইটো প্ৰস্তুত কৰে। ইয়াতকৈ অধিক ৱাটৰ সৌৰ শক্তি চালিত লাইট সাধাৰণতে অনুমোদিত কোম্পানীসমূহে উৎপাদন নকৰে। গতিকে এনে লাইটসমূহ কিনোতে সাৱধান হোৱা উচিত।
ফেনৰ ক্ষেত্ৰত সাধাৰণতে ১২ ইঞ্চি ১৪ ইঞ্চি আৰু ১৬ ইঞ্চিৰ ফেনসমূহহে বেছিকৈ ব্যৱহাৰ হয়। অনুমোদিত আৰু বিশ্বাসযোগ্য কোম্পানীসমূহৰ ফেনবোৰত সাধাৰণতে এবছৰ বা ডেৰ বছৰৰ ৱাৰেন্টি থাকে। ১২ ইঞ্চি ফেনত ৯ ৱাট, ১৪ ইঞ্চি ফেনত ১২ ৱাট আৰু ১৬ ইঞ্চি ফেনত ১৪ ৱাট বিদ্যুৎ খৰছ হয়। গতিকে সৌৰ শক্তি চালিত এনে ফেনসমূহ কিনাৰ আগতে এইখিনি কথা লক্ষ্য কৰা উচিত।
টেলিভিছনৰ ক্ষেত্ৰত যিসকলৰ এচি/ডিচি টেলিভিছন আছে তেওঁলোকে ইনভাৰ্টাৰৰ অবিহনেও এই সামগ্ৰী চলাব পাৰে। কিন্তু যিসকলৰ এই সামগ্ৰী কেৱল এচি ত চলে তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ দৰকাৰ হ’ব। সাধাৰণতে 3g চোলাৰ চাৰ্জ কন্ট্ৰলাৰ বজাৰত পোৱা যায়। ইয়াৰ জৰিয়তে ১২০ ভল্টৰ আৰু ১০০ ৱাটৰ বিদ্যুৎ পাব পাৰি। ইয়াৰ যোগেৰে এটা টেলিভিছন অথবা এটা লেপটপ চলাব পৰা যায়। এইখিনিতে মনত ৰখা দৰকাৰ যে দুয়োটা আহিলাৰ এটাহে এবাৰত ব্যৱহাৰ কৰিব পাৰিব। একেলগে একাধিক আহিলা সংযোগ কৰিব নোৱাৰিব। একাধিক আহিলা সংযোগ কৰিলে আপোনাৰ উপৰুক্ত চাৰ্চ কন্ট্ৰলাৰ আৰু সামগ্ৰীবিধ নষ্ট হ’ব পাৰে। আৰু যদি সম্ভৱ হয় তেন্তে টেলিভিছনৰ ক্ষেত্ৰত চোলাৰ কম্পিটেবল টিভি (এচি ২২০ ভল্ট/ডিচি ১২ ভল্ট) কিনি ল’ব পাৰে। ১৫.৬ ইঞ্চিৰ এনে টিভিৰ বিদ্যুতৰ খৰছ মাত্ৰ ৮-১০ ৱাট।
উৎস: ইন্টাৰনেট।
                    
                    
                    
                    
                                        
                                            
                                            
                        
                        
                        
                        
Share your comments