1. শিক্ষা

ই কৃষি-ই লাৰ্নিং

KJ Staff
KJ Staff

      বর্তমান বিশ্ব প্ৰযুক্তি আৰু তথ্য বিস্ফোৰনৰ যুগ,বিশ্বৰ সকলো প্রান্ততে তথ্য সুলভ্য হৈছে,তথ্য সংগ্ৰহ কৰি নিজস্বভাবে উচ্চ শিক্ষা, চাকৰি,ব্যৱসায়, জীবিকা উপাৰ্জন আদি দিশত আগুৱাই যাবলৈ সুবিধা লাভ কৰিব পাৰিছে।নতুন প্ৰজন্মই নিত্য নতুন দিশ উন্মোচন কৰিবলৈ সুবিধা লাভ কৰিবলৈ সক্ষম হব আৰু অভিভাবক সকলেও সকাহ অনুভব কৰিবলৈ আগ্ৰহী হব পাৰিছে কিয়নো তেওঁলোকে শিক্ষাৰ্থীসকলক ভবিষ্যতে ইঞ্জিনিয়াৰ বা ডাক্তৰ হোৱাৰ ওপৰিও ন ন কৌশলী দক্ষতাৰে নিপুন হোৱাৰ বাবে বিজ্ঞান,তথ্য প্ৰযুক্তি বিদ্যাৰে দক্ষ কৰাই ভবিষ্যতে জীবিকাৰ বাবে জীৱনযোৰা শিক্ষা (LIFE LONG EDUCATION) দিব পাৰিব।মাথো সেয়ে নহয় খেতিবাতিৰ সৈতে জড়িত সকলেও নিজ ঘৰত বা স্কুলৰ বাহিৰতো প্ৰয়োজনীয় কৃষিসমন্ধীয় কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব।এসময়ৰ কৃষিপ্ৰধান বিশ্বখন লাহে লাহে নিত্যনতুন আবিস্কাৰপুষ্ট হৈ জীবিকাৰ নতুন ধাৰালৈ গতিমান কৰোতে অনান্য দিশত আগবাঢ়ি যাওতে কম মাটিতে কেনেকৈ উন্নত মানবিশিষ্ট লাভদায়ক শস্য উত্পাদন কৰিব পাৰি সেই সমন্ধেও বিশ্ববাসীক সহায় আগবঢ়াইছে।ইয়াৰ প্ৰধান হাতিয়াৰ হৈছে-

 কৃষি-ই লাৰ্নিং-

ইলেকট্রনিক মাধ্যমৰ জৰীয়তে  কৃষকসকলৰ মাজত কৃষি সংক্রান্তীয় যাবতীয় তথ্যাবলীৰ যোগান ধৰা আৰু আধুনিক প্ৰযুক্তিযুক্ত সা সৰঞ্জামৰ ব্যৱহাৰ সমন্ধে জ্ঞাত কৰোৱা।

আমাৰ দেশ কৃষি প্ৰধান অথচ অধিকাংশ কৃষকৰেই উন্নত কৃষি জ্ঞান সীমিত পর্যায়ত(আনকি কৃষিৰ ক্ষেত্ৰত উন্নত পাঞ্জাব,হাৰিয়ানা,কৰ্নাটকা,মহাৰাষ্ট্ৰ আদিতো লক্ষনীয়।আধুনিক কৃষি যন্ত্ৰপাতি খেতি পথাৰত লগাবলৈ বহুতেই ইচ্ছা কৰে কিন্তু সহজ ভাবে তথ্য যুগুতোৱা(কৃষিভিত্তিক জ্ঞান বা টকা পইচা আদিৰ সম্ভেদ গুতুৱা)কষ্টকৰ হোৱা বাবে আগবাঢ়িব নোৱাৰে।আমাৰ বৃহত্তৰসংখ্যক কৃষক সমুদায়ক এই সন্দৰ্ভত জ্ঞাত কৰাবলৈ হলে ইলেকট্রনিক মাধ্যমৰ সহায় লব লাগিব যাতে কম সময়ৰ ভিতৰত একেলগে সকলোকে পর্যাপ্ত তথ্য সৰবৰাহ কৰিব পাৰি-ৰেডিও, টিভি, কম্পিউটাৰ, ইন্টাৰনেট, মোবাইল, চ্লাইড,সিনেমা, সিডি, ডিভিডি ইত্যাদি ব্যৱহাৰ কৰি গ্রামাঞ্চলৰ কৃষকসকলৰ মাজত  ইলেকট্রনিক মাধ্যমৰে তথ্য সৰবৰাহ কৰি সজাগতা সৃষ্টি কৰি আধুনিক কৃষি পদ্ধতিৰ প্ৰতি অনুপ্ৰেৰনা জগাই আধুনিক প্রযুক্তি জ্ঞানেৰে শিক্ষিত কৰি উন্নত কৃষি উত্পাদন কৰিব পাৰি। একোএকোখন ঠাইত উন্নত পদ্ধতিৰে খেতি কৰি স্বাবলম্বী কৰি তুলিবলৈ বহু দেশবিদেশৰ  এনজিঅই সহায় আগবঢ়াই যিবিলাকৰ সুবিধা আমাৰ খেতিয়কেও লবলৈ ভাল পাব।

এই শতিকাত সমগ্ৰ বিশ্ব জুৰি কৃষি বিপ্লবৰ এক পটভূমি গঢ়ি উঠাৰ বাবে আপ্ৰন প্ৰচেষ্টা চলোৱা হৈছে,স্বাধীন ভাৰতবৰ্ষত সেউজ বিপ্লবৰ জৰীয়তে শস্যশ্যামলা কৃষিভান্ডাৰৰ চিত্ৰখন পাঞ্জাব,হাৰিয়ানাই আগবঢ়াইছিল; শ্বেত বিপ্লবৰে গাখীৰজাত সামগ্ৰী সকলোৱে পোৱাৰ সুবিধা হোৱাত ভাৰতে নতুন ৰূপত গঢ় লৈছিল।ক্ৰমবৰ্দ্ধমান জনসংখ্যাক কেন্দ্ৰ কৰি জীবিকাৰ ক্ষেত্ৰত বহু জটিলতাৰ সমুখীন হব লগা বৰ্তমানৰ জনগনে যেতিয়া উপাৰ্জন আৰু জীবিকাৰ প্ৰশ্ন তুলিছে, আৰু সেই পটভূমিত আজিৰ তথ্য প্ৰযুক্তি জ্ঞানপুষ্ট বিশেষজ্ঞ সকলে কৃষিজগতক নতুনকৈ নামাঙ্কৰিত কৰিছে সম্ভাবনাপূৰ্ণ ‘সেউজ জীবিকা’ যাক কেন্দ্ৰ কৰি গঢ় লব ‘সেউজ অৰ্থনীতি’(GREEN ECONOMY);ইয়াৰ বাবে পাতনি তৰা হৈছে সেউজ বিপ্লবৰ। কৃষকসকলে নিজৰ পৰিয়ালক পোহপাল দিবৰ কাৰনে খেতিবাতি কৰা মনোবৃত্তিক নতুন ৰুপ দিবৰ কাৰনে আগবাঢ়ি আহিছে আইচিটি শিক্ষাৰে সম্প্ৰসাৰণ পুষ্ট ডিজিটেল লিটাৰেচি,যাৰ দ্ৱাৰা দক্ষতা অৰ্জন কৰি মাথোন অধিক শস্য উত্পাদনেই নহয় মাৰ্কেটিং কৰা,বেংকিং,বীমা আদিৰে কৃষিৰ ক্ষেত্ৰতো ই গভৰ্নেন্সৰ অনুভূতৰ  ব্যৱস্হা হব।মাথো সেয়ে নহয়, সহায় সুবিধা আগঢ়াবৰ কাৰনে তত্পৰ হৈ পৰিছে বহু গবষনা পুষ্ট তথ্য,কৃষি সম্প্ৰসাৰণ চৰকাৰী ব্যৱস্হা,বানিজ্যিক প্ৰতিস্হান আদি। মাথো কৃষি গ্ৰেজুৱেট সকলেহে উপকৃত হোৱাৰ ওপৰিও সহজ সৰল কৃষক সমুদায় লাভাবান্বিত হব।নিঃসন্দেহে দেশীয় বা আন্তৰ্জাতিক,চৰকাৰী,বেচৰকাৰী উন্নয়ন সংস্থাবিলাকৰ সৈতে তথ্য সংগ্ৰহৰ যোগাযোগ ৰাখি লাভদায়ক পদ্ধতি ব্যৱহাৰ কৰিবলৈ সক্ষম হব।। কৃষি খাতৰ উন্নয়নত জৈব ও তথ্যপ্রযুক্তিৰ যুগ্ম ব্যবহাৰ উল্লেখনীয় যাৰ দ্বাৰা দেশৰ কৃষিপণ্য উত্পাদনত বৈপ্লবিক যন্ত্ৰ পাতিৰ আৰু আধুনিক পদ্ধতিৰে পেকেজিং কৰি কৃষিপণ্যৰ মান নিয়ন্ত্রণ ব্যবস্থাপনা কৰি কৃষকক জীবিকাৰ এটি অপৰিহাৰ্য্য অংগ প্ৰদান কৰাৰ উপৰিও দেশৰ সৰ্বাঙ্গীন উন্নতিত সহায় কৰিব পাৰিব। 

এই উদ্দেশ্যত উপনীত হব পৰাৰ মূল মন্ত্ৰ হৈছে ডিজিটেল সাক্ষৰতাক এক আধুনিক সৰঞ্জাম হিচাবে লৈ কঠোৰ শিকণ প্ৰক্ৰিয়াৰ  দ্বাৰা কৃষক সকলক অত্যাধুনিক ভাবে কৰ্মদক্ষ কৰা।ইয়াৰ বাবে বয়সৰ কোনো সীমাৰেখা নাই,কোনো প্ৰতিযোগিতামূলক পৰিস্হিতিৰ মেৰপেছ নাই।তথ্য আৰু প্ৰযুক্তি(আইছিটি)শিক্ষাৰ এটা পলিনেৰি (polinary) আৰু পদ্ধতিগত ধাৰনা; যিহেতু কৃষিশিক্ষাৰ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োজন হয়, proliferating excess,কৃষি উপযোগী তথ্যপাতি সংগ্ৰহ আৰু ‘ক্লাচৰুম শিক্ষণ-কাম-লাৰ্ণি সেট আপৰ’ ব্যৱহাৰ(মক ক্লাচৰুম)ত আইচিটি টুলচৰ অন্যতম পদক্ষেপ কম্পিউটাৰ ব্যবহাৰ-এপ্লিকেশ্যন(চফট্ওৱেৰৰ নানান কোৰ্চ যিবিলাক দ্ৰুত গতিৰ বা ধীৰ গতিৰ হব পাৰে)। কৃষক সম্প্ৰদায়ৰ কাৰনে সহজ সাধাৰন কোৰ্চৰ পৰা ইন্টাৰএক্টিভ মাল্টিমিডিয়া,স্ব-লাৰ্নি মডিউল অথবা কৃষি সমন্ধীয় বহুতো অনলাইনকোৰ্চ আছে যত যোগ্যতাৰ চাৰ্টিফিকেট লাভ কৰিব পাৰি,এইবিলাক অভিযোজন inhibiting wifi আদিৰ পৰিপ্ৰেক্ষিতত তৈয়াৰ কৰা হৈছে।সেয়েহে কৃষকসকলেও আইসিটি টুলচ্,তথ্য সচেতনতা,নিৰাপত্তা নিৰ্দেশাৱলী সচেতনতা আদিৰে কৰ্মদক্ষতা বিকাশ কৰি কৃষি তথ্য সাক্ষৰতা অৰ্জন কৰাতো প্ৰয়োজন। নিযুক্ত আইসিটিৰ সর্বনিম্ন আৰু মৌলিক লাগতিয়াল সৰঞ্জামঃঅনুসন্ধান ক্ষমতা অন্তর্ভুক্ত কৰি চাইট, স্ক্যান সজোৱা, নেভিগেট কৰা, পর্দা, সমাধান, শেয়াৰ, সংগঠিত, পৰিচালন , প্ৰস্তুতি, মাল্টিমিডিয়া উপস্থাপনা, সার্ফিং, ইন্টাৰনেট কৰোতে লগা  টেক্সট,

সক্রিয় লার্নিং  আৰু  ইন্টাৰক্টিভ লার্নিং প্রক্রিয়া আদি বিশ্বাসযোগ্য শিকন প্ৰক্ৰিয়া আৰু কৃষকৰ সুবিধা অনুযায়ী সচিয়েল নেটওয়ার্কিং সাইট গতিবিধি তথ্য সদৰীকে পোৱাৰ সুবিধা জ্ঞানো অন্তৰ্ভূক্ত হব পাৰে।কৃষি উন্নয়নৰ দৃষ্টিভঙ্গীত কৃষক সকলৰ বাবে আইসিটিৰ জৰীয়তে কৰ্মদক্ষতা উন্নতি দৰ্কাৰ,ইয়াৰ বাবে অনলাইন বা অফলাইন শিক্ষা প্লেটফৰ্মৰ সুবিধা থকাৰ দৰ্কাৰ যাতে কৃষি ইনফৰমেটিক্স পুষ্ট অগ্ৰগতি, কৃষিজাত উন্নয়ন আৰু এগ্ৰো ইন্ডাচ্ট্ৰিজ, এগ্ৰ এন্টাৰপিউনাৰশ্বীপ(entrepreneurship)ৰ সুবিধা সমূহ সমন্ধে জ্ঞাত হোৱাৰ ব্যৱস্হা হয়,তদুপৰি সনাতন ডোমেইন,উন্নত প্রযুক্তি প্রচাৰৰ, আৰু কম্পিউটাৰ ভিত্তিক তথ্য, অ্যাডভাইসাৰি সেবা প্ৰধান বিতৰন, নেট ভিত্তিক সেবা (অন লাইন) আৰু মোবাইল ভিত্তিক সেবা (যাক ৰিয়েল টাইম বলিও মনা হয় কিয়নো যোগাযোগ ব্যৱস্হাত মোবাইল সেৱাই অত্যাধিক সুবিধা আগবঢ়াব পাৰিছে)।কৃষি আৰু জলবায়ুৰ মাজত গভীৰ সমন্ধ থকা বাবে কৃষি এড্ৰেছিং জলবায়ু মেপৰ সমন্ধে জনাও অপৰিহাৰ্য্য (ইতিমধ্যে পৰিলক্ষিত হৈছে জলবায়ুৰ প্ৰভাবত পৰি খেতি লোকচান হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে কেনে অৱস্হাৰ সৃষ্টি হৈছে)হৈ উঠিছে।সবাতোকৈ পৰিলক্ষিত অন্য এক বিষয় হৈছে প্ৰয়োজন সাপেক্ষে ৰাস্ত্ৰীয় বা আন্তৰ্ৰাস্ত্ৰীয় সহায়কাৰী বেংক সমূহৰ পৰা সুবিধাসমূহ লবৰ কাৰণে কেনেদৰে পদ্ধতিগতভাবে ব্যৱস্হা লব লাগে সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা।

(উপৰুক্ত তথ্য যুগুত কৰোতে নেটৰ সহায় লোৱা হৈছে)

লেখিকা: ড° উৎপলা কোৱঁৰ,অৱসৰপ্ৰাপ্ত প্ৰফেছৰ-এনচিইআৰটি

English Summary: E-krishi : E-learning

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.