Krishi Jagran Tamil
Menu Close Menu

অসম কৃষি বিশ্ববিদ্যালয়ত চাকৰি 2021: শীঘ্রেই কৰক আবেদন৷ জুনৰ ১০ তাৰিখ আবদেনৰ শেষ তাৰিখ

Tuesday, 01 June 2021 11:04 PM
Assam Agricultural University jorhat recruitment for the post of Project Coordinator and Senior Research Fello

Assam Agricultural University jorhat recruitment for the post of Project Coordinator and Senior Research Fello

   অসম কৃষি বিশ্ববিদ্যালয়ে যোৰহাটত Project Coordinator, Project Assistant, Technical Assistant, Senior Research Fello চাকৰিৰ নিযুক্তিৰ বাবে শেহতীয়া চাকৰিৰ জাননী ঘোষণা কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ আগতে আবেদন কৰিব পাৰে। অসম কৃষি বিশ্ববিদ্যাল (AAU) যোৰহাট, চাকৰিৰ খালী পদ ২০২১ ৰ বিষয়ে অধিক বিৱৰণৰ বাবে তলত পঢ়ক-

পদৰ নাম-

1. প্ৰকল্প সমন্বয়ক (Project Coordinator)

 পদৰ সংখ্যা: 1

অত্যাৱশ্যকীয় অৰ্হতা: দুবছৰৰ গৱেষণাৰ সৈতে কৃষি/জৈৱ প্ৰযুক্তি/ আণৱিক জীৱবিজ্ঞান/জীৱন বিজ্ঞানত ডক্টৰেট ডিগ্ৰী থকাটো বাধ্যতামূলক।

অগ্রাধিকাৰ: পৰীক্ষাগাৰত কাম কৰাৰ অভিজ্ঞতা আৰু লগতে এনে অনুশাসনৰ প্ৰতি আধাৰিত সম্বন্ধিয় কাৰ্যকলাপ থাকিলে অগ্ৰাধিকাৰ দিয়া হ'ব।

পাৰিতোষিক: 55,000/- টকা 

আৰু পঢ়ক- দেহৰ ছাল ভালে থাকিবলৈ কি ১০ বিধ খাদ্য নাখাব

2. প্ৰকল্প সহায়ক (Project Assistant)

পদৰ সংখ্যা: 1

অত্যাৱশ্যকীয় অৰ্হতা: বিজ্ঞান শাখাত স্নাতক থকাটো বাধ্যতামূলক ৷

অগ্রাধিকাৰ: মাইক্ৰ'বায়োলজী পৰীক্ষাগাৰত কাম কৰাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হ'ব।

পাৰিতোষিক: 22,000/- টকা 

3. জ্যেষ্ঠ গৱেষণা ফেলো (Senior Research Fello)

অত্যাৱশ্যকীয় অৰ্হতা: দুবছৰৰ গৱেষণাৰ অভিজ্ঞতাৰ সৈতে জৈৱ প্ৰযুক্তি/উদ্ভিদ প্ৰজনন আৰু আনুবংশিক/ জৈৱ ৰসায়ন/ আণৱিক জীৱবিজ্ঞান / জীৱন বিজ্ঞানত M.Sc থকাটো বাধ্যতামূলক।

অগ্রাধিকাৰ: পৰীক্ষাগাৰত কাম কৰাৰ অভিজ্ঞতা থকা প্রার্থীক অগ্ৰাধিকাৰ দিয়া হ'ব।

পাৰিতোষিক: 35,000/- টকা 

4. কাৰিকৰী সহায়ক (Technical Assistant)

অত্যাৱশ্যকীয় অৰ্হতা: বিজ্ঞান শাখাত স্নাতক থকাটো বাধ্যতামূলক ৷

অগ্রাধিকাৰ: মাইক্ৰ'বায়োলজী পৰীক্ষাগাৰত কাম কৰাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হ'ব।

পাৰিতোষিক: 20,000/- টকা 

AAUৰ নিযুক্তিৰ বাছনি প্ৰক্ৰিয়া:

   অনলাইন সাক্ষাৎকাৰ 15.06.2021, 2021 তাৰিখে ৰাতিপুৱা 10:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। সাক্ষাৎকাৰৰ লিংক ১৩.০৬.২০২১ তাৰিখে প্ৰেৰণ কৰা হ'ব। প্ৰাৰ্থী বাছনি কৰাৰ ক্ষেত্ৰত, সকলো নথিপত্রৰ original copy আৰু attested প্ৰতিলিপি দাখিল কৰিব লাগিব।

আৰু পঢ়ক- আপুনি প্রয়োজনতকৈ অধিক শকত নেকি? এসপ্তাহৰ ভিতৰতে আপোনাৰ অলাগতিয়াল চর্বি আৰু ওজন কমাওক; জানক কেনেকৈ

AAUৰ যোৰহাট নিযুক্তি 2021-ৰ বাবে কেনেদৰে আবেদন কৰিব:

প্ৰাৰ্থীসকলে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে তেওঁলোকৰ BioData মুখ্য অনুসন্ধানকাৰী ড০ মধুমিতা বৰাৰ ওচৰত দাখিল কৰিব লাগিব। E-mail:

 (madhumita.barooah@aau.ac.in) 

আবেদন পঠোৱাৰ শেষ তাৰিখ-10.06.2021

Advertisement Details: 

Click here for project coordinator and assistant

Click here for Senior Research Fello and Technical Assistant

 

Aau recruitment 2021 Govt jobs Project coordinator jobs Agriculture jobs

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.