1. পশুপালন

পশুপালন ষ্টাৰ্টআপ গ্ৰেণ্ড চেলেঞ্জ প্ৰতিযগিতাঃ চৰকাৰে দিব ১ কোটি পুৰস্কাৰ

KJ Staff
KJ Staff
start up grand challange
start up grand challange

দেশৰ বেছিভাগ কৃষকে পশুপালন কৰে । পশুপালন হৈছে এক লাভজনক ব্যৱসায় য'ত বিশেষকৈ গো পালনৰ  অধিক লাভ কৰে । পশুপালনৰ সৈতে বিভিন্ন ধৰণৰ ব্যৱসায় জড়িত আছে যেনে দুগ্ধ উদ্যোগ, ছাগলী পালন ইত্যাদি । বৰ্তমান সময়ত পশুপালনৰ গুৰুত্ব দ্ৰুতগতিত বৃদ্ধি পাইছে ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰেও পশুপালনৰ প্ৰচাৰৰ বাবে বিভিন্ন আঁচনিৰ অধীনত সময়ে সময়ে পশুপালকসকলক ৰাজসাহায্য প্ৰদান কৰি আহিছে ৷ চৰকাৰে পশুপালনৰ সৈতে জড়িত দুগ্ধ উদ্যোগৰ প্ৰচাৰৰ বাবে এটা নতুন ষ্টাৰ্টআপ আৰম্ভ কৰিছে য'ত চৰকাৰে এক বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ এই প্ৰতিযোগিতাত বিজয়ীসকলক চৰকাৰে ১ কোটি টকাৰ অধিক পুৰস্কাৰ দিব ।

প্ৰতিযোগিতা কি (What is the Competition)

দৰাচলতে, ই হৈছে চৰকাৰে আৰম্ভ কৰা এক ষ্টাৰ্টআপ যাক পশুপালন ষ্টাৰ্টআপ গ্ৰেণ্ড চেলেঞ্জ (Start Up Grand Challenge) বুলি কোৱা হয় । য'ত পশুপালন আৰু দুগ্ধ উদ্যোগৰ সৈতে সম্পৰ্কিত ৬ টা মুখ্য সমস্যা সমাধানৰ বাবে উদ্ভাৱনী ধাৰণাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে য'ত চৰকাৰে ১ কোটি টকালৈকে পুৰস্কাৰ দিব । খবৰ অনুসৰি প্ৰতিটো অভিনৱ ধাৰণাই বিজয়ীক নগদ ১০ লাখ টকা আৰু ৰানাৰচ-আপক ৭ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব।

চৰকাৰৰ উদ্দেশ্য (Purpose Of Government):

বৰ্ধিত মুদ্ৰাস্ফীতি আৰু দেশত বৰ্ধিত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে যাতে মানুহে ভাল ব্যৱসায় লাভ কৰে আৰু বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস পায়৷ দেশৰ প্ৰতিজন নাগৰিকে নিজে নিজৰ উপাৰ্জন কৰি আত্মনিৰ্ভৰশীল হ’ব পাৰে ।

প্ৰতিযোগিতাখনত কি প্ৰত্যাহ্বান আছে  (What are the Challenges in the Competition)

প্ৰতিযোগীৰ ক্ষেত্ৰত নিম্নলিখিত প্ৰত্যাহ্বান যাৰ ভিতৰত আছে জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি কৰা, চিনাক্তকৰণৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা, গাখীৰ যোগান পূৰণ কৰাৰ বাবে শীতল ভঁৰাল প্ৰস্তুত কৰা ইত্যাদি।

 লগতে পঢ়কঃ কৃষি বিজ্ঞানীয়ে প্ৰস্তত কৰিলে জৈৱিক সাৰ, কৃষকৰ বাবে হ’ব আশীৰ্বাদ

English Summary: start up grand Challenge

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.