 
            ছাগলীয়ে মুকলি বতাহ আৰ শুকান পৰিবেশ ভাল পায়। কিন্তু নিশা নিৰাপদ আশ্ৰয়, প্ৰচণ্ড শীত আৰু তীব্ৰ উত্তাপৰ পৰা ৰক্ষা পাবলৈ ছাগলী ঘৰৰ প্ৰয়োজন। ছাগলীৰ ঘৰবোৰ চাংঘৰ অথবা হেলনীয়া ঘৰ হিচাপে সাজিব পাৰি। ছাগলীৰ গড়ালটোৰ ওপৰত ছাগলীৰ স্বাস্থ্য আৰু ছাগলী পালকৰ উপাৰ্জনৰ দিশটো জড়িত হৈ থাকে।
চাংঘৰ:
- অসমত বৰষুণ আৰু আদ্ৰতাৰ বাবে চাংঘৰ উত্তম। চাংঘৰবোৰ মাটিৰ পৰা ৩ - ৩.৫ ফুট ওখকৈ সজোৱা হয়।
- পৰিষ্কাৰ ঠাইত খুটা পুতি তাৰ ওপৰত বাতাম দি চাং সাজিব লাগে।
- তক্তা ব্যবহাৰ কৰিলে মল-মুত্ৰ সৰি পৰিবলৈ ০.৫ – ১ চেঃমিঃ ফাক ৰাখিব লাগে।
- পিচলি নপৰিবলৈ ৬ ইঞ্চি মুৰে মুৰে বীট মাৰি দিব লাগে।
- ঘৰৰ মুধচ ১০ - ১১ ফুট আৰু পানীপোটা ৮ - ৯ ফুট দীঘল কৰি সাজিব লাগে।
লগতে পঢ়ক-
গাহৰি পালনেৰে বছৰি লাখ টকা উপাৰ্জন বাক্সাৰ চবিত্ৰ কুমাৰ ব্ৰহ্মৰ!
- এজনী ছাগলীৰ বাবে ৩ – ৫ বর্গফুট পৰিমাণৰ মজিয়া সাজিব লাগে।
- দানা, ঘাঁহ পানীপাত্ৰ ৰাখিব পৰা ব্যবস্থা থাকিব লাগে।
- চাংঘৰৰ পৰা নমা আৰু উঠিবৰ বাবে প্ৰবেশ পথত হেলনীয়া খটখটিৰ দৰে তর্জা বা বাঁহেৰে বৈ দিব লাগে।
- কোনো ছাগলীৰ বেমাৰ হ’লে সিহঁতক আচুতীয়াকৈ ৰাখি চিকিৎসাৰ ব্যবস্থা কৰিব লাগে।
- চাংঘৰত যিহেতু ছাগলীৰ মল-মুত্ৰবোৰ তললৈ সৰি পৰে, ছাগলীবোৰ মল-মুত্ৰৰ সংস্পর্শৰ পৰা আতঁৰত থকা বাবে পেলু আৰু হাওঁফাওঁৰ রোগৰ পৰা মুক্ত হৈ থাকিব পাৰে আৰু চাফচিকুন কৰাতো সহায়ক হয়।
হেলনীয়া ঘৰ:
- ৫ – ৬ টা ছাগলী পুহিবৰ বাবে সাধাৰণভাবে থকা ঘৰৰ বাৰান্দাৰ পৰা হেলনীয়াকৈ ঘৰ সাজি লোৱা হয়।
- দীঘলে ২.১ মিটাৰ আৰু বহলে ১.৫ মিটাৰ হিচাপে সাজি তিনিভাগ কৰি লয়। এভাগত ছাগলীৰ বাবে, এভাগত দানা পানী দিয়া আৰু আনভাগত ঘাঁহ দিয়া ঠাইৰ ব্যবস্থা কৰা হয়।
অধিক তথ্যৰ বাবে সংশ্লিষ্ট বিষয়া, ছাগলী পালন খণ্ড, পশুপালন আৰু পশুচিকিৎসা বিভাগ, চেনিকুঠি, গুৱাহাটি, অসমত যোগাযোগ কৰক। পশুপালন আৰু পশুচিকিৎসা সম্বন্ধীয় তথ্যৰ বাবে নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।
উৎস- Animal Husbandry and Veterinary Department, Assam ৰ ফেচবুক পোষ্ট
লগতে পঢ়ক-
ছাগলীৰ কেইবিধমান উন্নত প্ৰকাৰৰ জাত; ইয়াক পালন কৰিলে ক’ম সময়তে হ'ব অধিক লাভৱান!
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments