1. পশুপালন

ছাগলী পোৱালীৰ জন্মৰ পাছতে পালসকলে ল’বলগীয়া যতন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Care to  goat calves
Care to goat calves

ছাগলী পাম এখনৰ সফলতা নিৰ্ভৰ কৰে বিজ্ঞানসন্মত প্ৰতিপালনৰ ওপৰত যাতে পোৱালিবোৰ স্বাস্থ্যবান হয় আৰু মৃত্যুৰ হাৰ কমে।

  • জন্মৰ পাছতেই চকু, মুখ, নাক, কাণ আদিৰ পৰা বিজলুৱা পদার্থসমূহ পাতল চাফা কাপোৰেৰে শুকানকৈ মচিব লাগে। পোৱালিটো মাকৰ আগত থলে বিজলুৱা পদার্থবোৰ জিভাৰে চেলেকি চাফা কৰে।
  • নাড়ী যদি চিঙি নাযায় তেনেহলে ৪৭ চেঃমিঃ দূৰত কাটি টিনচাৰ আয়’ডিন লগাই দিব লাগে।
  • পোৱালি দিয়াৰ আধাঘণ্টা পাছত মাকৰ প্ৰথম গাখীৰ (ফেহু) খাবলৈ দিব লাগে আৰু ৩/৪ দিনলৈ খুৱাব লাগে।
  • পোৱালি জন্মৰ পিছত ওহাৰখন কুহুমীয়া পটাছ পানীৰে ধুই মছি শুকান কৰি পোৱালিক গাখীৰ খুৱাব লাগে।
  • পোৱালিক দিনত মাকৰ গাখীৰ ৩/৪ বাৰ খুৱাব লাগে। বয়স ২১-২৮ দিন হলে পোৱালিৰ দানা গাখীৰৰ লগত মিহলাই খুৱালে ভাল।

লগতে পঢ়ক-

ছাগলীৰ কেইবিধমান উন্নত প্ৰকাৰৰ জাত; ইয়াক পালন কৰিলে ক’ম সময়তে হ'ব অধিক লাভৱান!

  • এমাহ পূর্ণ হলে কৃমিৰ ঔষধ খুৱাব লাগে।
  • পোৱালিবোৰক ৩-৪ মাহত গাখীৰ এৰুৱাব লাগে আৰু কটা ঘাঁহ, খেৰ, দানাৰ যোগান ধৰিব লাগে।

গাভিনী ছাগলীৰ যত্নঃ

  • ছাগলী এজনীয়ে গর্ভধাৰণৰ ১৪৮ দিনৰ মুৰত পোৱালি দিয়ে।
  • পৰাপক্ষত জাকৰ পৰা আতৰাই বিশেষভাবে যত্ন লৈ উপযুক্ত পৰিমাণৰ খাদ্যৰ যোগান ধৰিব লাগে।
  • গাভিনী ছাগলী পৰিবহণ কৰিব বা দূৰলৈ চৰাব নিবলৈ নালাগে।
  • পোৱালি জন্ম হোৱা কোঠাটো পৰিষ্কাৰ হব লাগে।
  • অকলশৰে থাকিব দি মাজে মাজে নিৰীক্ষণ কৰি থাকিব লাগে।
  • পোৱালি জন্মৰ ৩০ মিনিটৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ফুল নসৰিলে ওচৰৰ পশুচিকিৎসকক খবৰ দিব লাগে।

অধিক জানিবৰ বাবে নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।

লেখাটোৰ উৎস- Animal Husbandry and Veterinary Department, Assam ৰ ফেচবুক পোষ্ট।

লগতে পঢ়ক- 

Goat farming : ছাগলী গড়ালটোৰ মন কৰিব লগীয়া দিশসমূহ

English Summary: Care to goat calves

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.