
ৰাজ্যখনত সামগ্ৰিক দুগ্ধ বিকাশৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ(National Dairy Development Board)ৰ সৈতে অসম চৰকাৰে শুকুৰবাৰে ২০০০ কোটি টকাৰ এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিৰ মূল লক্ষ্য হৈছে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত আগন্তুক ৭ বছৰত ৰাজ্যখনত ৬ টা নতুন গাখীৰ প্ৰক্ৰিয়াকৰণ গোট স্হাপনৰ জৰিয়তে দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰা ।
বুজাবুজি চুক্তিৰ অধীনত অসমত দুটা গৰুখাদ্য আৰু জৈৱিক সাৰ নিৰ্মাণ গোট স্থাপন কৰা হ'ব আৰু ১৫,০০০ উচ্চ উৎপাদনশীল গিৰ গাইৰ প্ৰজাতি লগতে কৃত্ৰিম গৰ্ভধাৰণৰ আমদানি কৰা হ'ব ।
ইয়াৰ উপৰিও শুকুৰবাৰে পুৰবী দুগ্ধ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হয় । উল্লেখ্য যে, গোটটোৰ উৎপাদন ক্ষমতা প্ৰতিদিনে ৬০,০০০০ৰ পৰা ১,৫০,০০০ লিটাৰলৈ বৃদ্ধি কৰা হ'ব ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই পদক্ষেপে ৰাজ্যখনৰ দুগ্ধ খণ্ডক পৰিৱৰ্তন কৰিব আৰু সুযোগ সৃষ্টি কৰি গ্ৰাম্য অৰ্থনৈতিক বিকাশৰ এক নতুন যুগৰ সূচনা কৰিব । এই পদক্ষেপৰ ফলত অসমৰ ১.৭৫ লাখতকৈও অধিক দুগ্ধ খেতিয়ক লাভান্বিত হ’ব আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কয়, "প্ৰকল্পৰ সৈতে আত্মনিৰভৰ অসমৰ অভিযান আন্তৰিকতাৰে আৰম্ভ হয় আৰু গাখীৰ আৰু অন্যান্য খাদ্য সামগ্ৰীৰ বাবে আন ৰাজ্যৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বিষয়ে আমি আত্মবিশ্বাসী । অসমত জিডিপি আৰু জনমূৰি উপাৰ্জন বৃদ্ধিৰ সৈতে মাংস আৰু গাখীৰৰ সামগ্ৰীৰ ওপৰত মানুহৰ ব্যয় বৃদ্ধি পাইছে আৰু ৰাজহ প্ৰবাহ বন্ধ কৰাৰ বাবে অসমে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰাত আত্মনিৰ্ভৰশীল হ'ব লাগিব।"
মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষি পদ্ধতিৰ বহু-শস্য আৰু বৈচিত্ৰতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে, দুগ্ধজাত খেতিয়কসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বজাৰ মূল্যৰ তাৰতম্যৰ বাবে ৰাজসাহায্য প্ৰদান কৰা হ'ব । সকলো দুগ্ধ সমবায়ক স্বাস্থ্যকৰ প্ৰতিযোগিতাত জড়িত হ'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়কঃ ধান খেৰত ইউৰিয়া প্ৰয়োগ কৰি কেনেকৈ উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত কৰিব পাৰি আপুনি জানেনে?
Share your comments