1. পশুপালন

ধান খেৰত ইউৰিয়া প্ৰয়োগ কৰি কেনেকৈ উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত কৰিব পাৰি আপুনি জানেনে?

KJ Staff
KJ Staff
Make food from Paddy Kher by using urea
Make food from Paddy Kher by using urea

আপুনি গো পালন কৰে নেকি বা কৰিম বুলি ভাবি আছে ? তেন্তে এইটো লিখনি আপোনাৰ বাবে গুৰত্বপূর্ণ হব পাৰে । আজি আপোনাক ঘৰতে পোৱা ধানখেৰৰ পৰা কেনেকৈ উৎকৃষ্ট মানৰ গৰুৰ বাবে খাদ্য প্রস্তত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম । তেন্তে পলম নকৰি এই প্রস্তত প্রণালী সম্পৰ্কে পৰ্যায়ক্রমে জানো আহক-

প্ৰস্তুত প্ৰণালীঃ

  • ওখ ঠাই এটুকুৰা নিৰ্বাচন কৰি ৫ ফুট আকাৰ আৰু ২.৫ ফুট ওখ বাঁহৰ চাং এখন সাজি, চাঙৰ ওপৰত এখন ডাঠ পলিথিন পাৰি দিয়ক

  • ৪ কিলোগ্ৰাম ইউৰিয়া ৪০ লিটাৰ পানীত ভালদৰে মিহলাই লওঁক

  • প্ৰথমে শুকান ধান খেৰ ৬ ইঞ্চি ডাঠকৈ চাঙৰ ওপৰত ছটিয়াই দিয়ক

  • এতিয়া ইউৰিয়া মিশ্ৰিত পানী ঝাৰি এটাত লৈ ধান খেৰৰ ওপৰতে সমভাৱে ছটিয়াই খেৰখিনি গচকি দিয়ক

  • ইয়াৰ পাছত পুনৰ ৬ ইঞ্চি ডাঠকৈ শুকান ধান খেৰৰ তৰপ এটা দি পুনৰ ইউৰিয়া মিশ্ৰিত পানী ছটিয়াই দিয়ক

  • এনেদৰে তৰপে তৰপে খেৰ দি ইউৰিয়া মিশ্ৰিত পানী ছটিয়াই মেজি আকাৰতে খেৰখিনি প্ৰস্তুত কৰক আৰু শেষত এতৰপ শুকান ধান খেৰেৰে মেজিটো ঢাকি দিয়ক।

  • এতিয়া পলিথিনিৰে মেজীটো চাৰিওফালে সম্পূৰ্ণৰূপে ঢাকি ৰছীৰে মেৰিয়াই টানকৈ বান্ধি দিয়ক যাতে বাহিৰৰ পৰা বতাহ বা বৰষুণৰ পানী সোমাব নোৱাৰে

  • এনেদৰে সম্পূৰ্ণ পলিথিনেৰে বন্ধ কৰি ৰখা খেৰখিনি ৩-৪ সপ্তাহ পাছত ৰাসায়নিক প্ৰক্ৰিয়াকৃত হৈ গৰু-ম’হক খুওৱাৰ উপযোগী হয়

পশুধনক ইউৰিয়া মিশ্ৰিত ধান খেৰ খুওৱাৰ নিয়মঃ

ইউৰিয়া মিশ্ৰিত ধান খেৰৰ মেজিৰ এফালে পলিথিন খুলি কিছু পৰিমাণৰ ধান খেৰ বাহিৰলৈ আনি ২-৩ ঘণ্টা ৰ’দত মেলি দিব লাগে যাতে ইয়াত থকা অতিৰিক্ত এম’নিয়াৰ গোন্ধটো আঁতৰি যায়। ইউৰিয়া প্ৰক্ৰিয়াকৃত ধান খেৰ আৱশ্যকীয় শুকান ধান খেৰৰ সৈতে ৫০∶৫০ পৰিমাণ মিহলাই গৰু-ম’হক খাবলৈ দিব লাগে আৰু তাৰ পাছত প্ৰতিদিনে ধান খেৰৰ পৰিমাণ কমাই ইউৰিয়া মিশ্ৰিত ধান খেৰৰ পৰিমাণ বৃদ্ধি কৰি, এসপ্তাহ পাছত অকল ইউৰিয়া মিশ্ৰিত ধান খেৰহে খাব দিব লাগে।

ইউৰিয়া মিশ্ৰিত ধান খেৰ খুৱাই কেনেদৰে লাভৱান হব পাৰি-

গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে ৪-৫ কিলোগ্ৰাম ইউৰিয়া মিশ্ৰিত ধান খেৰ গৰু-ম’হক খুৱালে ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম দানা ৰাহি কৰিব পাৰি । সেউজীয়া ঘাঁহৰ নাটনিৰ দিনত আৰু বানপানীৰ সময়ত ইউৰিয়া মিশ্ৰিত ধান খেৰৰ লগত কম পৰিমাণৰ দানা আৱশ্যকীয় খনিজ পদাৰ্থ আৰু ভিটামিন যোগান ধৰিলে খীৰতী গৰু-ম’হৰ সুস্বাস্থ্যৰ লগতে উৎপাদন ক্ষমতাও অটুট থাকিব ।

লগতে পঢ়কঃ বৈজ্ঞানিক পদ্ধতিত ব্ৰইলাৰ মুৰ্গী পালনৰ বিষয়ে জানো আঁহক

English Summary: how to make best food for cow from paddy kher using Urea

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.