1. পশুপালন

দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰ আৰু NDDB মাজত হ’ব চুক্তি

KJ Staff
KJ Staff
Reviewed Meeting for MoU between Assam Govt. and NDDB
Reviewed Meeting for MoU between Assam Govt. and NDDB

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সেই উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে সঠিক পৰিকল্পনাৰ সৈতে ৰাজ্যখনৰ দুগ্ধ খণ্ডক নেতৃত্ব দিয়াৰ চেষ্টা কৰা হৈছে । এই সন্দৰ্ভত শীঘ্ৰেই অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ডৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব ।

অসমত দুগ্ধ খণ্ডৰ বিকাশ কৰাৰ লক্ষ্যৰে ৭ জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পৰশত্তম ৰূপালা উপস্হিতিত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব । এই উপলক্ষে গুৱাহাটীত অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই মঙলবাৰে বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰে ।

এই পৰ্য়ালোচনা সভাত কৃষি মন্ত্ৰী গৰাকীৰ লগতে উপস্হিত থাকে পশুপালন আৰু ভেটেনাৰী বিভাগৰ অধ্যক্ষ শ্ৰী এ কে ভূটানী, থাকে পশুপালন আৰু ভেটেনাৰী বিভাগৰ সচিব এ. বৰুৱা, পশুপালন আৰু ভেটেনাৰী বিভাগৰ সঞ্চালক ইন্দিৰা কলিতা, WAMUL এম ডি সত্য বৰা বসু আৰু অন্যান্য জ্যেষ্ঠ্য বিষয়াসকল ।

Milk Production in Assam
Milk Production in Assam

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ খানাপাৰাৰ দুগ্ধ উন্নয়ন সঞ্চালকালয়ত আঠজন নৱনিযুক্ত দুগ্ধ প্ৰযুক্তিবিদক নিযুক্তি পত্ৰ বিতৰণ কৰিছিল ৰাজ্য চৰকাৰে । অনুষ্ঠানত ভাষন প্ৰসংগত তেওঁ কৈছিল যে, দীঘলীয়া ২২ বছৰৰ পিছত দুগ্ধ উন্নয়ন বিভাগত দুগ্ধ প্ৰযুক্তিবিদ নিযুক্ত কৰা হৈছে ।

২০১৯-২০ বৰ্ষত ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় গাখীৰৰ পৰিমাণ আছিল ২,৬৮৮ নিযুত লিটাৰ । বিগত বছৰত অসমে মাত্ৰ ৯৭০ নিযুত লিটাৰ গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়কঃ অ’মিক্ৰণৰ পিছত ক’ভিডৰ নতুন ভেৰিয়েণ্ট ‘IHU’

English Summary: Milk production news in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.