এক-ডেৰ কঠাৰ পুখুৰীত সাৰ-গোবৰ দি ভালদৰে প্ৰস্তুত কৰিব লাগে যাতে তাত যথেষ্ট পৰিমাণে প্ৰাকৃতিক খাদ্য উপলভ্য হয়। পুখুৰীটোৰ মাজডোখৰ যথেষ্ট বাম হ’ব লাগে যাতে ইয়াত সৰ্বোচ্চ এফুটহে পানী হয়। প্ৰয়োজন অনুসাৰে পানী আগমন আৰু নিৰ্গমন নলাৰ ব্যৱস্থা থাকিব লাগে। এই বাম অঞ্চলত কিছু জলজ উদ্ভিদ গজিব দিব লাগে আৰু কিছু অংশত ধান ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীত পানী হোৱাৰ লগে লগে তাত এই তিনি প্ৰজাতিৰ মতা আৰু মাইকী (একঠা পানীকালিত ৫০ যোৰা) মেলাৰ ব্যৱস্থা কৰিব লাগে।
বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰি আগমন নলীৰে পুখুৰীটোত এনেদৰে পানী ভৰাব লাগে যাতে ইয়াৰ বাম অঞ্চলত ৬ ইঞ্চি পানী থাকে। পানীৰ অনুকূলতম উষ্ণতাত মাছখিনি যোৰ বান্ধি বাম অঞ্চললৈকে যায় আৰু তাত কণী পাৰি পোনা জন্ম হয়। লাহে লাহে এই পোনাখিনি দ’ অঞ্চললৈকে নামি আহে আৰু তাত থকা প্ৰাকৃতিক খাদ্য গ্ৰহণ কৰে। এই দ’ অঞ্চলৰ পৰা পোনা সংগ্ৰহ কৰি পাছত উপযুক্ত স্থানত পালন কৰা হয়।
প্ৰাকৃতিক পৰিৱেশৰ উপৰি হৰম’নৰ ব্যৱহাৰৰ দ্বাৰা কৃত্ৰিমভাৱে বায়ুশ্বাসী মাছৰ পোনা উৎপাদন কৰিব পাৰি। কাৰ্প মাছৰ বাবে প্ৰয়োজন হোৱাকৈ এই মাছ প্ৰজননৰ বাবে ইক’হেচ্ছাৰীৰ প্ৰয়োজন নহয়। কাৱৈ মাছৰ প্ৰজননৰ বাবে ৬ ফুট x ৩ ফুট x ৪ ফুটৰ (দীঘ x প্ৰস্থ x উচ্চতা) এটা কপাহী হাপাত তিনিজনী সুস্থ মাইকী মাছৰ বিপৰীতে পাঁচটা মতা মাছ প্ৰজনন কৰিব পাৰি। পুখুৰীৰ সুবিধাজনক স্থানত চাৰিটা খুঁটা পুতি তাত হাপাটো স্থাপন কৰি মতা আৰু মাইকী কাৱৈ মাছখিনিক অভাপ্ৰিম বা অভাটাইড হৰম’ন বেজী দি হাপাটোত আবেলি সময়ত মেলি দিব লাগে। বৰষুণৰ বতৰ আৰু পানীৰ উষ্ণতা ২৮-৩২০ চেঃত প্ৰজননৰ বাবে উপযুক্ত হয়। কাৱৈ মাছৰ প্ৰজননৰ বাবে সঠিক হৰম’ন প্ৰয়োগৰ নিৰিখ হ’ল-
মতা কাৱৈ মাছঃ ০.৪ মিঃগ্ৰাঃকিঃগ্ৰাঃ ওজনপ্ৰাপ্ত
মাইকী কাৱৈ মাছঃ ০.৫ মিঃগ্ৰাঃকিঃগ্ৰাঃ ওজনপ্ৰাপ্ত
হৰম’ন বেজী প্ৰয়োগ কৰাৰ ৮-১০ ঘণ্টা পাছত মাছখিনিয়ে কণী পৰা আৰম্ভ কৰে আৰু পুৱালৈকে কণী পৰা সমাপ্ত হয়। কণী পৰাৰ পাছত মতা আৰু মাইকী মাছখিনি হাপাৰ পৰা আঁতৰাই পেলাব লাগে। কাৱৈ মাছৰ কণীসমূহ ক্ষুদ্ৰাকৃতিৰ, ঈষৎ বগা আৰু পানীত ওপঙি থাকে। কণী ফুটি পোনা জগাবৰ বাবে ৮-১২ ঘণ্টা সময় লাগে আৰু সম্পূৰ্ণ ৩৬ ঘণ্টা পাছত পোনাখিনি বেলেগ এটা হাপা অথবা ফাইবাৰ গ্লাছটেংকলৈ নি ছাঁত ৰখাৰ ব্যৱস্থা কৰিব লাগে।
কলা ৰঙৰ ক্ষুদ্ৰাকৃতিৰ এই পোনাবোৰক সিজোৱা কণীৰ কুহুম আৰু পৰ্যায়ক্ৰমে প্লৱক খুওৱাৰ ব্যৱস্থা কৰিব লাগে। এনেদৰে প্ৰায় এমাহ প্ৰতিপালন কৰাৰ পাছত কাৱৈ মাছৰ পোনাখিনি সুবিধাজনক স্থানত পালনৰ ব্যৱস্থা কৰিব লাগে।
মাগুৰ আৰু শিঙি মাছৰ প্ৰজনন কিছু সুকীয়া। এই দুই প্ৰজাতিৰ মাছৰ প্ৰজননৰ বাবে মতা মাছটোৰ পেটটো কাটি তাৰ পৰা শুক্ৰাণুখিনি উলিয়াই অনা হয়। মাইকী মাছখিনিক আগদিনাখনেই হৰম’ন বেজী দি (১০০ গ্ৰাম ওজনত ০.৫ মিঃলিঃ) ৰাখিব লাগে আৰু মতা মাছটোৰ শুক্ৰাণু উলিওৱাৰ প্ৰায় একে সময়তেই পেটটো চেপি কণীখিনি বাহিৰ কৰি উলিয়াই অনা হয়। মতা মাছৰ শুক্ৰাণুখিনি ভালদৰে মিহি কৰি প্লাষ্টিকৰ কম গভীৰতাৰ ট্ৰেত উলিওৱা কণীবোৰৰ লগত চৰাইৰ পাখিৰে ভালদৰে মিহলি কৰি দিব লাগে। এনেদৰে শুক্ৰাণু মিহলি কণীবোৰ আইৰণমুক্ত পানীৰ দ্বাৰা ভালদৰে ধুই এটা টেপৰ মুখত ৰাখিব লাগে যাতে টেপৰ পানীখিনি টোপ টোপকৈ পৰিব পাৰে।
মাগুৰ, শিঙি আদি মাছৰ কণী পানীত ডুব যায় আৰু কণী ফুটি পোনা জগাবলৈ প্ৰায় ৩০ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। কণী ফুটি পোনা জগোৱাৰ পাছত ক্ষুদ্ৰাকৃতিৰ মাছ পোনাখিনিক প্ৰথমে সিজোৱা কণীৰ কুহুম আৰু পাছলৈ প্লৱক যোগান ধৰিব লাগে। মাগুৰ আৰু শিঙি মাছৰ পোনা প্ৰতিপালনৰ বাবে পানীৰ গুণাগুণ উত্তম পৰিসৰত ৰখাটো নিতান্তই প্ৰয়োজনীয়। পোনা প্ৰতিপালন চৌবাচ্চাসমূহত ৬ ইঞ্চিমান পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰতিদিনে অন্ততঃ আধাসংখ্যক পানী বদলাই ৰখাৰ ব্যৱস্থা কৰিব লাগে।
লেখক- ড০ সঞ্জয় শৰ্মা (সংগৃহীত)
                    
                    
                    
                    
                                        
                                            
                                            
                        
                        
                        
                        
Share your comments