
মৌ পালক সকলৰ বাবে এক ভাল খবৰ । অসমৰ মৌ পালক তথা উদ্যোগীসকলৰ বাবে ৰাষ্ট্রীয় মৌ পৰিষদে এটি ভাল খবৰ লৈ আহিছে । এইক্ষেত্ৰত ‘মধুক্রান্তি’ নামৰ প’র্টেলত পঞ্জীয়নেৰে তেখেতসকলে ৰাষ্ট্রীয় মৌ পালন আৰু মধু অভিযান (NBHM)ৰ সুবিধাসমূহ লাভ কৰিব পাৰিব।
ডিজিটেল প্লেটফৰ্মত মৌ আৰু অন্যান্য মৌচাকৰ সামগ্ৰীৰ ট্ৰেচেবিলিটি উৎস প্ৰাপ্ত কৰিবলৈ অনলাইন পঞ্জীয়নৰ বাবে এই পৰ্টেলটো বিকশিত কৰা হৈছে । ৰাষ্ট্ৰীয় মৌপালন আৰু মৌ অভিযানৰ অধীনত ৰাষ্ট্ৰীয় মৌ পৰিষদ, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে বিকশিত কৰিছে মধুক্ৰান্তি পৰ্টেল (Madhukranti Portal) । ই মৌ পালকসকলৰ উপাৰ্জন বৃদ্ধি, ৰপ্তানি বৃদ্ধি আৰু নিযুক্তি সৃষ্টি বৃদ্ধিত সহায় কৰিব । ইয়ে মৌৰ ভেজালৰ মানদণ্ড আৰু উৎস পৰীক্ষা কৰাত সহায় কৰিব । লগতে আন্তৰ্জাতিক বজাৰলৈ মৌৰ প্ৰসাৰ বৃদ্ধি কৰিব ।

ৰাষ্ট্ৰীয় মৌপালন আৰু মৌ অভিযানৰ অধীনত সেৱা প্ৰাপ্ত কৰিবলৈ মধুক্ৰান্তি পৰ্টেলত পঞ্জীয়ন কৰক-
মধুক্ৰান্তি সেৱা প্ৰাপ্ত কৰাৰ পদক্ষেপসমূহ:
-
প্ৰথমে নেচনেল বি বোৰ্ডৰ ছাইট gov.in পৰ্টেল দৰ্শন কৰিব লাগিব
-
মধুক্ৰান্তি পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব
সেৱাসমূহ প্ৰাপ্ত কৰাৰ প্ৰয়োজনীয়তাসমূহ:
সেৱাসমূহ প্ৰাপ্ত কৰিবলৈ নিম্নলিখিত প্ৰয়োজনীয়তাবোৰ পূৰণ কৰা উচিত।
-
আধাৰ কাৰ্ড
-
আৱেদনকাৰীসকলৰ কমেও ১০ টা মৌচাক থাকিব লাগিব
-
তৃতীয়তে জিলা কৃষি বিষয়াৰ দ্বাৰা প্ৰমাণিত বাৰ্ষিক মৌ উৎপাদনৰ ৰেকৰ্ড থাকিব লাগিব
লগতে পঢ়কঃ Milk Production: ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ সৈতে ২০০০ কোটিৰ বুজাবুজি চুক্তি
Share your comments