সমন্বিত কুকুৰা আৰু মাছ পালনত কুকুৰাৰ মলে পুখুৰীৰ মাছক পোনপোটীয়াকৈ খাদ্য যোগানৰ লগতে পানীত প্রাকৃতিক খাদ্য উৎপাদনৰ বাবে প্রায়োজনীয় মৌলও যোগান ধৰে। ইয়াৰ লগতে কুকুৰাৰ মলৰ স্তুপৰ পৰা হব পৰা দুৰ্গন্ধ নাশ কৰি পামখনৰ সৌন্দৰ্য্য ও পৰিবেশ সুন্দৰ কৰাৰ লগতে মাছ পালনৰ বাবে প্ৰয়োজনীয় খৰছ কম কৰে। ইয়াৰ প্ৰধান সুফল সমূহঃ
১) পানীৰ উপৰিভাগত বা পুখুৰীৰ পাৰত কুকুৰা পালন কৰা হেতুকে একেটুকুৰা ঠাইৰ পৰাই মাছ, মাংস আৰু কণী পোৱা যায়।
২) কুকুৰাৰ মল প্ৰয়োগ কৰাৰ হেতু পুখুৰীত সাৰ আৰু পৰিপূৰক খাদ্য যোগান ধৰিব নালাগে। ফলত অতি কম খৰচত মাছ উৎপাদন কৰিব পৰা যায়।
৩)পামৰ সামগ্ৰীক উৎপাদন, সৌন্দৰ্য তথা আয় বৃদ্ধি পায়।
দুটা পদ্ধতিৰে কুকুৰাৰ লগত মাছপালন কৰা হয়।
(১) প্রত্যেক্ষ পদ্ধতি
এই পদ্ধতিত পানীৰ ওপৰিভাগতেই ছিদ্ৰযুক্ত মজিয়াৰ চাংঘৰ নিৰ্মান কৰি পোনপটীয়াকৈ কুকুৰাৰ মল পুতু্লীত পৰিবলৈ দিয়া হয়।
(ক) কুকুৰা পালন:
গৰাঁল নিৰ্মাণ: খেৰ আৰু বাঁহেৰে বা স্থায়ীভাৱে পকীঘৰৰ সহায়ত বতাহ চলাচল কৰিব পৰা আৰু পোহৰৰ ব্যৱস্থা ৰাখি গঁৰালটো নিৰ্মাণ কৰা হয়।
ঘৰটোৰ মজিয়াৰ পৰা মুধচলৈকে ৩.৬ মিটাৰ আৰু চতিলৈকে ২.৭২ মিটাৰ উচ্চতাৰ হব লাগে। বেৰখনৰ তলৰ এক তৃতীয়াংশত গাধৈ আৰু ওপৰৰ দুই তৃতীয়াংশত চিলিঙি হব লাগে। শীতকালৰ চেঁচা বতাহ আৰু জহকালৰ টান ৰ'দ চিলিঙিৰ মাজেৰে পোনপটীয়াকৈ নপৰিবৰ বাবে বস্তাৰ চটি আঁৰি দিব লাগে।
চাংঘৰৰ ক্ষেত্ৰত ৪-৬ বর্গ ছেঃ মিঃ ছিদ্রযুক্ত এখন বাঁহৰ মিহি আৰু চাঁচি লোৱা কামিৰে বনোৱা চাং পানীৰ পৰা ১.২-১.৫ মিটাৰ উচ্চতাত স্থাপন কৰা হয়। মজিয়া নিৰ্মাণ কৰোতে লক্ষ্য ৰাখিব লাগে যাতে প্ৰতিজনী কুকুৰাৰ বাবে ০.৩-০.৫ বর্গ মিটাৰ ঠাই ৰখা হয়। গঁৰালত বিজুলীবাতিৰ ব্যৱস্থা কৰি দিব পাৰিলে ভাল।
কুকুৰাৰ জাত: এই পদ্ধতিত কিষ্ট'ন গ'ল্ডেন জাতৰ কুকুৰাহে পালন কৰা হয়।
বয়সঃ পোৱালীৰ বয়স ৬-৮ সপ্তাহ হব লাগে। ১৮ মাহ মান বয়সলৈ কুকুৰাৰ কণীপৰা ক্ষমতা থাকে। তাৰ পিছত জাকটো পুনৰ সলাই দিব লাগে।
খাদ্য যোগানঃ বয়স অনুযায়ী কুকুৰাক তিনি ধৰণৰ খাদ্য যোগান ধৰা হয়।
ক) শ্বিক মেছ– প্রতিদিনে প্রতি পোৱালীক ৪০-৪৫ গ্রাম খাদ্য ৩-৪ বাৰত ভগাই ৮ সপ্তাহ বয়সলৈকে যোগান ধৰা হয়।
খ) গ্রোৱাৰ্চ মেছ– প্রতিদিনে, প্রতি কুকুৰাক ৫০-৭০ গ্রাম খাদ্য ৫-৬ বাৰত ভগাই ৮-১৮ সপ্তাহলৈকে যোগান ধৰা হয়।
গ) লেৱাৰ্চ মেছ– প্ৰতিদিনে প্রতি কুকুৰাক ১২০-১২৫ গ্রাম খাদ্য ৩-৪ বাৰত ভগাই ১৮
সপ্তাহৰ পৰা যোগান ধৰা হয়।
ৰোগ প্ৰতিষেধক ব্যৱস্থা:
ৰাণীখেট, ফউলপক্স, লেৰিংগোট্ৰেকাইটিচ, মাক্সে আদি কুকুৰাৰ ভাইৰাচ জনিত প্ৰধান ৰোগ। ইয়াৰ বাবে পশু-চিকিৎসকক লগ ধৰি ব্যৱস্থা গ্ৰহণ কৰিব।
(খ) মাছ পালনঃ
পুখুৰীৰ প্ৰস্তুতিঃ পুখুৰীত থকা অলাগতিয়াল বন-বাত, অপতৃণ আৰু অদৰকাৰী মাছ উঠাই পেলোৱাৰ পিছত পানীৰ পি এইচ অনুসৰি অথবা বিঘাই প্রতি বছৰি ১০০ কিঃ গ্ৰাঃ চুণ প্ৰয়োগ কৰক। চূণ খিনি সমানে তিনিভাগ কৰি এভাগ আৰম্ভণীতেই আৰু বাকী দুভাগক পুনৰ দহভাগ কৰি মাহে মাহে প্রয়োগ কৰক।
মাছৰ প্ৰজাতি আৰু অনুপাতঃ
প্ৰজাতি |
শতকৰা হাৰ |
প্ৰতি বিঘাত |
প্ৰতি হেক্টৰত |
চিলভাৰ কাৰ্প |
১৫ |
১২০ |
৯০০ |
বাহু |
২০ |
১৬০ |
১২০০ |
ৰৌ |
১৫ |
১২০ |
৯০০ |
গ্ৰাছ কাৰ্প |
১০ |
৮০ |
৬০০ |
মিৰিকা |
২০ |
১৬০ |
১২০০ |
কমন কাৰ্প |
২০ |
১৬০ |
১২০০ |
মুঠ |
১০০ |
৮০০ |
৬০০০ |
কুকুৰা গঁৰাললৈ অনাৰ এমাহ পিছত পুখুৰীত মাছ পোনা মেলা হয়। প্রতিদিনে পৰ্য্যাপ্ত পৰিমাণে ঘাঁহ, কলপাত আদি গ্ৰাছকাৰ্পক যোগান ধৰিব লাগে।
পানীৰ গুণাগুণ নিয়ন্ত্রণঃ মাজে সময়ে চাঙৰ তলত জমা হোৱা মল ঘোন্দালি সিঁচৰিত কৰি দিব লাগে। পানীৰ ওপৰিভাগত ডাঠ সেউজীয়া বা ৰঙা-মুগা চামনি দেখিলে অথবা দুৰ্গন্ধ ওলালে, চাং খনৰ তলত পলিথিন চিত বান্ধি দি মল পানীত পৰাত ৰোধ কৰিব লাগে আৰু ইয়াৰ উপশম হলে পুনৰ প্ৰয়োগ কৰা উচিত।
পৰোক্ষ পদ্ধতিঃ
এই পদ্ধতিত সঁজা বা ডিপলিটাৰৰ সহায়ত কুকুৰা পালন কৰা হয়। ইয়াত কুকুৰাৰ সংখ্যা বা বয়সৰ কোনো নিৰ্দিষ্টতা নাই। সঁজাৰ তলৰপৰা কুকুৰাৰ মল বা গঁৰালৰ পৰা ডিপলিটাৰ সংগ্ৰহ কৰি মাছ পোনা মেলাৰ ১৫ দিন আগেয়ে প্রতি বিঘাত ১০০ কিঃ গ্ৰাঃ হিচাপত প্রয়োগ কৰা হয় আৰু প্ৰতিদিনে প্রতিবিঘাত ৬.৭ কিঃ গ্ৰাঃ মল প্ৰয়োগ কৰিব লাগে।
বছৰি প্ৰতিজনী কুকুৰাই ২৩,৭৩- ২৯.২০ কিঃ গ্ৰাঃ মল ত্যাগ কৰে। সেই হিচাপত প্রতি বিঘা পুখুৰীত প্ৰতি বছৰে ১৯৫৬-২৩৩৬ কিঃ গ্ৰাঃ মল পুখুৰীত পৰে। ইয়াৰ ফলত সাৰ আৰু পৰিপূৰক খাদ্যৰ বাবদ বছৰি প্ৰায় ৬০০০.০০ চকা ৰাহি হয়।
ই পদ্ধতিত দুবিঘা পানীকালিৰ একোটা পুখুৰীৰ পৰা বছৰি ১২০০ কিঃ গ্ৰাঃ মাছ, ৩২,০০০ টা কণী আৰু ১৮৪ কিঃ গ্ৰাঃ কুকুৰাৰ মাংস পোৱা যায়।
বছৰি সৰ্বমুঠ আয় প্রায় ৪১,৬৬৬.০০ টকা।
উৎসঃ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট ছপাশালৰ পৰা প্ৰকাশিত প্ৰবন্ধ
Share your comments