1. পশুপালন

গাহৰি পালনৰ বাবে সৰ্বোৎকৃষ্ট প্ৰকাৰসমূহ-

KJ Staff
KJ Staff
গাহৰি পালন
গাহৰি পালন

সুস্বাস্থ্যৰ কাৰণে প্ৰতিদিনে ১৫০ গ্ৰাম প্ৰ’টিনৰ প্ৰয়োজন হয় কিন্তু ইয়াৰ পৰিৱৰ্তে ২.৫ গ্ৰাম প্ৰ’টিনহে আমি লাভ কৰোঁ। অসমত প্ৰ’টিনযুক্ত খাদ্যৰ বাৰুকৈয়ে নাটনি হোৱা পৰিলক্ষিত হয়। গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি ইত্যাদি জীৱ-জন্তুয়ে এই অভাৱ পূৰণ কৰাত বহুখিনি অৱদান আগবঢ়াব পাৰে। বিশেষকৈ গাহৰি পালনৰ ফলত অন্যান্য দিশত লাভৱাম্বিত হোৱাৰ উপৰিও অৰ্থনৈতিক দিশত কৃষকক লাভৱাম্বিত হোৱাৰ ক্ষেত্ৰত বহুখিনি অৰিহণা আগবঢ়ায়। এটা গাহৰিয়ে বছৰত ৮ ৰ পৰা ১০ টা পোৱালি জন্ম দিয়ে। ইয়াৰ বাবে অৱশ্যে বিজ্ঞানসন্মত পদ্ধতিৰে গাহৰি পালন কৰাটো উচিত। বিজ্ঞানসন্মত পদ্ধতিৰে গাহৰি পালন কৰিলে পোহনীয়া জন্তুবিধক লগতে গোটেই পৰিৱেশকেই ৰোগমুক্ত কৰি ৰাখিব পাৰি। গাহৰি পালনৰ আন এক সুবিধাজনক দিশ হৈছে অন্য পোহনীয়া জন্তুৰ তুলনাত গাহৰিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক। গাহৰি পালন সম্প্ৰতি বহু নিবনুৱা যুৱকৰ অৰ্থোপাৰ্জনৰ সমলৰূপে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে।

গাহৰি পালনৰ উপকাৰিতাসমূহ

  • অসমত গাহৰি পালনৰ বাবে যথেষ্ট মাটি আছে।

  • অসমৰ পৰিৱেশ গাহৰি পালনৰ বাবে বিজ্ঞানসন্মতভাৱে উপযোগী।

  • প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্যৰ প্ৰাচুৰ্য্যতা।

  • গাহৰিৰ বিকাশ অতি ক্ষিপ্ৰ।

  • গাহৰিয়ে এবাৰতে ৮ ৰ পৰা ১০ টা পোৱালি জগায়।

  • বিজ্ঞানসন্মতভাৱে সজোৱা গড়ালৰ প্ৰয়োজনীয়তা থাকিলেও গাহৰিয়ে যিকোনো পৰিৱেশতেই অতি সহজে বাস কৰিব পাৰে।

গাহৰি পালনৰ ভূমি নিৰ্বাচনৰ মাপদণ্ড

  • সূৰ্য্যৰ পোহৰ পৰা ওখ অঞ্চল

  • পানীৰ সুবিধা

  • বিদ্যুতৰ সুবিধা

  • ৰাস্তাৰ সৈতে সংযোগী

  • বজাৰৰ সৈতে সুসংযোগী

গাহৰি গড়াল

গাহৰিয়ে অতি গৰম বা অতি ঠাণ্ডা সহ্য কৰিব নোৱাৰে। বতাহ চলাচল কৰিব পৰা বহল ঠাই গাহৰিৰ বিকাশৰ বাবে উপযুক্ত। ইয়াৰ উপৰি ঠাইডোখৰ শুকান আৰু পৰিষ্কাৰ হ’ব লাগে। সেয়েহে কাঠৰ মজিয়া পৰিষ্কাৰ কৰিবলৈ অসুবিধা হোৱা হেতুকে মজিয়াসমূহ পকী আৰু খহটা হোৱাটো উচিত যাতে মজিয়াখন শুকান হৈ থাকে। গাহৰি গড়ালৰ মূধচ বৰষুণৰ পানী সৰকিব নোৱাৰাকৈ খেৰ, টিন বা এলবেষ্টৰেৰে ঢাকি দিয়া হয়।

গাহৰিৰ গড়ালৰ বাবে চাৰিওফালৰ দেৱাল চাৰিৰ পৰা পাঁচ ফুট ওখকৈ সজোৱা হয়। পানী সোমাব নোৱাৰাকৈ দুৱাৰ খিৰিকীসমূহ সজা হয়। গাহৰিক খাদ্য খোৱাবৰ বাবে গড়ালৰ ভিতৰত আৰু বাহিৰত ব্যৱস্থা কৰি লোৱা হয়। গাহৰিক খাদ্য যোগান ধৰা পাত্ৰসমূহ একে স্থানত ৰখাৰ উপৰিও এই পাত্ৰসমূহ ওজন হোৱাটো প্ৰয়োজনীয় যাতে ইহঁতে খাদ্য গ্ৰহণ কৰিলে পাত্ৰসমূহ ইফাল-সিফাল হৈ অস্থিৰ হৈ নাথাকে। গাহৰিক খাদ্য খুওৱা পাত্ৰ মজিয়াৰ পৰা ছয় ইঞ্চি উচ্চতাত থাকিব লাগে। অৱশ্যে গাহৰিৰ জাতৰ ভিন্নতা অনুসৰি ইয়াৰ আকাৰ ভিন্ন হয়। পোৱালি গাহৰিৰ বাবে মজিয়াৰ আকাৰ ২০-২৫ বৰ্গফুট আৰু প্ৰাপ্তবয়স্ক গাহৰিৰ বাবে মজিয়াৰ আকাৰ ৭০-৮০ বৰ্গফুট হ’ব লাগে। গাহৰিয়ে পোৱালি জন্ম দিবলৈ নতুবা ইয়াৰ প্ৰজননৰ বাবে মজিয়াৰ জোখ ৮০-২০০ বৰ্গফুট হ’ব লাগে। ইয়াৰ পিছত সমান জোখৰ ঠাই ইহঁতৰ বিকাশৰ বাবে প্ৰদান কৰা হয়।

অসমৰ গাহৰিৰ প্ৰকাৰ

স্থানীয় প্ৰজাতিৰ গাহৰি অৰ্থনৈতিকভাৱে অধিক লাভজনক নহয় সেয়ে অষ্ট্ৰেলিয়া, আমেৰিকা আৰু আয়াৰলেণ্ডৰ গাহৰিৰ সৈতে স্থানীয় প্ৰজাতিৰ গাহৰিৰ প্ৰজনন ঘটাই বৰ্ণসংকৰ জাতৰ গাহৰি সৃষ্টি কৰাটো সবাতোকৈ লাভজনক হিচাপে পৰিগণিত।

গাহৰিৰ সৰ্বোৎকৃষ্ট প্ৰকাৰসমূহ

  1. হেম্পশ্বায়াৰ- হেম্পশ্বায়াৰ গাহৰি হৈছে এবিধ ঘৰচীয়া গাহৰি। থিয় কাণ, ক’লা শৰীৰ আৰু ডিঙিৰ পৰা আগঠেঙলৈ আৱৰা বগা অংশৰ পৰা হেম্পশ্বায়াৰ গাহৰি চিনাক্ত কৰিব পাৰি।

  2. বগ্গু- ডেভন, কৰ্ণৱাল বা বগ্গু বোলা গাহৰিবিধ ক’লা বৰণৰ। ই এবিধ ঘৰচীয়া গাহৰিৰ জাত। গ্ৰেটব্ৰিটেইনৰ বাসিন্দা আৰু ডেভন, কৰ্ণৱাল, এচচেক্স ইত্যাদি ঠাইত পোৱা যায়।

  3. আমেৰিকান লেণ্ডৰেছ- ই মধ্যমীয়া আকাৰৰ পৰা বিশাল আকাৰৰ এবিধ ঘৰচীয়া গাহৰিৰ প্ৰজাতি। ইহঁতৰ দেহ দীঘল আৰু গাৰ বৰণ বগা, নোমবোৰ মিহি, নাকটো দীঘল, ওজন আৰু কাণ দুখন ওলমা।

  4. আমেৰিকান ইয়ৰ্কশ্বায়াৰ- ই হৈছে এবিধ ঘৰচীয়া তথা বিশাল আকাৰ বগা গাহৰিৰ আমেৰিকান ৰূপান্তৰ। ইহঁত দেখিবলৈ বগা ৰঙৰ আৰু কাণ দুখন থিয়।

  5. স্যাডলবেক- Saddleback নামৰ গাহৰিবিধৰ ক’লা শৰীৰত বেল্টৰ লেখীয়াকৈ বগা চিন দেখা যায়। অৱশ্যে ইহঁতৰ আকাৰ আৰু গঠনৰ মাজত পাৰ্থক্য দেখা পোৱা যায়। ব্ৰিটিছ স্যাডলবেক (British Saddleback) হৈছে ঘৰচীয়া গাহৰিৰ আধুনিক ব্ৰিটিছ প্ৰজনন। ১৯৬৭ চনত ইয়াক সৃষ্টি কৰা হয়।

 গাহৰিৰ খাদ্য

গাহৰিৰ খাদ্য গাহৰিৰ ফাৰ্ম গঢ়ি তোলাৰ সমান্তৰালভাৱে প্ৰয়োজনীয় বিষয়টো হৈছে ইহঁতক খাদ্য প্ৰদান। গাহৰি সৰ্বভক্ষী জন্তু আৰু প্ৰায় সকলো প্ৰকাৰৰ খাদ্যই ইহঁতে ভক্ষণ কৰে। সেয়েহে ইহঁতক খাদ্য খুৱাবলৈ হাবাথুৰি খাবলগীয়া নহয়। হোটেলৰ খাদ্য, ঘৰত ৰন্ধা খাদ্য, ঘাঁহ, মেটেকা, আলু, কচু সকলো খাদ্যই গাহৰিয়ে ভক্ষণ কৰে। গাহৰি পালন কৰিলে আমি মাথো ইহঁতৰ পুষ্টিৰ দিশটোলৈ গুৰুত্ব আৰোপ কৰি ইহঁতক প্ৰদান কৰা খাদ্যত প্ৰ’টিন, ফেট, খনিজ লৱণ, খাদ্যপ্ৰাণ ইত্যাদি গুণ থকাটোৰ দিশত নিশ্চিত হ’ব লাগে।

গাহৰিৰ পোৱালিৰ জন্মৰ পিছতে ইহঁতৰ গাখীৰৰ চাহিদা পূৰণৰ লগতে খনিজ লৱণৰ চাহিদা পূৰণ কৰা হয়। ইয়াৰ দহ দিনৰ পিছতহে ইহঁতক পোৱালিক খুওৱা খাদ্য খুওৱা হয়। প্ৰথমাৱস্থাত প্ৰতিটো গাহৰি পোৱালিকে ২০০ গ্ৰামকৈ আৰু পিছলৈ ৫০০ গ্ৰামকৈ প্ৰতিবাৰতে খাদ্যৰ যোগান ধৰা হয়। দুই মাহ অৰ্থাৎ আঠ সপ্তাহৰ পিছত পোৱালিবোৰক মাকৰ পৰা আতৰাই নিয়া হয় আৰু তেতিয়াৰে পৰা বিকাশ সাধনত সহায়কাৰী শুকান খাদ্যৰ যোগান ধৰা হয়। ইয়াত ইহঁতক পানী খোৱাৰো ব্যৱস্থা কৰি দিয়া হয়।

সঃ পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়, অসম চৰকাৰ

লগতে পঢ়ক-হাঁহ পালনৰ বাবে জানিবলগীয়া আৱশ্যকীয় কথাঃ

English Summary: Know About Pig Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.