
অধিক উপাৰ্জনৰ পথ সুগম কৰাৰ ক্ষেত্ৰত সমন্বিত পদ্ধতিৰে ধানখেতিৰ সৈতে মীন পালন এক আদৰ্শনীয় পদ্ধতি। আমাৰ কৃষক ৰাইজে তাহানিৰ পৰাই ধাননি পথাৰত জেং আদি থৈ মাছ ধৰি আহিছে যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ুৰ সৈতে খাপ খোৱা বিজ্ঞানসন্মত সমন্বিত পদ্ধতিৰ জৰিয়তে ধান আৰু মাছ দুয়োবিধৰে উৎপাদন যথেষ্ট বৃদ্ধি কৰিব পৰা যায়। একেডৰা মাটিতেই বিজ্ঞানসন্মত ভাৱে উপযুক্ত জাতৰ ধানৰ সঁচৰ লগতে সেই পৰিবেশত খাপ খোৱা উপযুক্ত প্ৰজাতিৰ মাছৰ খেতি কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰি। অসম কৃষি বিশ্ববিদ্যালয়ে অনুমোদন জনোৱা এনে তিনিটা প্ৰযুক্তি থোৰতে তলত উল্লেখ কৰা হ’লঃ
বৰ্ষাকালীন পদ্ধতিঃ এই পদ্ধতিত আহুআৰু শালি দুয়ো শ্ৰেণীৰ ধানখেতি কৰা দুই বিঘা মাটিৰ একোটা গোট নিৰ্বাচন কৰি লোৱা হয়।
ক) খাৱৈ বা পুখুৰী খননঃ পথাৰখনৰ চাৰিওফালে মুঠ মাটিকালিৰ পাঁচভাগৰ এক অংশত ১.২ মিটাৰ গভীৰতাৰ খাৱৈ খান্দি লোৱা হয়। সুবিধা অনুযায়ী পথাৰখনৰ একাষত ২ মিটাৰ গভীৰতাৰ এটা পুখুৰী খান্দি ল’ব লাগে। মাটিখিনিৰ চাৰিওফালে ওখ বান্ধ দি ভিতৰৰ মাছ বাহিৰলৈ আৰু বাহিৰৰ মাছ ভিতৰলৈ ওলোৱা-সোমোৱাত বাধা দিব লাগে।
খ) ধানখেতিঃ ফেব্ৰুৱাৰী-এপ্ৰিল মাহৰ পৰা জুন-জুলাই মাহৰ ভিতৰত অহুকালৰ ভিতৰত আহুধানৰ খেতি কৰা হয়। আহুধান চপোৱাৰ পিছত শালিধানৰ বাবে মটিডৰা প্ৰ্স্তুত কৰি ১৫ আগষ্টৰ ভিতৰত শাৰীবদ্ধ পদ্ধতিত ধান ৰোৱা হয়। প্ৰয়োজনীয় অনুপাতত ৰাসায়নিক সাৰ, জৈৱিক সাৰ আৰু ৰঞ্জিত, বহাদুৰ আদিৰ দৰে মধ্যমীয়াভাৱে ওখ, হালি নপৰা ধানৰ জাত ব্যৱহাৰ কৰিব লাগে।
গ) মাছ পালনঃ খাৱৈত ৯০ ছেণ্টিমিটাৰ পানী জমা হোৱাৰ লগে লগে গোটটোত ৫ কিলোগ্ৰাম চূণ প্ৰয়োগ কৰিব লাগে। ৭ দিন পাছত খাৱৈৰ পানীৰ কালি অনুযায়ী প্ৰতিবিঘাৰ বাবে ১৪০ কিলোগ্ৰাম হিচাপত গোবৰ আৰু ইয়াৰ ৭ দিন পাছত ১.৬৭ কিলোগ্ৰাম ইউৰিয়া আৰু ১.৩৩ কিলোগ্ৰাম একক চুপাৰ ফচফেট সাৰ প্ৰতিমাহে প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ ১৫ দিন পাছত ১০-১৫ ছেণ্টিমিটাৰ আকাৰৰ ডাঙৰ মাছৰ পোনা প্ৰতিবিঘাত ৮০০-১১২০ টা মেলিব লাগে।
উৎসঃ কৃষি বিভাগ, অসম (সংগৃহীত)
Share your comments