1. পশুপালন

তুল্যকালীন পদ্ধতিৰে ধানৰ লগত মাছ পালন সম্পৰ্কে জানো আহক-

KJ Staff
KJ Staff
তুল্যকালীন পদ্ধতিৰে ধানৰ লগত মাছ পালন
তুল্যকালীন পদ্ধতিৰে ধানৰ লগত মাছ পালন

বৰ্ষকালীন পদ্ধতিত আহু আৰু শালি দুইটা খেতি কৰিব পৰা যায়। আমি এই নিবন্ধত অকল শালি খেতিৰ সমন্বয়ত মাছ পালন সম্পৰ্কে আলোচনা কৰিম। যদি আপোনাৰ ঘৰত থকা মাটিডৰাৰ গভীৰতা কম অৰ্থাৎ মজলীয়া হয় আৰু পানী অৱধাৰণ ক্ষমতা থকা মাটি হয়, তেনেহ’লে সেই মাটিডৰাত ধানৰ লগত মাছ খেতি কৰিব পাৰি। শালি খেতিৰ ক্ষেত্ৰত প্ৰযোজ্য এই পদ্ধতিটোক তুল্যকালীন(Synchronous system) পদ্ধতিৰে মাছ পালন বুলি নামকৰণ কৰা হৈছে।

এই সমন্বিত পদ্ধতিৰ বাবে ৪ কঠা মাটি হ’লেই যথেষ্ট হ’ব। এই পদ্ধতিৰ বাবে মাছৰ কাৰণে খাৱৈ অথবা পুখুৰী খন্দা হয়। এই খাৱৈ বা পুখুৰী খান্দোতে যিখিনি মাটি পোৱা হয়, সেইখিনি খেতিডৰাৰ চাৰিওফালে দি বান্ধ প্ৰস্তুত কৰা হয়। বান্ধটোৰ উচ্চতা মুঠ পানীৰ উচ্চতাতকৈ ৬০ ছেন্টিমিটাৰ ওপৰত হ’ব লাগে। মাছৰ জিৰণিৰ বাবে খন্দা খাৱৈৰ গভীৰতা ৫০ ছেন্টিমিটাৰ আৰু প্ৰস্থ ৬০ ছেন্টিমিটাৰ হ’লেই যথেষ্ট। যদি আপোনাৰ খেতি কৰা মাটিডৰা ৪ কঠাৰ হয়, তেনেহ’লে তাক সমানে চাৰিভাগ কৰিব লাগে। অৰ্থাৎ মাটিডৰাৰ মাজত খাৱৈ খান্দিব লাগে আৰু চাৰিওফালে খাৱৈৰ ব্যৱস্থা কৰিব লাগে। এই খাৱৈৰ প্ৰস্থ ৩০ ছেন্টিমিটাৰ আৰু গভীৰতা ৩০ ছেন্টিমিটাৰ হ’ব লাগে। দুকঠা মাটিৰ বাবে দীঘে বা পথালিয়ে এটা খাৱৈ হ’লেই হয়। তাতকৈ কম মাটিত মাজৰ খাৱৈ নালাগে।

মাটিডৰাৰ অৱস্থান অনুসৰি খাৱৈৰ সলনি খাল বা পুখুৰী খান্দিও তুল্যকালীন পদ্ধতিত শালিখেতিৰ লগত মাছ পালন কৰিব পাৰি। মাছৰ জিৰণিৰ বাবে ব্যৱহাৰ কৰা এই পুখুৰী বা খাল পদ্ধতিটোক তুল্যকালীন আশ্ৰয় পুখুৰী পদ্ধতি বুলি কোৱা হয়। আশ্ৰয় পুখুৰীৰ গভীৰতা ১.৫ মিটাৰ হ’ব লাগে। পুখুৰীটোৰ পাৰ ৰাখিব নালাগে। মাটিডৰাৰ দুই কাষে ৯০ ছেন্টিমিটাৰ বহল আৰু ৯০ ছেন্টিমিটাৰ দ এটা খাৱৈ খনন কৰি পুখুৰীটোৰ সম্প্ৰসাৰণ কৰা হয়।

তুল্যকালীন পদ্ধতিত ৪ কঠা মাটিৰ প্ৰায় ৬৫ বৰ্গমিটাৰ ঠাই খেতিৰ বাবে ব্যৱহৃত হয়। ধান খেতিৰ বাবে পথাৰ প্ৰস্তুতিৰ লগে লগে খাৱৈ/পুখুৰী মাছ পালনৰ বাবে উপযুক্ত কৰি ল’ব লাগে। খাৱৈ বা পুখুৰীত সংমিশ্ৰিত পদ্ধতিত ব্যৱহাৰৰ লেখীয়াকৈ চূণ, গোবৰ, সাৰ আদি নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰয়োঘ কৰিব লাগে। মাছৰ লগত ধান খেতি কৰিলে ধানৰ জাত ভাল হোৱা উচিত, অৰ্থাৎ অতি ওখ, উচ্চ উৎপাদনক্ষম, শকত গা-গছযুক্ত শালিধানৰ বিভিন্ন প্ৰকাৰৰ সঁচ ব্যৱহাৰ কৰিব পাৰিলে ভাল। ধান সিঁচাৰ ১৫ দিন পিছত খাৱৈ/পুখুৰীত মাছ মেলিব লাগে। কিয়নো ধানে সজালো ধৰাৰ পিছত মাছ মেলিলে ধাননি ডৰাৰ গুৰি মাছে খুচৰি দি্যাৰ ফলত সি বাহিৰৰপৰা খনিজ লৱন আদি লোৱাত সহায়ক হয়।

তুল্যকালীন পদ্ধতিৰে ধানৰ লগত মাছ পালন কৰিলে মন কৰিবলগীয়া কথাটো হ’ল- মাছ পোনাসমূহ উচ্চ উষ্ণতা, ঘোলা, বাম পানীত বাঢ়িব পৰা প্ৰজাতিৰ হ’ব লাগে। পানীৰ নিম্নস্তৰত বাস কৰা কমন কাৰ্প, ভাঙোন, মিৰিকা মাছৰ উপৰি মাগুৰ, শিঙি, কাৱৈ আদি বায়ুশ্বাসী মাছ এই পদ্ধতিৰ বাবে উপযোগী। বায়ুশ্বাসী মাছ ব্যৱহাৰ কৰিলে মাটিডৰাৰ চাৰিওফাল প্ৰয়োগ কৰা বান্ধৰ ওপৰত বাঁহৰ বান বা নাইলনৰ জাল ব্যৱহাৰ কৰিব লাগে। কাৰণ এই মাছবোৰে মাটিত বগাই যাব পাৰে। প্ৰতি হেক্টৰত ১০,০০০টা(১৩৩০টা/বিঘা) বিভিন্ন প্ৰজাতিৰ মাছ মেলিব লাগে। মাছৰ খাদ্য হিচাপে চাউলৰ মল আৰু খেলিহৈ ১:১ অনুপাতত মিহলাই লাডু কৰি মাছৰ সম্ভাব্য ওজনৰ ৩ শতাংশ হাৰত মাছক যোগান ধৰিব লাগে। পানীৰ গুণাগুণ নিয়ন্ত্ৰিত ৰাখিবলৈ ০.১ হেক্টৰৰ জ্বাবে প্ৰতি মাহত ১.৫ কিলোগ্ৰাম চূণ পানীত পাতলকৈ মিহলি কৰি তাক চাৰিওফালে ছটিয়ায় দিব লাগে। ধানৰ কিবা বেমাৰ হ’লে ধানত কীটনাশক দৰব প্ৰয়োগ কৰাৰ সময়ত বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

যদি ধান কটাৰ আগেয়ে বা পিছত পথাৰত পানী কমি যায় তেনেহ’লে খাৱৈ/পুখুৰীৰপৰা মাছবোৰ উঠাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। মাছৰ ওজন ৭৫০ গ্ৰাম হ’লে তাক বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে। বিক্ৰীৰ উপযুক্ত নোহোৱা মাছখিনি অন্য পুখুৰীত মেলাৰ ব্যৱস্থা কৰিব লাগে। এই পদ্ধতিত পানী কমি যোৱাৰ পিছত মাছত ই ইউ এছ(মাছৰ ঘাঁ মহামাৰী) হ’ব পাৰে। সেয়েহে সময় থাকোতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

তুল্যকালীন পদ্ধতিত ০.১ হেক্টৰ একোটা গোটৰপৰা বছৰি প্ৰায় ৩২০ কিলোগ্ৰাম ধান,ক ৪০০ কিলোগ্ৰাম খেৰ আৰু ৯০-১০০ কিলোগ্ৰাম মাছহ পোৱা যায়। ইয়াৰ সঞ্চালন ব্যয়ৰ ওপৰত ১০৫ শতাংশ লাভ হয়। আমাৰ অসমত এনেদৰে ধানখেতি কৰিব পৰা মাটি যথেষ্ট আছে। ধাননিডৰা যদি পানী থকা হয়, তেনেহ’লে তুল্যকালীন পদ্ধতিৰে আশ্ৰয় পুখুৰী খান্দি মাছ পালন কৰিলে আমি লাভাম্বিত হ’ব পাৰিব

অলপ কষ্ট কৰি আমি শালখেতিৰ লগত মাছ পালন কৰিলে আমাৰ মাছৰ উৎপাদন বৃদ্ধিৰ লগে লগে ধানৰ উৎপাদনো বাঢ়িব। গতিকে একেডৰা মাটিৰপৰা একে সময়তে আমি ধান আৰু মাছ দুয়োটাই পাবলৈ সক্ষম হ’ম। মাছৰ উৎপাদনত অলপ হ’লেও বৰঙণি যোগাব।

লেখক: প্ৰতুল ডেকা, মীন উন্নয়ন বিষয়ামীন বিভাগ

লগতে পঢ়ক-সমন্বিত কুকুৰা আৰু মাছ পালন সম্পৰ্কে জানো আহক-

English Summary: Integrated Farming fish With Paddy

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.