আমাৰ ৰাজ্যখনত কৃষক ৰাইজে গৰু-ম'হ পোহাৰ ক্ষেত্ৰত সততে সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত ঘাঁহ যোগানৰ সমস্যা অন্যতম। জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষি ভূমিৰ পৰিসৰ কমি অহাৰ দৰে গৰু-ম'হ চৰিবৰ বাবে প্ৰয়োজন হোৱা চৰণীয়া পথাৰৰ পৰিসৰো দিনক দিনে কমি আহিছে। ফলত গৰু-ম'হ পুহি খেতি-বাতি কৰাত সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল।
ইফালে, গৰুহাল, খীৰতী গাইজনী আৰু ম’হটোৱেই হৈছে দৰিদ্র কৃষকৰ উপাৰ্জনৰ প্রধান সম্বল। গতিকে পোহনীয়া জীৱ-জন্তুৰ প্রতিপালনৰ বাহিৰ ৰাজ্যৰ দৰে ঘাঁহ খেতিত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। কৃষকসকলে উন্নত কৃষি পদ্ধতিৰে ঘাঁহ খেতিৰ পাতনি মেলিলে গোটেই বছৰজুৰি পোহনীয়া জীৱ-জন্তুবোৰক ঘাঁহৰ যোগান ধৰিব পৰা যায়।
লগতে পঢ়ক-
Paddy : ধানৰ লেচেৰিকটা পোকৰ সমস্যা কেনেকৈ নিৰাময় কৰিব কৃষকসকলে!
গতিকে ঘাঁহ খেতিৰ বিষয়ে দুটামান কথা লৈ আহিছো এই আলোচনাত। ঘাঁহ খেতি কৰিবৰ বাবে উৎকৃষ্ট মানৰ বা কোনো বিশেষ মাটিৰ প্রয়োজন নহয়। অসমৰ প্ৰায়বোৰ মাটিতে এই খেতি কৰিব পৰা যায়। পানী জমা হ'ব নোৱাৰা, ওখ চানেকিয়া বালিচঁহীয়া মাটি ঘাঁহ খেতিৰ বাবে অধিক উপযোগী। ঘাঁহনিডৰা ভালদৰে সংৰক্ষণ কৰিবৰ বাবে চাৰিওফালে বেৰাৰ ব্যৱস্থা থকা ভাল। এই খেতিৰ বাবে বেছি মাটি বা অধিক পৰিশ্রমৰ প্রয়োজন নহয়।
তাকৰীয়া মাটিতে কৃষক ৰাইজে নিজৰ সুবিধা সুবিধা অনুসৰি এডৰা উপযুক্ত মাটিত জেওৰা-জপনা দি বেৰি লৈ তাত ঘাঁহ খেতিৰ প্ৰস্তুতি চলাব পাৰে। ঘাঁহ খেতিৰ বাবে নির্বাচিত মাটিডৰা ৩-৪ চাহমান হাল বাই উলিয়াব লাগে। প্রাৰম্ভিক অৱস্থাত কিছুমান ঘাঁহৰ গজন শক্তি তেনেই লেহেম হোৱা দেখা যায়। সেইবাবে নির্বাচিত মাটিডৰাত যাতে অপতৃণৰ প্রভাব নাথাকে তাৰ প্ৰতি চকু ৰখা উচিত।
লগতে পঢ়ক-
Share your comments