1. পশুপালন

Milk Production: অধিক গাখীৰ উৎপাদন কৰিবলৈ আপুনি পালন কৰক এই প্ৰজাতিৰ গৰু

KJ Staff
KJ Staff

বজাৰত গাখীৰ আৰ ইয়াৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰীৰ বৰ্ধিত চাহিদাৰ বাবে এতিয়া বহু লোকে পশুপালন আৰু দুগ্ধ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে । বহু লোকৰ এতিয়া উপাৰ্জনৰ মূল  উৎসই হৈছে পশুপালন আৰু দুগ্ধ পাম ।

চাহিদা অনুসৰি লাভজনক উপাৰ্জন কৰিবলৈ আপুনিও যদিও পশুপালন আৰু দুগ্ধ ব্যৱসায় কৰিব বিচাৰে তেন্তে আপোনাৰ প্ৰয়োজন হ'ব উন্নত জাতৰ গাখীৰতী গৰু চিনাক্তকৰণ । আপুনি পালন কৰা গৰুৰ প্ৰজাতিটো ভাল হ'লেহে ইয়াৰ দ্বাৰা লাভজনক উপাৰ্জন আশা কৰিব পাৰি ।

ভাৰতবৰ্ষত এনে বহুৰ প্ৰজাতি গাখীৰ দিয়া গৰু আছে যি পশুপালনৰ বাবে অধিক লাভদায়ক । গতিকে আমি আজি এই শিতানত ৪ টা উন্নত জাতৰ গাখীৰতী গৰু বিষয়ে উল্লেখ কৰা হৈছে ।

গুজৰাটৰ গিৰ গৰু

গুজৰাটৰ গিৰ গৰুক ভাৰতৰ সৰ্ববৃহৎ দুগ্ধজাত গৰু বুলি গণ্য কৰা হয় । গিৰ গৰুৰ থলীটো বহুত ডাঙৰ, সেয়েহে কমেও ৪ টা পোৱালীয়ে একেলগে গাখীৰ খাব পাৰে । ই দিনে ৫০ ৰ পৰা ৮০ লিটাৰ গাখীৰ দিয়ে । এই গৰুৰ জাতটো গুজৰাটৰ গিৰ অৰণ্যত পোৱা যায়, সেয়েহে ইয়াৰ নাম গিৰ গৰু ।

সাহিৱাল গৰু

ভাৰতৰ হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ জিলাত সাহিৱাল গৰু পোৱা যায়। এই গৰুৰ জাতটোৰ বিশেষত্ব হৈছে যে ই বছৰত ২০০০ ৰ পৰা ৩০০০ লিটাৰ গাখীৰ দিয়ে। এই প্ৰজাতিৰ গৰুৱে পোৱালী এটা দিয়াৰ পিছত প্ৰায় ১০ মাহৰ বাবে গাখীৰ দিয়ে ।

ৰঙা সিন্ধি গৰু

ৰঙা সিন্ধি গৰু সিন্ধু অঞ্চলত পোৱা যায় আৰু সেয়েহে ইয়াৰ নাম ৰঙা সিন্ধি । ই ভাৰতত সৰ্বাধিক গাখীৰ উৎপাদনৰ বাবে জনাজাত । এই প্ৰজাতিৰ গৰুৱে প্ৰতি বছৰে ২০০০ ৰ পৰা ৩০০০ লিটাৰলৈকে গাখীৰ দিয়ে। এই প্ৰজাতিৰ গৰু ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু উৰিষ্যা আদি অঞ্চলতো পোৱা যায় ।

ৰথী গৰু

এই প্ৰজাতিৰ গৰু ৰাজস্থানৰ গংগানগৰ, বিকানেৰ আৰু জয়সলমেৰ অঞ্চলত পোৱা যায়। এই প্ৰজাতিৰ গৰুবোৰ যথেষ্ট গাখীৰ উৎপাদনৰ বাবে জনাজাত। ৰথী প্ৰজাতিৰ গাই গৰুবোৰে দিনে ১৫ লিটাৰ লৈকে গাখীৰ দিয়ে ।

লগতে পঢ়কঃ মাছৰ প্ৰজনন আৰু পোনা সংগ্ৰহ-

English Summary: highest milk producing cattle Breeds in india

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.