বানৰ তাণ্ডৱ সম্পৰ্কে নতুনকৈ অত্যুক্তি কৰাৰ নিশ্চয় প্ৰয়োজন নাই। বলিয়া বানে বিস্তৰ ক্ষতি কৰাৰ লগতে মীন পালনৰত পুখুৰীসমুহো ভাঙি চুৰমাৰ কৰি মাছসমুহ উলিয়াই নিয়ে। ধন-জন আৰু সা-সম্পত্তিৰ লগতে মীন পালনৰত পুখুৰী, মীন পাম, মীন সম্পৰ্কীয় আন্ত:গাঁথনি আদিৰো বিস্তৰ ক্ষতি সাধন কৰে। বানৰ ক্ষতি হোৱাৰ পাছত মীনপালকসকলে কেৱল ভাগ্যক ধিয়াই হাত সাবটি বহি থকাটো মুঠেই সমীচীন নহ’ব। পৰাপক্ষত বানৰ সম্ভাৱনা থকা অঞ্চল আৰু বানপীড়িত অঞ্চলৰ মীনপালকে আগতীয়াকৈ কিছু সৰ্তকামুলক ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ। এনে অঞ্চলৰ মীনপালকে বান অহাৰ আগেয়ে পুখুৰীৰ পাৰত বানৰ উচ্চতম সীমাতকৈ দুফুট ওখকৈ বাঁহৰ বানা বা নাইলনৰ আঁঠুৱা জাল পুখুৰীটো ঘেৰি মজবুতকৈ স্থাপন কৰিব লাগে।
পানী মেটেকা আদি জলজ অপতৃণ বা আন জাবৰ-জোঁথৰ আদিয়ে পুখুৰীৰ পাৰটো বা পাৰত স্থাপন কৰা বানা বা চাৰিসীমা আবৃত জালক ক্ষতি কৰিব নোৱাৰকৈ পুখুৰীটোৰ পাৰৰ পৰা ১০-১২ ফুট আঁতৰত মজবুত খুটিৰ ওপৰত বাঁহ বান্ধি দিব লাগে যাতে পানীৰ উচ্চতা অনুযায়ী ইয়াক ব্যৱহাৰ কৰি এই সমস্যাটো মোকাবিলা কৰিব পাৰি। উল্লেখযোগ্য যে বানে ক্ষতি কৰাৰ পাছতো নকৈ মীনপালন কৰিব পাৰি।এই কৌশল বা প্ৰযুক্তিৰ প্ৰতি বানাক্ৰান্ত অঞ্চলৰ মীনপালকসকলে গুৰুত্ব আৰোপ কৰা উচিত।পানী শুকোৱাৰ পাছত আগষ্ট/ছেপ্টেম্বৰ মাহ মানৰ পৰা মাৰ্চ/এপ্ৰিললৈ ন উদ্যমৰে সংমিশ্ৰিত মীনপালন কৰি ইতিমধ্যে হোৱা ক্ষতি কিছু জোৰা মাৰিব পাৰি।
জলমগ্ন পানী ক্ৰমাৎ শুকোৱাৰ লগে লগে অতি সাৱধানেৰে পুখুৰীৰ ভগা বা আন ক্ষতি হোৱা অংশসমুহ মেৰামতি কৰি ল’ব লাগে। তাৰ পাছত পুখুৰীটোত জমা হোৱা বিভিন্ন জলজ অপতৃণ যেনে মেটেকা, এৰালি, ডল ঘাঁহ, পুনি, ভেট, পদুম আদি আঁতৰাব লাগে। অপতৃণ নিৰ্মুল কৰিবলৈ পৰাপক্ষত কায়িক শ্ৰম কৰা উচিত। যদিও ৰাসায়নিক ঔষধ প্ৰয়োগেৰে অপতৃণ নিৰ্মুল কৰিব পাৰি তথাপি পৰাপক্ষত ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰা উচিত নহয়।
পুখুৰীটো অপতৃণমুক্ত হোৱাৰ পাছত বানৰ সময়ত সোমোৱা বিভিন্ন অবাঞ্জিত মাছ যেনে শল, বৰালি, গৰৈ, চেং, কাৱৈ আদি উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীত পালন কৰা সংগত প্ৰজাতিৰ মাছসমুহৰ বাদে আন সকলো মাছ মীনপালনৰ পৰিপ্ৰেক্ষিতত অবাঞ্জিত মাছ। ঘন টনা জালেৰে এই সমুহ উঠাই পেলোৱাটোৱেই উত্তম। এই মাছসমুহ তলৰ বোকা আদিত সোমাই থাকিব পাৰে সেয়েহে কেইবাবাৰো জাল মাৰি এই সমুহ উঠাই পেলোৱাটো শ্ৰেয়। ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ব্লিছিং পাউদাৰ প্ৰয়োগ কৰি অবাঞ্জিত মাছসমুহ অনায়াসে মাৰিব পাৰি। এনেদৰে মৰা মাছ খোৱাৰ বাবেও অতি উপযোগী।
প্ৰতি হেক্টৰ জলকালিৰ ২৫০-৩০০ কেজি ব্লিছিং পাউদাৰ ভালদৰে প্ৰয়োগ কৰি ঘোদালি দিলে ৪-৫ ঘণ্টাৰ ভিতৰত মাছবোৰ মৰি ওপঙি থাকিব। আধামৰা মাছবোৰো পানীৰ ঊৰ্ধ্বস্তৰলৈ ওলাই আহে। তেতিয়া সকলোখিনি মাছ ধৰিব পেলাব পাৰি। যদিও ব্লিছিং পাউদাৰ প্ৰয়োগ কৰি মৰা মাছ ভক্ষণৰ উপযোগী তথাপি পুখুৰীটোত বিষক্ৰিয়া ৭-১০ দিনমানলৈ থাকে। এই সময়ছোৱাত যাতে নতুনকৈ কোনো মাছ পোনা মেলা নহয় তাৰ প্ৰতি নজৰ ৰাখিব লাগিব।
মীনপালক সকলে মনত ৰখা উচিত- (Fish Farmer Should keep in Mind)
পুখুৰীত ১০-১৫ ছে:মি: গঢ় দৈৰ্ঘ্য আৰু ২০-২৫ গ্ৰাম গঢ় ওজনৰ পোনাহে মেলিব লাগে/আগষ্ট/ছেপ্টেম্বৰ মাহত এই জোখৰ পোনা পোৱাৰ অসুবিধাজনক নহয়।পোনা বিঘাই প্ৰতি ৮০০ টা হিচাপত দিব।দৰকাৰ হ’লে হিচাপটো কমাই দিব কিন্তু নবঢ়াব।পৰাপক্ষত বানপানীৰ পাছৰ পালনত বাহু মাছৰ পোনা নেমেলিব।এই ক্ষেত্ৰত ছিলভাৰ কাৰ্প (৩০ শতাংশ);গ্ৰাছ কাৰ্প (২০ শতাংশ);ৰৌ (১০ শতাংশ);মিৰিকা (২০ শতাংশ)আৰু কমন কাৰ্প (১৫ শতাংশ)পোনা মেলিব।বাহু মেলিব খুজিলে হিচাপটো বেলেগ হ’ব।তেতিয়া বাহু (১৫ শতাংশ);ৰৌ (১৫ শতাংশ);কমন কাৰ্প (১০ শতাংশ)ছিলভাৰ কাৰ্প (২৫ শতাংশ);মিৰিকা (২৫ শতাংশ) আৰু গ্ৰাছ কাৰ্প (১০ শতাংশ)মেলিব পাৰে।
পোনা মেলাৰ ২-৩ দিন পাছৰ পৰা মাছক খাদ্য দিব লাগে।পৰিপুৰক বিভিন্ন খাদ্য বজাৰত পোৱা যায় যদিও সহজতে উপলভ্য চাউলৰ মল আৰু সৰিয়হৰ খলি হৈ সম অনুপাতত (১:১) মিহলাই পুখুৰীত থকা মাছৰ মুঠ ওজনৰ ৪-৫ শতাংশ হিচাপত পুখুৰীত যোগান ধৰিলে উৎকৃষ্ট পৰিপুৰক খাদ্য যোগান নিশ্চিত কৰিব পাৰি। সৰিয়হৰ খলিহৈখিনি ৰাতি তিয়াই পাছদিনা সম পৰিমাণৰ চাউলৰ মল মিহলাই লাডু কৰি ডলা বা খৰাহিৰ সহায়ত তিনিটা তৰপত দিব পৰাটো উত্তম।বস্তাত ফুটা কৰিও তিনিটা বেলেগ বেলেগ তৰপত খাদ্য সহ বস্তাকেইটা ডুবাই মাছক খাদ্য দিব পাৰি।বানপানীৰ লগত যথেষ্ট জৈৱিক পদাৰ্থ আৰু পোষক দ্ৰব্য পুখুৰীত জমা হয় বাবে সাধাৰণতে বেছি সাৰ প্ৰয়োগৰ বিশেষ দৰকাৰ নহয়গৈ।
যদিহে পুখুৰীটোত শেলাইৰ অত্যাচাৰ নাথাকে তেন্তে ৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বিঘাই প্ৰতি ৭০ কেজি হাৰত কেঁচা গোবৰ (জৈৱিক সাৰ)আৰু অজৈৱিক সাৰৰ ভিতৰত ছিংগল ছুপাৰ ফছফেট ২ কেজিকৈ আৰু ইউৰিয়া ১.৫ কেজিকৈ প্ৰয়োগ কৰিব লাগে।কেঁচা গোবৰ ছিংগল ছুপাৰ ফছফেট আৰু ইউৰিয়াৰ প্ৰয়োগ বিধি সংমিশ্ৰিত মীনপালনৰ লগত একে। এইখিনিতে এটা কথা স্পষ্ট কৰি দিব বিচাৰো যে বানপানীৰ পাছত বা বানাক্ৰান্ত অঞ্চলৰ মীনপালনত প্ৰয়োগ কৰিবলগীয়া সামগ্ৰীৰ হিচাপ নিকাচসমুহ নিৰ্দিষ্টকৈ নিদান দিয়া অসুবিধা। সেই নিৰ্দিষ্ট পুখুৰীটোৰ জলবায়বীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তথা বিভিন্ন কাৰকৰ গুণাগুণ অনুযায়ীহে প্ৰয়োগিত সামগ্ৰীৰ নিৰিখ ঠিৰ কৰা হয়। বানপানীৰ পাছৰ মীন পালনত কিন্তু মাছৰ স্বাস্থ্য সততে পৰীক্ষা কৰাটো অতি দৰকাৰী। কিবা বিসংগতি দেখিলে তৎক্ষণাত মীন বিশেষজ্ঞৰ লগত যোগাযোগ বাঞ্জনীয়। এইদৰে বানাক্ৰান্ত অঞ্চলৰ মীন পালকসকল আগবাঢ়ি আহিলে বানপানীৰ ফলত সন্মুখীন হোৱা ক্ষতিৰ কিছু হ’লেও জোৰা মাৰিব পাৰিব বুলি আমি নিশ্চিত।
বানপানীয়ে দীঘলীয়া সময়ৰ বাবে প্লাবিত কৰি ৰখা অঞ্চলসমুহত অপৰম্পৰাগত পদ্ধতিৰে সঁজা সাজি মীন পালন কৰিব পাৰি।বানপানীৰ সম্ভাৱনা থকা অঞ্চলত সমন্বিত ধান আৰু মীনপালন অতি উত্তম কৌশল।এনে অঞ্চলৰ মীনপালকে পুখুৰীটো নিৰ্মাণ কৰাৰ আগতে যথেষ্ট সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয়।এই ক্ষেত্ৰত পুখুৰীৰ পাৰৰ উচ্চতা সেই অঞ্চলৰ বানপানীৰ উচ্চতম সীমাৰেখাৰ পৰা কমেও ১-১.৫ মিটাৰ বেছি হ’ব লাগে।পুখুৰীৰ পৰা প্ৰয়োজন সাপেক্ষে পানী উলিয়াই দিয়া আৰু পানী সুমুৱাব পৰাকৈ আগম আৰু নিৰ্গম নলীৰ ব্যৱস্থা থাকিব লাগে।
সংশ্লিষ্ট সকলোৱে মীন সম্পৰ্কীয় যিকোনো সমস্যাৰ সমিধানসুচক নিদান আৰু যাৱতীয় দিহা-পৰামৰ্শৰ বাবে সংশ্লিষ্ট মীন সম্প্ৰসাৰণ বিষয়া,মীন প্ৰদৰ্শক বা মীন বিভাগৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে।
লগতে পঢ়ক-Fish Farming: কেনেদৰে কৰিব শ’ল মাছ পালন? জানক সম্পূৰ্ণ তথ্য!
লেখক: ড০ ধ্ৰুৱজ্যোতি শৰ্মা
Share your comments