1. পশুপালন

Fish Farming: উন্নত পদ্ধতিৰে মীন পালন কৰি বৃদ্ধি কৰক উপাৰ্জন

KJ Staff
KJ Staff
Fish Farming
Fish Farming

অসমত যিখিনি পৰিমাণৰ মাছৰ আবশ্যক সেই অনুপাতে মৎস্য উৎপাদন কৰিব পৰা হোৱা নাই বাবে মৎস্য উৎপাদন বৃদ্ধিৰ অতি দৰকাৰ আছে। লগতে কৰ্মসংস্থান ৰ মাধ্যম হিচাপে মৎস্য পালন এক ভাল জীৱিকা হব পাৰে।

অসমত মাছৰ চাহিদা অনুপাতে মাছৰ উৎপাদনৰ পৰিমাণ আৰু আত্মনিৰ্ভৰ অসম গঠন, এই দুই দিশত অসমত মীন পালনৰ প্ৰচুৰ সম্ভাৱনা আছে।

নতুন সম্ভাৱনা চোৱাৰ আগত যদি চলি অহা মীন পালন পদ্ধতি পৰ্যালোচনা কৰা হয়, পুখুৰী খান্দি কৰা মীন পালনত কিছু অসুবিধা পোৱা যায়:

পুখুৰীত গেছৰ সৃষ্টি (Gas Produce in pond):

মাছৰ ওজন বৃদ্ধি হোৱাৰ লগতে অন্যান্য কিছু লাভৰ বাবে অতিৰিক্ত হাৰত ব্যৱহাৰ হোৱা ৰাসায়নিক যুক্ত আহাৰ আৰু আন উপাদানৰ পৰা পুখুৰীৰ পানীত হানিকাৰক গেছ উৎপত্তি হয়। যাৰ ফলত মাছৰ মৃত্যুৰ হাৰ বাঢ়ি যোৱা দেখা যায়।

খৰচ বৃদ্ধি  (Increase Expenses):

মীন পালনৰ বিভিন্ন কাৰণত ব্যৱহাৰ হোৱা আৱশ্যকীয় অনাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত খৰছ ৰ পৰিমাণ বৃদ্ধি হৈ লাভৰ পৰিমাণ কমি যায়।

মাছৰ গুণগত মানদণ্ড (Fish Quality):

অতিৰিক্ত হাৰত ৰাসায়নিক যুক্ত মাছৰ আহাৰৰ উপৰিও অন্যান্য উপাদান সমূহ ব্যৱহাৰ কৰাৰ ফলত মাছৰ গঠন, সতেজতা,সোৱাদ ইত্যাদি গুনগত মানদণ্ড নিম্নগামী হোৱা পৰিলক্ষিত হয়।

এই সমুহ ৰ লগত আন কিছুমান অসুবিধাৰ বাবে হয়তো প্ৰচুৰ সম্ভাৱনা ঠকা স্বতেও বহুলোক মীন পালনৰ দিশে আগবাঢ়ি অহা নাই বা আগবাঢ়িলেও সফল হব পৰা নাই।

সঠিক পদ্ধতিত, অভিজ্ঞ লোকৰ দিহা পৰামৰ্শ ত আগবাঢ়িলে অসমত মীন পালনৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে। ইতিমধ্যেই অসমত কিছু ব্যক্তি বৈজ্ঞানিক পদ্ধতি, সঠিক প্ৰশিক্ষণ আবলম্বনেৰে মীন পালন ক্ষেত্ৰ খনত বহুত সফল হোৱা দেখা গৈছে। তেনেকুৱা নিদৰ্শন অনুকৰন কৰি প্ৰচুৰ সম্ভাৱনা থকা মীন পালন ত অসম আগবাঢ়িব পাৰিব।

লগতে পঢ়ক-Prawn Fish farming: প্ৰন ফিছ ফাৰ্মিঙৰ জৰিয়তে উপাৰ্জনৰ সুযোগ!

প্ৰদ্যুম্ন ঠাকুৰীয়া

প্ৰচাৰক,

ধন্বনতৰী ডিষ্ট্ৰীবিউতৰ প্ৰাইভেট লিমিটেড

৯৮৬৪৪৪৭৪৪৭,৭০০২৩৩৮৭০৮

English Summary: Fish: Big Update Fish Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.