1. পশুপালন

অসমৰ বানপানী, পুখুৰী আৰু মাছ পালন

KJ Staff
KJ Staff
Fishries Challenge in Assam
Fishries Challenge in Assam

বাৰিষা কাল অহাৰ লগে লগে অসমৰ মানুহৰ মাজত এক সমস্যা আহি পৰে। সেই সমস্যাটো হ’ল বানপানী। বানপানীয়ে অসমৰ জন-জীৱনত এক সহিব নোৱাৰা সমস্যাৰ সৃষ্টি কৰাৰ লগতে নৈ, বিল আদিৰ বাঢ়নী পানীয়ে মানুহৰ জীৱন-জীৱিকা আৰু জীৱ জন্তক বাৰুকৈয়ে ক্ষতি কৰিছে। বৰ্তমান অসমৰ প্ৰায় ২২ খন জিলাৰ ২.২ মিলিয়ন মানুহ বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে। কৃষি, মীন ক্ষেত্ৰত উৎপাদন শূন্যৰ ফালে ধাৱমান হৈছে।

বিদ্যুৎ সৃষ্টিৰ বাবে কৃত্ৰিম বান্ধ নিৰ্মান আৰু পৰ্বত পাহাৰত গছ কাটি ধ্বংস কৰাৰ পৰিনতিতেই বিশ্ব পৰিবেশ ধ্বংস হৈছে আৰু সমাজত বিভিন্ন প্ৰাকৃতিক বিপৰ্যয় সৃষ্টি হৈছে। সময় থাকোতেই আমাৰ সমাজৰ মানুহে যদি এই ক্ষেত্ৰত এক উচিত সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহলে অদূৰ ভৱিষ্যতে ই ভয়ানক বিপৰ্যয় মাতি আনিব।

অসমত উপৰ্যুপৰি হোৱা বানৰ ফলত মৎস খণ্ডত যি অভাৱনীয় ক্ষতি হ’ল  তাক সহজতে পূৰ্ণ কৰিব পৰা নাযায়। প্ৰতিবছৰে এইদৰে অহা বানে অসমৰ মীন পালকসকলৰ মাজত এক প্ৰাচীৰ হিচাপে থিয় দিছে। অসমৰ মীন ক্ষেত্ৰখনক জীয়াই ৰাখিবৰ বাবে বানপানী হোৱাৰ পিছত মাছ পালনৰ ব্যৱস্হা কৰিব লাগিব। এই নিবন্ধত বানপানীৰ পিছত আমাৰ পুখুৰী সমূহত মাছ পালনত বিভিন্ন লব লগা উপায় সম্বন্ধে আলোচনা কৰিম।

  1. বানপানী কমাৰ লগে লগে আমাৰ মীন পালকসকলে তেওঁলোকৰ পুখুৰীটো পুনৰ মাছ পালনৰ উপযুক্ত কৰি তুলিব লাগিব।

  2. যদি পুখুৰীৰ পাৰ/বান্ধ সমূহ ঠায়ে ঠায়ে ভাঙিছে তেনেহলে পাৰসমূহ মেৰামতিৰ ব্যৱস্হা কৰিব লাগে।

  3. পাৰসমূহ মেৰামতি কৰাৰ পিছত পুখুৰীৰ পানীত বিভিন্ন অলাগতিয়াল মাছ থাকিব পাৰে, সেই মাছ সমূহ জাল মাৰি উঠাই দিয়াৰ ব্যৱস্হা কৰিব লাগে।

  4. অলাগতিয়াল মাছ সমূহ উঠাই দিয়াৰ পিছত পুখুৰীৰ পানীত চূণ দিয়াৰ ব্যৱস্হা কৰিব লাগে। পুখুৰীত চূণ দিয়াৰ ফলত বানপানীত প্ৰবেশ কৰা বিভিন্ন বীজানু ধ্বংস হ’ব আৰু পানীৰ পি এইচ মাছৰ উপযোগী কৰি তুলিব।

পুখুৰীত চূণ দিয়াৰ কৌশল

১ বিঘাৰ এটা পুখুৰীত ১০ কিঃ গ্ৰাঃ পোৰা চূণ বা খোৱা চূণ এটা পাত্ৰত গুলি লৈ ঠাণ্ডা হোৱাৰ পিছত তাত ১ কিঃ গ্ৰাঃ হালধি মিহলি কৰি পুখুৰীৰ পানীত চটিয়াই দিব লাগে। মন কৰিব যাতে এই মিশ্ৰণ পুখুৰীৰ সকলো পানীত সমানে মিহলি হয়। পুখুৰীত পানী দিয়াৰ ৭-১০ দিন পিছত নিৰিখমতে ইউৰিয়া, চিঙ্গল চুপাৰ ফছফেট পুখুৰীৰ পানীত দিয়াৰ ব্যৱস্হা কৰিব লাগে। মনত ৰাখিব পুখুৰীত ৰাসায়নিক সাৰ দিয়াৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল’ব। ৰাসায়নিক সাৰ দিয়াৰ ১৫ দিন পিছত পুখপৰীত মাছ পোনা দিয়াৰ উপযুক্ত হ’ব।

জাল মৰাৰ সময়ত আপোনালোকে পুখুৰীত থকা মাছৰ সংখ্যাৰ এটা আনুমানিক হিচাপ পাইছে। গতিকে তাৰ লগত সংগতি ৰাখি বিঘাই প্ৰতি ৪-৬ ইঞ্চি দৈৰ্ঘ্যৰ ১০০০ টা পোৱালি পুখুৰীত মেলাৰ ব্যৱস্হা গ্ৰহণ কৰক। অতি কমেও ৪-৬ প্ৰজাতিৰ মাছ পুখুৰীত পালন কৰিলে ভাল। যিহেতু বানপানীৰ মাছ পালন কৰা সময় কম পোৱা যায়  সেয়েহে মাছৰ আকৃতি ডাঙৰ হলে ভাল। পুখুৰীত মাছ মেলাৰ পিছত মাছৰ কৃত্ৰিম খাদ্য দিয়াৰ প্ৰয়োজন। কৃত্ৰিম খাদ্য হিচাপে আমি বজাৰত কিনিবলৈ পোৱা বিভিন্ন সুষম খাদ্য গ্ৰহণ কৰিব পাৰো। সুষম খাদ্যৰ মূল্য অলপ বেছি যদিও সেই খাদ্যত প্ৰ’টিন,  ভিটামিন, মিনাৰেলৰ পৰিমাণ জোখমতে থাকে। কৃত্ৰিম খাদ্য হিচাপে আমি চাউলৰ মল, খলিহৈ আৰু ভিটামিন মিক্সাৰ ও ব্যৱহাৰ কৰিব পাৰো। পুখুৰীত মাছৰ ওজনৰ ২-৩ % হাৰত মাছৰ খাদ্য যোগান ধৰিব লাগে। মাজে মাজে পুখুৰীৰ মাছ সমূহৰ স্বাস্হ্য পৰীক্ষা কৰিব লাগে। যদি মাছৰ দেহত কিবা ৰোগ দেখা দিছে তেনেহলে তৎক্ষণাত ওচৰৰ মীন উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰিব লাগে। মীন বিষয়াৰ পৰামৰ্শমতে উপযুক্ত প্ৰতিকাৰৰ ব্যৱস্হা গ্ৰহণ কৰিলে ভাল ফল দেখা পোৱা যায়।

বানপানীৰ পিছত পুনৰাই যাতে বানপানীয়ে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে পুখুৰীৰ পাৰত বান/জাল দিয়াৰ ব্যৱস্হা কৰিব লাগে। এইটো কৰিলে পিছত মাছসমূহ পুখুৰীৰ পৰা ওলাই যাব নোৱাৰে। এইদৰে আমি উপযুক্ত কৌশল প্ৰয়োগৰ জৰিয়তে মাছ পালন কৰিলে বানত ক্ষতি হোৱাৰ পিছত ক্ষতিপূৰণ হোৱাৰ আশা থাকে। আমাৰ আশা মীনপালকসকলে মনত সাহস লৈ উপযুক্ত কৌশলেৰে এই কাম কৰিলে নিশ্চয়কৈ সুফল পাব।

লগতে পঢ়ক-Stinging Catfish: নাৰ্ছাৰী পদ্ধতিৰে দেশী শিঙি মাছ পালনৰ সহজ পদ্ধতি!

লেখক: প্ৰতুল ডেকামীন উন্নয়ন বিষয়ামাীন বিভাগঅসম

 

English Summary: Fish Farming: Fisheries after floods

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.