1. অন্যান্য

এক লাখ উন্নত প্ৰজাতিৰ গৰু আছে Mudanjiang City Mega Farm ত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
The World’s biggest dairy farm
The World’s biggest dairy farm

চীন দেশত অৱস্থিত মুডানজিয়াং মেগা দুগ্ধ পামখন বিশ্বৰ আটাইতকৈ ডাঙৰ দুগ্ধ পাম । ৰাছিয়া আৰু চীনৰ বিনিয়োগকাৰীৰ সহযোগিতাত ২০১৫ চনত গঢ় লৈ উঠে এই বিশ্ববিখ্যাত কৃষি ফাৰ্মখন। বৰ্তমান এই দুগ্ধ ফাৰ্মখনত আছে ১ লাখ গৰু আৰু প্ৰায় ২২,৫০০,০০০ একৰজুৰি আছে মুডানজিয়াং মেগা দুগ্ধ পামখন।

ফাৰ্মখনৰ গৰুবোৰ আমাৰ সাধাৰণ গৰুবোৰৰ দৰে নহয়। এক তথ্যমতে, আমেৰিকাৰ আটাইতকৈ ডাঙৰ গৰুবোৰতকৈ তিনিগুণ ডাঙৰ এই ফাৰ্মখনৰ গৰুবোৰ। ফাৰ্মখনৰ বছৰি ৮০০ মিলিয়ন লিটাৰ গাখীৰ উৎপাদন হয়। প্ৰথম অৱস্থা অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, উৰুগুৱেৰ পৰা মুডানজিয়াং মেগা দুগ্ধ পামখনলৈ গৰুবোৰ অনা হৈছিল। আমাৰ অসমৰ দৰে পথাৰত চৰিবলৈ দিয়াৰ বিপৰীতে মুডানজিয়াং মেগা দুগ্ধ পামখনৰ গৰুবোৰক ঘৰৰ ভিতৰতে ৰাখি খাদ্য শস্য আৰু পশুখাদ্যৰ যোগান ধৰে পালকসকলে।

লগতে পঢ়ক- 

নগাঁৱত লাম্পিৰ ভয়াৱহ ৰূপ, মৃত্যুমুখত পৰিছে অধিকাংশ আক্ৰান্ত গৰুৱেই

কাৰণ চীনত জনসংখ্যা অনুপাতে মাটি সীমিত। এনেদৰে ঘৰৰ ভিতৰতে গৰু পোহা কাৰবাৰটো চীনাসকলে আমেৰিকাৰ পৰা লোৱা। গৰুবোৰক গোটেই বছৰটো ঘৰৰ ভিতৰতে ৰখা হয় আৰু ৰ’দৰ সীমিত সুবিধা থকা আন্ধাৰ চেডত থাকিবলৈ দিয়া হয়।

বিশেষ প্ৰজননৰে গৰুৰ পোৱালী জগোৱা হয়। গৰুক গাখীৰৰ বাহিৰে মাংসৰ বাবে বিশেষ পদ্ধি ব্যৱহাৰ কৰে পালকসকলে। তথ্য মতে, তিনি বছৰত প্ৰতিটো গৰুৰ ওজন প্ৰায় ৬ টনৰ পৰা ৮ টনলৈ হয়।

লগতে পঢ়ক- 

Rural business ideas : হাতৰটো এৰি বাটৰটোলৈ আৰু কিমান দিন ৰ'ব

English Summary: Mudanjiang City Mega Farm : The World’s biggest dairy farm.

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.