
এজোলা এবিধ পানীত ভাঁহি থকা ক্ষুদ্ৰ ঢেকীয়া জাতীয় উদ্ভিদ। ই পানীত অতি কম সময়ৰ ভিতৰতে বিস্তাৰিত হয়। এজোলা জৈৱ সাৰ বা পশু খাদ্যৰ উপাদান হিচাপে ব্যবহাৰ কৰিব পাৰি। এজোলাত থকা উপাদানসমূহ হৈছে প্ৰটিন ২৫-৩৫%, খনিজ লবণ ১০-১৫%।
এজোলা খেতি কেনেকৈ কৰিব পাৰিঃ
এজোলা খুব সহজ পদ্ধতিত প্লাস্টিক পলিথিন পেপাৰ ব্যবহাৰ কৰি কৰিব পাৰি। এই পদ্ধতিত ২ মিটাৰ দীঘল, ১ মিটাৰ বহল আৰু ১৫ চেঃমিঃ গভীৰতাৰ এটা গাত খান্দি লোৱা হয়। যিহেতু গাঁতৰ উষ্ণতা ২৫ ডিগ্রী ছেলছিয়াছ হোৱাটো দৰকাৰ, সেই হেতুকে গাতটো গছৰ তলত হ'লে ভাল।
লগতে পঢ়ক-
Watermelon Farming- কৃষকসকল তৰমুজৰ খেতিৰ বতৰ আহি আছে

২-৩ দিনৰ ভিতৰত সংগ্ৰহ কৰা প্রায় ৫ কিঃগ্রাঃ কেঁচা গোবৰৰ সৈতে পানী আৰু মাটি মিহলি কৰা মিশ্ৰণত ২০ গ্রাম ৰক ফচফেটৰ এজোফাট পাউদাৰ মিহলি কৰি সর্ব্বোচ্চ ১০ চেঃমিঃ ওখকৈ গাতটো পূর্ণ কৰা হয়। এই কামখিনি সম্পূর্ণ কৰাৰ পিচত কমেও ২০০ গ্রাম এজোলা কালচাৰ গাতটোত ছটিয়াই দিয়া হয়। গড় হিচাপে এক সপ্তাহৰ ভিতৰত ২০০ গ্রাম এজোলা কালচাৰে গোটেই গাতটো সম্পূর্ণৰুপে ভৰাই দিয়ে। প্ৰতিদিনে ২৫% এজোলা চপাব লাগে। উদ্ভিদজোপা কেতিয়াও পুৰঠ হব দিব নালাগে। প্ৰতিদিনে এজোলা সংগ্ৰহ কৰিব লাগে যাতে পাছত ওপৰা ওপৰি নহয়, নহলে এজোলাৰ বাঢ়নত বিৰূপ প্ৰভাব পৰে।

অধিক তথ্যৰ বাবে সংশ্লিষ্ট বিষয়া, ঘাঁহ উন্নয়ন ক্ষেত্র, পশুপালন আৰু পশুচিকিৎসা বিভাগ, চেনিকুঠি, গুৱাহাটি, অসমত যোগাযোগ কৰক। পশুপালন আৰু পশুচিকিৎসা সম্বন্ধীয় তথ্যৰ বাবে নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।
লগতে পঢ়ক-
Share your comments