 
            অসমৰ জলাশয়ত দেখিবলৈ পোৱা কাৱৈ, গৰৈ, মাগুৰ, শিঙি, শিঙৰা, তুৰি, বতিয়া, ককিলা, শ’ল, শাল, বৰালী, কুচিয়া, ভেদেঙী, পুঠি, দৰিকনা, খলিহনা, নাৰ, বাট, পাভ, চেনী-পুঠি, মিছা, চন্দা ইত্যাদি। থলুৱা প্ৰজাতিৰ মাছবোৰৰ বজাৰ চাহিদা যথেষ্ট বেছি। থলুৱা প্ৰজাতিৰ মাছবোৰ চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহত উপযুক্ত মতা আৰু মাইকী মাছবোৰ প্ৰজননক্ষম হৈ উঠে। ন-বৰষুণৰ চাফা পানীত কণী থকা মাইকী আৰু উপযুক্ত মতা মাছৰ সৈতে প্ৰজনন প্ৰক্ৰিয়াৰে কণী এৰি দিয়ে।
সকলো ধৰণৰ মাছৰ প্ৰজনন প্ৰক্ৰিয়া একে নহয়। বেলেগ বেলেগ প্ৰজাতিৰ মাছৰ প্ৰজনন প্ৰক্ৰিয়া আৰু প্ৰজন্মৰ সময় বেলেগ বেলেগ। কিছুমান প্ৰজাতিৰ মাছে নতুন বৰষুণৰ বন্ধন পানীত কণী পাৰে। কিছুমান প্ৰজাতিৰ মাছে কম ধাৰ থকা পানীত কণী পাৰে। কিছুমান প্ৰজাতিৰ মাছে আকৌ দ’, ধাৰ বেছি থকা পানীত কণী পাৰে। কিছুমান প্ৰজাতিৰ মাছৰ কণীবোৰ পানীত উপঙি থাকে। আকৌ কিছুমান প্ৰজাতি মাছৰ কণীবোৰ পানীৰ তলত থকা উদ্ভিদ বা শিপাত লাগি ধৰি থাকে। মাছৰ কণীবোৰৰ আকৃতি যথেষ্ট সৰু হোৱা হেতুকে এজনী মাইকী মাছে ৫০০০ পৰা ১৫০০০-২০০০০ পৰ্যন্ত কণী দিব পাৰে।
আনহাতে, কণীবোৰৰ আকাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বাবে কণীৰ পৰা হোৱা পোনাবোৰৰ আকাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ হয়। পানীৰ উষ্ণতা অনুসৰি মাইকী মাছে মতা মাছৰ সহায়ত কণী এৰি দিয়াৰ ১২ ঘন্টাৰ পৰা ২৪ ঘন্টাৰ ভিতৰত উপযুক্ত কণীবোৰৰ পৰা পোনাৰ জন্ম হয়। সৰু সৰু পোনাবোৰে প্ৰথম দুদিন পিছৰে পৰা খাদ্য বিচৰা আৰম্ভ কৰে। পানীত থকা একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাকৃতিক আহাৰ, উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱকবোৰ খাদ্য হিচাপে ধৰি খাই। পোনাবোৰ ১৫০ পৰা ২০ দিন পিছত যেতিয়া কিছুপৰিমাণে ডাঙৰ হয় তেতিয়াৰ পৰাই পানীত থকা সৰু পোক-পৰুৱা, কেচু আৰু সৰু সৰু মাছবোৰ ধৰি খাই। থলুৱা জাতৰ মাছবোৰ সাধাৰণতে সৰ্ব্বভক্ষী প্ৰকৃতিৰ হোৱা হেতুকে এটা প্ৰজাতিৰ মাছে আনটো প্ৰজাতিৰ মাছক ধৰি খাই আৰু খাদ্যৰ অভাৱত একে প্ৰজাতিৰ মাছে মাছ খাই জীয়াই থাকে। ইয়াৰ পিছত আহাৰ মাহৰ শেষৰ ফালে প্ৰাকৃতিক জলাশয়ৰ বিভিন্ন উৎসৱত থলুৱা প্ৰজাতিৰ মাছবোৰেৰে উপচি থাকে।
মাছৰ বেলেগ বেলেগ প্ৰজাতি মাছবোৰে আকাৰ আকৃতি অনুযায়ী বেলেগ বেলেগ ধৰণেৰে ডাঙৰ-দীঘল হোৱা দেখিবলৈ পোৱা যায়। এনেধৰণৰ মাছবোৰক আকৌ প্ৰকৃতিৰ বুকুত থকা সাপ, ভেকুলী, বিভিন্নধৰণৰ জন্তু, বগলী, পানী কাউৰী, মাছৰোকা, চিলনী আদি জীৱবোৰে প্ৰধান খাদ্য হিচাপে ধৰি খোৱা দেখিবলৈ পোৱা যায়। থলুৱা বিভিন্ন ধৰণৰ শত্ৰুৰ পৰা নিজক বচাবৰ কাৰণে কিছু প্ৰজাতিৰ মাছে বহু সময়লৈ বোকাৰ তলত লুকাই থাকিব পাৰে আৰু কিছুমান মাছে আকৌ গাঁতত লুকাই থাকে। কাৱৈ, মাগুৰ, শিঙি, কুছিয়া, শ’ল ইত্যাদি বায়ুস্বাসী মাছে পানীৰ ওপৰত বা মুক্ত বায়ুত বহু পৰলৈ জীয়াই থাকিব পাৰে।
নিজৰ বংশ ৰক্ষাৰ কাৰণে এঠাইৰ পৰা আন ঠাইলৈ গুচি যায়। সময়ৰ গতিৰ লগে লগে প্ৰাকৃতিক জলাশয়ৰ পৰা থলুৱা প্ৰজাতিৰ মাছবোৰ কমি আহিছে। কিছুমান প্ৰজাতিৰ মাছ প্ৰায় বিলুপ্ত হৈছে আৰু বহুকেইটা প্ৰজাতিৰ মাছ প্ৰায় বিলুপ্তৰ পথত। অসমৰ জলাশয়ৰ পৰা বিলুপ্তপ্ৰায় হোৱা কেইবিধমান মাছ হ’ল- নাৰ, পাভ, বাট, লাল, চেনীপুঠি, ভেদেঙি ইত্যাদি। এনেধৰণৰ মাছবোৰ কমি অহাৰ মূল কাৰণসমূহ হ’ল-
১) প্ৰাকৃতিক পৰিৱেশৰ অৱনতি। বায়ু, শব্দ আৰু পানী প্ৰদূষণৰ ফলত থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশ বৃদ্ধি কৰাত বাধাৰ সৃষ্টি হয় আৰু পৰিৱেশৰ লগত সংগ্ৰাম কৰিব নোৱাৰাৰ ফলত লাহে লাহে বংশ বৃদ্ধিৰ হাৰ কমি আহিছে।
২) প্ৰকৃতিৰ জলাশয় কমি অহাৰ ফলত থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশ বৃদ্ধিত বাধাৰ সৃষ্টি হৈছে।
৩) কৃষিক্ষেত্রত বিভিন্নধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত থলুৱা প্ৰজাতিৰ মাছবোৰৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পৰিছে।
৪) চহৰ নগৰ আৰু কল কাৰখানাৰ পৰা অহা আবৰ্জনাবোৰে পানী প্ৰদূষিত কৰি মাছৰ বিভিন্নধৰণৰ বেমাৰ সৃষ্টি কৰাৰ উপৰিও বৃদ্ধিত বাধাৰ সৃষ্টি কৰিছে।
৫) মাছমৰীয়াসকলে বিভিন্ন সজুলিৰ সহায়ত প্ৰজননক্ষম মাছ ধৰি শেষ কৰি দিয়ে। এজনী মাইকী গাভিনী মাছ ধৰাৰ ফলত ৫০০ পৰা ১৫০০০ পৰ্যন্ত মাছৰ পোৱালি ধ্বংস কৰা হয়। থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশবৃদ্ধি আৰু পুনৰ সংৰক্ষণৰ বাবে আমি কিছু দায়িত্ব পালন কৰিব লাগিব। চ’ত মাহৰ পৰা আহাৰ মাহ পৰ্যন্ত জলাশয়ৰ পৰা উপযুক্ত মতা আৰু মাইকী গাভিনী মাছ ধৰা বন্ধ কৰিব লাগিব।
৬) প্ৰাকৃতিক জলাশয়সমূহ সংৰক্ষণ কৰিব লাগিব।
৭)থলুৱা প্ৰজাতিৰ মাছবোৰ সংৰক্ষণ আৰু বংশ বৃদ্ধিত বাধা হোৱা কাৰণসমূহৰ ওপৰত সজাগতা মূলক সভা আৰু পাঠ্যক্ৰমত অন্তৰ্ভূক্তি কৰিব লাগিব।
৮) চহৰ নগৰৰ আৰু কল-কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ পোনপটীয়াকৈ যাতে প্ৰাকৃতিক জলাশয়লৈ আহিব নোৱাৰে তাৰ ব্যৱস্হা কৰিব লাগিব।
৯) কিছু পৰিমাণে পৰিত্যক্ত জলাশয় বা দ জলাশয়ত পানী সিচি মাছ ধৰাত বাধা আৰোপ কৰিব লাগিব।
১০) কণী হোৱা মাইকী মাছ আৰু সৰু পোৱালী মাছবোৰ মাছমৰীয়াসকলে যাতে নধৰে আৰু ক্ৰেতা সকলে যাতে পবজাৰৰ পৰা কিনি নলয় তাৰ বাবেও সজাগ হব লাগিব।
এনেধৰণৰ সাৱধানতাই থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশ বৃদ্ধি কৰাৰ উপৰিও বজাৰ চাহিদা পূৰণ কৰিব পৰা যাব। অসমৰ থলুৱা প্ৰজাতিৰ মাছবোৰ বিজ্ঞানসন্মত পদ্ধিতিৰে ব্যৱসায়ভিত্তিত পালনৰ বাবে চিন্তা চৰ্চা চলি আছে যদিওঁ এতিয়ালৈকে আশানুৰূপ ফল হোৱা নাই। এনেধৰণৰ মাছবোৰ বিজ্ঞানসন্মত পদ্ধতিৰে পালন কৰা প্ৰধান অসুবিধা হ’ল- উপযুক্ত পৰিমাণে পোনাৰ নাটনি আৰু প্ৰাকৃতিক উৎসৰ পৰা প্ৰয়োজন অনু্যায়ী পোৱালী পোৱা নাযায়। যেতিয়ালৈকে এনেধৰণৰ মাছবোৰ কৃত্রিমভাৱে আৱিষ্ট প্ৰজনন সম্ভৱ নহয়, বিজ্ঞান সন্মত পদ্ধতিৰে পালন সম্ভৱ নহয়। মাগুৰ, কাৱৈ, কুছিয়া, শিঙি, শ’ল ইত্যাদি কেইবিধমান প্ৰজাতিৰ মাছ কৃত্রিমভাৱে আৱিষ্ট প্ৰজনন সফল হৈছে। এনেধৰনৰ মাছবোৰ বৰ্ত্তমানে বিজ্ঞানসন্মত পদ্ধতিৰে পালন কৰি আহিছে যদিও আশানুৰূপ ফল পোৱা নাই। পৰীক্ষামূলক পদ্ধতিৰে পালন চলি আছে। অসমৰ জলশয়ত বিভিন্নধৰনৰ অলংকাৰীক মাছ দেখিবলৈ পোৱা যায়, যেনে- চুৰি শিঙৰা, বৰকা, চেঙ, পুঠি ইত্যাদি। থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশ বৃদ্ধি আৰু আমি প্ৰতিজন ব্যাক্তিয়ে দায়িত্ব পালন কৰিব লাগিব। আহক আমি সকলোৱে একলগ হৈ অসমৰ থলুৱা মাছৰ বংশবৃদ্ধি আৰু সংৰক্ষণ কৰাৰ ব্যবস্থা কৰো ।
লেখক: অমল মেধি (সংগৃহীত)
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments