1. এগ্ৰিপেডিয়া

জলকীয়াৰ খেতি কি মাটিত কৰা হয়

KJ Staff
KJ Staff

জলকীয়া আমাৰ দেশৰ এটা নিত্য প্রয়োজনীয় পাচলি বা মছলা জাতীয় শস্যI অর্থকাৰী ফল হিচাপেও জলকীয়াৰ ব্যৱহাৰ অপৰিসীমI সকলো ধৰণৰ জলা জাতীয় খাদ্যত জলকীয়াৰ ব্যৱহাৰ অপৰিহার্য্যI জলকীয়াত বিভিন্ন ধৰণৰ ভিটামিন আছে। তাৰ ভিতৰত ভিটামিন "এ” আৰু ভিটামিন “চি” যথেষ্ট পৰিমাণৰ আছেI জলকীয়াত থকা ভিটামিন কেইটা হ’ল থয়ামিন, ৰিবোফ্লেভিন, নায়াচিন, প্র’টিন আৰু কেলছিয়ামI

জলবায়ু আৰু মাটি নিৰ্বাচন


অসমৰ মাটি আৰু জলবায়ু জলকীয়া খেতিৰ বাবে উপযোগীI আমৰে দেশত গোটেই বছৰটোত জলকীয়াৰ খেতি হৈ থাকেI সুনিষ্কাষিত পলসুৱা মাটি জলকীয়া খেতিৰ বাবে উপযোগীI সুনিষ্কাষিত আলতীয়া মাটিতো জলকীয়াৰ খেটি কৰা হয়I

জাত নিৰ্বাচন

ঠাই বিশেষ অসমত বিভিন্ন থলুৱা জাতৰ জলকীয়াৰ খেতি কৰা হয়I ইয়াৰ উপৰিও কিছুমান বীজ উৎপাদনকাৰী প্রতিষ্ঠানে উন্নত হাইব্রিড জাত প্রচলিত কৰি আছেI থলুৱা জাত যেনে চুৰীয়মুখী, সৃর্য্যমূখী, কৃষ্ণ, বালিজুৰি, পুচাজুৱালা ইত্যাদিI 
বীজৰ হাৰ (প্রতি ৩৩ শতাংশ মাটিত)

প্রতি বিঘাত চতিয়াই ৰোপন কৰিবলৈ হ’লে ৩৩ শতাংশ মাটিত ৫০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়৷ পুলি তৈয়াৰ কৰি ৰোপন কৰিলে প্রতি বিঘাত বা ৩৩ শতাংশ মাটিত ২০০ গ্ৰাম বীজ লাগেI

Chili Farming
Chili Farming

বীজ শোধন আৰু ৰোপন

৩ মিটাৰ দীঘল আৰু ১ মিটাৰ বহুল বীজতলী তৈয়াৰ কৰিব লাগেI বীজতলী শাধন কৰিবলৈ ৩-৪ ইঞ্চি ডাঠকৈ খেৰ পাতি দি পূৰি পেলাব লাগে৷ আনহাতে ১ লিটাৰ্ পানীত ১ গ্ৰাম কার্বেডাজিম জাতীয় ভেকুৰ নাশক ঔষধ দি ৩০-৪ ০ মিনিট বীজ খিনি পানীত ডুবাই ৰাখিব লাগে। শোধন কৰা বীজ শাৰী বা চতিয়াই যিমান পাৰি পাতলকৈ চতিয়াই দিব লাগে। এটা বেডৰ্ কাৰণে ২০ গ্রাম বীজ হ’লে যথেষ্টI বীজ বা বীজতলী শোধন কৰিলে শস্যত বীজ আৰু মাটিয়ে বহন কৰা ৰোগৰ্ পৰা হাত সাৰিব পাৰি। বীজতলীত কোনো ৰাসায়নিক সাৰ্ ব্যৱহাৰ্ কৰিব নালাগেI যদি পুলিৰ বৃদ্ধি কম হয় অথবা পুলিৰ্ ৰং হালধীয়া হয় তেতিয়া প্রতিটো বেডৰ বাবেই ৫০ গ্রাম ইউৰিয়া আৰু ৫০ গ্রাম জিপছাম চতিয়াই পাতলকৈ পানী দিব লাগেI

পুলি ৰোপন

  পুলিৰ বয়স ৩০-৪০ দিন হ'লে মূল মাটিত লগোৱাৰ উপযোগী হয়৷ মূল পথাৰত পুলি লগোৱাৰ ১-২ দিন আগতে বীজতলীখন তিয়াই ৰাখিব লাগে, তেতিয়া হ'লে শিপা চিঙি অহাৰ্ সম্ভাৱনা কম থাকেI মূল পথাৰত পুলি লগোৱাৰ আগতে পুলিৰ্ শিপাসমূহ অলপ কাটি দিলে জলকীয়া গছ মাটিত লাগি ধৰাত সহজ হয়I 

ৰোপনৰ দূৰত্ব

পূলিৰ পৰা পূলিলৈ ৪৫ ছে,মি (১৮ইঞ্চি) আৰু শাৰীৰ্ পৰা শাৰীলৈ 8৫ ছে:মি (১৮ইঞ্চি) হ'ব লাগেI 
সাৰ প্রয়োগ (প্রতি বিঘাত ৩৩ শতাংশ মাটিত)

জলকীয়া ছিদ্রকাৰী পোক আৰু দমন ব্যৱস্থা পূলি ৰোপন ক্ষেত্রত গোবৰ সাৰ ১টন, ইউৰিয়া ৩০ কেজি, চুপাৰ্ ফছফেট ৫০ কেজি আৰু পটাছ ৩০ কেজি প্রতি বিঘাত মাটিত প্রয়োগ কৰিব লাগেI আধা পৰিমাণ ইউৰিয়া আৰু সম্পূর্ণ গোবৰ সাৰ চুপাৰ ফছফেট, পটাছ একেলগে মাটিত চহোৱা সময়ত প্রয়োগ কৰিব লাগেI বাকী থকা ইউৰিয়া পূলি লগোৱা ৩০-৩৫ দিন পিছত ছটিয়াব লাগেI

দমন ব্যৱস্থা

পৰিস্কাৰ্ পৰিচন্নকৈ জলকীয়াৰ্ খেতি কৰিব লাগেI আক্রান্ত ফল গছৰ পাত তুলি মাটিত পুতি থব লাগেI খেতি পথাৰত পুলি ৰোৱা ৩ সপ্তাহ পাৰ পৰাই সেক্স ফেৰোমন ব্যবহাৰ কৰিলে ভাল ফল পোৱা যায়I ৫০ গ্রাম আধাফটা নিমৰ্ গুটি প্রতি ১ লিটাৰ্ পানীত ১-২ ঘণ্টা তিয়াই ৰাখি প্রতি ১o দিনৰ্ অন্তৰে অন্তৰে আক্রান্ত গছত তিনিবাৰ স্প্ৰে কৰিলে এই পোকৰ আক্রমণ কম হোৱা দেখা যায়৷ পোকৰ আক্রমণৰ মাত্রা বেছি হ’লে কূইনালফস ২৫ ইঞ্চি (কৰলাস্ক, ফিনালাষ্ক ইত্যাদি) অথবা ডায়জিনল প্রতি লিটাৰ পানীত ২ মিলিলিটাৰ্ হাৰে মিহলাই স্প্ৰে কৰিব লাগেI 
জলকীয়াৰ্ এনথ্ৰাকনোজ ৰোগ আৰু তাৰ দমন ব্যৱস্থা

ক্ষতিৰ ধৰণ

এই ৰোগত আক্রান্ত হ’লে গছৰ ডাল লাহে লাহে শুকাই মৰি যায় পাত আৰু ফুল সৰি যায় আৰু শুকুৱা ডাল বো্ৰৰ ওপৰত অসংখ্য কলা বিন্দুৰ দৰে দাগ দেখা যায়I গছৰ ফলও এই ৰোগত আক্রান্ত হয়৷ আক্রান্ত অংশ ঘূ্ৰণীয়া অথবা দীঘলীয়া পানীত তিতি থকা যেন লাগেI লাহে লাহে দাগবোৰ্ খেৰৰ্ দৰেই ৰং হৈ মাজত কলা দাগ দেখা যায়I আক্রান্ত ফল মৰি যায়I
দমন ব্যৱস্থা
সুস্থ নিৰোগী গছৰ্ পৰা বীজ সংগ্রহ কৰিব লাগে। ৰোগ হোৱাৰ্ আগতে বীজ শোধন কৰিব লাগেI আক্ৰান্ত গছত বেভিষ্টিন ১ গ্ৰাম/ ১ লিটাৰ পানীত মিহলাই ১০ দিনৰ্ মুৰে মুৰে স্প্ৰে কৰিব লাগেI

উৎস: কৃষি বিভাগ।

English Summary: What type of soil is preferred for Chili farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.