1. এগ্ৰিপেডিয়া

Taiwanese mini watermelon : সৰু তৰমূজৰ খেতি কৰক বিঘাত ৮-৯ টনকৈ উৎপাদন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Taiwanese mini watermelon farming benefit
Taiwanese mini watermelon farming benefit

ফটোত দেখা তৰমূজৰ এই জাতটোক কোৱা হয় ইংৰাজীত টাইৱান  মিনি ৱাটাৰমেলন আৰু আমি অসমীয়াত সৰু তৰমূজ বা কণ তৰমুজৰ বুলি ক’ব পাৰি। অন্য তৰমূজৰ দৰেই ইয়াক শীতকালত কৰা হয়। বৰ্তমানেও এই তৰমুজৰ খেতি আমাৰ কৃষকসকলে কৰিব পাৰে। ডিচেম্বৰৰ পৰা মাৰ্চ-এপ্ৰিললৈকে আমাৰ কৃষকসকলে ইয়াৰ খেতি কৰিব পাৰে। এই খেতিৰ বাবে পানী জমা নোহোৱা বালিঅহীয়া মাটি উপযোগী।

এই জাতটোৰ তৰমূজৰ খেতি অসমত একেবাৰে নতুন। বিগত বৰ্ষত কৃষক শৰত বৰুৱাই দুই-এজোপামান কৰিছিল বুলি জানিব পৰা গৈছিল। অসমৰ অন্য কোনো কৃষকে টাইৱান তৰমূজৰ খেতি কৰিবও পাৰে কিন্তু আমাৰ জ্ঞাত নহয়। দেশৰ প্ৰগতিশীল কৃষকসকলে সদায় নতুন শস্যৰ খেতিৰ ওপৰত গুৰুত্ব দিয়ে। গতিকে আমাৰ কৃষকসকলে, পৰিকল্পিতভাৱে সদায় গতানুগতিকভাৱে নকৰি অকণমান ব্যতিক্ৰম চিন্তাৰে নতুন শস্যৰ খেতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে।

লগতে পঢ়ক- 

New Variety bitter gourd : অধিক উপাৰ্জনৰ বাবে কেৰেলাৰ এই উন্নত জাতটোৰ খেতি কৰক

এই তৰমূজ খেতি কৰিলে এইকেইটা দিশত লাভান্বিত হ’ব-

১। আন জাতৰ তৰমুজতকৈ বেছি উৎপাদন হ’ব।

২। আন তৰমূজৰ দাম কেজি ২০ টকা হ’লে এই তৰমূজৰ দাম ৩০ টকা হ’ব।

৩। ইয়াৰ আকাৰ আন তৰমূজতকৈ সৰু বাবে বজাৰত বিক্ৰি কৰিবলৈ ভাল।

৪। ই খাবলৈ আন তৰমূজতকৈ সোৱাদযুক্ত

কৃষকসকলে এই তৰমূজৰ খেতি কৰিম বুলি ভবা কৃষকসকলে লোকেশ পাটিলৰ লগত 9098806867 এই নাম্বাৰত যোগাযোগ কৰিব পাৰিব। তেওঁলোকে কৃষকসকলক কেনেকৈ এই টাইৱান প্ৰজাতিৰ তৰমূজৰ খেতি কৰিব তাৰবাবে গাইড দিব। লগতে তেওঁলোকে কৃষকৰ পথাৰত উতপাদিত তৰমূজসমূহ তেওঁলোকে পথাৰত ক্ৰয় কৰিব। গতিকে বহু কৃষকে খেতি কৰিব বিচাৰে কিন্তু বজাৰখনৰ কথা চিন্তা কৰি ভয় কৰে। কিন্তু সেই ভয় কৰিব নালাগে আমাৰ কৃষকসকলে। উল্লেখ্য যে আমাৰ কৃষকসকলে নতুন শস্যৰ খেতি কৰোঁতে প্ৰথমবাৰৰ বাবে বেছি পৰিমাণে কৰিব নালাগে। কাৰণ সেই জাতটোৰ শস্য সেই অঞ্চলটোৰ জলবায়ুৰ লগত খাপ খাই পৰে বা নপৰে সেই কথা জনা যায়। গতিকে প্ৰথম অৱস্থাত কম পৰিমাণে কৰিব লাগে। প্ৰখমবাৰ ভাল ফলাফল লাভ কৰিলে দ্বিতীয়বাৰলৈ ব্যৱসায়িকভাৱে অধিক পৰিমানে কৰিব লাগে।

লগতে পঢ়ক- 

Best variety of Papaya : এপ্ৰিলতে ৰোপন কৰক ছেপ্তেম্বৰতে লাগিব গছত লাগিব ফল

English Summary: Taiwanese mini watermelon farming benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.