 
            অসমৰ গ্ৰাম্য কৃষকসকলে আন খেতি নহ’লেও লাই, মূলা, পালে, লফা আদিৰ খেতি কৰিবই। গতিকে ব্যৱসায়িকভাৱে এই খেতি কৰা কৃষকসকল বৰ বেছি লাভৱান নহয়। বজাৰত এটকা পৰা দুটকা দৰত এমুঠি এই শাক-পাচলি বিক্ৰি কৰিব লগা হয়। অৱশ্যে লাই-মূলাতকৈ লফা-আৰু পালেঙৰ বজাৰখন ভাল হয়।
আমাৰ কৃষকসকলে লাই-মূলাৰ দৰেই কাতি-আঘোণ মাহত কৰাৰ দৰে যিকোনো সময়তে গ্ৰীণ হাইচৰ ভিতৰত কৰিব পৰা এবিধ খেতি হ’ল – শালগোম। শালগোমৰ বজাৰ ভাল। সকলোশ্ৰেণী গ্ৰাহকৰ মাজত শালগোমৰ জনপ্ৰিয়তা আছে। লগতে ইয়াৰ কৃষি পদ্ধতিও সহজ। চাৰি-পাঁচ চাহ হাল মাৰি মাটিখিনি চহোৱাৰ পাচতে তলিখনত অলপ শুকান গোৱৰ ছটিয়াব লাগে। পৰৱৰ্তী সময়ত-
১। দুই-তিনি ফুট আঁতৰে আঁতৰে শাৰি বনাব লাগে কিন্তু বেচি গভীৰ হ’ব নালাগে। শাৰীবোৰৰ গোটা মাটিবোৰ হাতেৰে আঁতৰাই গুটি সিঁচিব লাগে।
২। গুটি সিঁচাৰ পাছতে শুকান গোৱৰেৰে গুটিবোৰ ঢাকি দিব লাগে। শালগোমৰ বাবে গোৱৰ সাৰেই যথেষ্ট যদিও ৰাসায়নিক সাৰো কৃষকসকলে ব্যৱহাৰ কৰিব পাৰে।
লগতে পঢ়ক-
অসমৰ বজাৰ ভৰি থকা স্কোৱাচৰ খেতি কেনেদৰে কৰিব!
৩। পুলি ওলোৱাৰ পাছতে মাজে পানী যোগান ধৰিব লাগে গুৰিবোৰ খুঁচৰি থাকিব লাগে। অপতৃণবোৰ উভালি থাকিব লাগে। পুলিবোৰ অকণমান ডাঙৰ হোৱাৰ পাছতে স্বাস্থ্য বেয়া হোৱা পুলিবোৰ উভালি অলপ সেৰেঙা কৰি দিব লাগে।
৪। অলপ ডাঙৰ হোৱাৰ পাছতে শেষৰ বাৰৰ বাবে শুকান গোৱৰ প্ৰয়োগ কৰিব লাগে। আৰু মাজে মাজে বনবিতবোৰ গোচাই শাৰীবোৰৰ মাজে মাজে কোৰ মাৰি চহাই দিব লাগে। কাম সিমানেই।
২ মাহৰ পাছতে কৃষকগৰাকীয়ে শালগামবোৰ বজাৰলৈ উলিয়াই দিব পৰিব। বজাৰত এক কেজি শালগোমৰ দাম ৩০-৪০ টকাৰ কোনোগুণে কম নহয়। এবিঘা মাটিত এনেদৰে শালগোমৰ খেতি কৰিলে ২-৩ মাহৰ ভিতৰতে ৫০-৬০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব কৃষকসকলে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments