1. এগ্ৰিপেডিয়া

গৰু-ম’হৰ গল ফুলা ৰোগ(হিম’ৰেজিক চেপ্টিচেমিয়া), ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ সমূহ জানো আহক

KJ Staff
KJ Staff
Disease of cow (Gal Fula)
Disease of cow (Gal Fula)

গৰু-ম’হৰ গল ফুলা এটা অতি ভয়াবহ ৰোগ। বাৰিষাৰ দিনত গৰু-ম’হবোৰ সাধাৰণতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বানপানী হোৱা বা পানী জমা হৈ থকা ঠাইত এই ৰোগৰ বীজাণু বহু দিনলৈকে জীয়াই থাকিব পাৰে। এখন ঠাইৰ পৰা অন্য ঠাইলৈ অনা গৰু-ম’হৰ ক্ষেত্ৰত এই ৰোগ সহজে হোৱা দেখা যায়।

ৰোগৰ লক্ষণসমূহ (sign of this disease)

হঠাৎ কঁপি কঁপি তীব্ৰ জ্বৰ উঠে, চকু ৰঙা হৈ পৰে আৰু দানা পানী খাবলৈ এৰি দিয়ে।

খীৰতী গাইৰ গাখীৰৰ পৰিমাণ বহু পৰিমাণে কমি যায়।

আক্ৰান্ত গৰুৰ ডিঙি আৰু গলধন ফুলি উঠে আৰু উশাহ লওঁতে কষ্ট পায়।

জিভা শুকাই যায় আৰু বাহিৰলৈ ওলাই আহে।

উপযুক্ত চিকিৎসা নাপালে আক্ৰান্ত গৰু এক বা দুই দিনৰ ভিতৰত মৃত্য মুখত পৰে।

প্ৰতিকাৰ (Treatment)

বাৰিষাৰ আগতে সকলো জন্তুকে ‘গল ফুলা বেমাৰ’ৰ ছিটা দিব লাগে।

নিৰোগী গৰুজনীক আক্ৰান্ত গৰুৰপৰা নিলগত ৰাখিব লাগে আৰু ঘাঁহ, দানা, পানী আদিও আক্ৰান্ত গৰুৰ পৰা নিলগত ৰাখিব লাগে।

     এনে ৰোগৰ লক্ষণ দেখা দিলে অতি সোনকালে পশু-চিকিৎসকসকলৰ পৰামৰ্শ ল’ব লাগে।

উৎস - দুগ্ধ সঞ্চাকালয় (অসম)

English Summary: treatment for the disease of cow Gal Fula himoregic septisemia

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.