1. এগ্ৰিপেডিয়া

পশুৰ বাবে এজলা কিয় ইমান গুৰত্বপূর্ণ, জানো আহক কাৰণ সমূহ:

KJ Staff
KJ Staff
Ejola
Ejola

  পশুপালনৰ ক্ষেত্ৰত কৃষকসকলৰ বাবে এজ’লা হৈছে এক প্ৰকৃতিৰ অৱদান। গতিকে জানো আহক ইয়াৰ প্রস্তুত প্রণালী আৰু গুনাগুন-

এজ’লা এবিধ শেলুৱৈ যি অসমীয়া কৃষকৰ মাজত ‘পুনি’ নামেৰে জনাজাত। এই শেলুৱৈবিধৰ উপকাৰিতা গুণ ইমান বেছি যে কৃষক ৰাইজে পশুক দিয়াৰ পিছত নিজেই উপলব্ধি কৰে। এজ’লাত অধিক পৰিমাণে প্ৰ’টিন আৰু নাইট্ৰ’জেন পোৱা যায়

এজ’লাত পোৱা উপকাৰী পদাৰ্থসমুহ -

এজ’লাত অধিক পৰিমাণে পোৱ যায় প্ৰ’টিন, ভিটামিন (ভিটামিন এ, ভিটামিন বি), বিভিন্ন মিনাৰেল অৰ্থাৎ খনিজ পদাৰ্থ যেনে কেলচিয়াম, ফছফৰাছ, পটাছ, আয়ৰন, মেগনেচিয়াম ইত্যাদি। এজ’লাই গাখীৰৰ পৰিমাণ ১৫% বৃদ্ধি কৰিব পাৰে। এজ’লা ভেৰা, ছাগলী, কুকুৰা, শহাপহুৰ খাদ্যৰ লগতো দিব পাৰি।

এজলাৰ খেতি কৰাৰ পদ্ধতি:

১) এডোখৰ ঠাণ্ডা ঠাইত য’ত প্ৰখৰ ৰ’দ নপৰে তাত ২ মিটাৰ দীঘল, ১ মিটাৰ বহল, ০.২ মিটাৰ দ এটা গাঁত খান্দিব লাগে।

২)গাঁতটো প্লাষ্টিকেৰে সম্পুৰ্ণপে ঢাকি দিব লাগে। গাঁতটো চিমেণ্টেৰে তৈয়াৰ কৰিব পাৰি। যদি চিমেণ্ট ব্যৱহাৰ কৰে, তেন্তে প্লাষ্টিক ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।

৩) ১০-১৫ কিল’গ্ৰাম মাটি গাঁতটো দিব লাগে।

৪) ২ কিল’গোবৰ , ৩০ গ্ৰাম ছুপাৰ ফছফেট, ১০ লিটাৰ পানী মিলাই গাঁতটোত ঢালিব লাগে।

৫) পানীৰ স্তৰটো ১০ চেণ্টিমিটাৰ ৰখা উচিত।

৬) ৫০০ গ্ৰামৰ পৰা ১ কিল’গ্ৰাম এজ’লাৰ পুলি গাঁতটোত দিব লাগে। এনেদৰে প্ৰস্তুত কৰাৰ এসপ্তাহৰ ভিতৰত এজ’লা দুগুণ পৰিমাণত গঢ় লৈ উঠে।

প্ৰতি পাঁচ দিনৰ অন্তৰত এবাৰ ২০ গ্ৰাম ছুপাৰ ফছফেট আৰু ১ কিল’ গোবৰ গাঁতত দিলে এজ’লাৰ বিকাশ ভাল হয়।

১.৫-২.০ কিল’ পুনি যদি গৰুক নিয়মিত আহাৰৰ লগত খুৱায়, তেন্তে সুফল পোৱা যায়।

এজ’লাক জীৱ-জন্তুৰ ক্ষেত্ৰত কেনেদৰে দিয়া উচিত -

এজ’লা খাবলৈ দিয়াৰ আগত প্ৰথমে ইয়াক ভালদৰে চেকি ল’ব লাগে যাতে পানীখিনি পুনিৰ পৰা আঁতৰি যায়। ইয়াৰ পিছত এজ’লাক আকৌ এবাৰ ধুব লাগে যাতে গোবৰৰ গোন্ধ গুচি যায়। শেষত প্ৰাপ্ত এজ’লাক দানাৰ লগত মিহলাই জন্তুক খুৱাব পাৰে।

কৃষকসকলৰ বাবে এজ’লাই সুফল আনিব পাৰে, কিয়নো ই কেৱল গাখীৰ উৎপাদনতে সহায় নকৰে , বৰঞ্চ ই জীৱ-জন্তুৰ শাৰীৰিক বিকাশতো যথেষ্ট সহায় কৰে।

এজ’লা উৎপাদনৰ কাৰণে কিছুমান প্ৰয়োজনীয় কথা -

১) এজ’লা উৎপাদনৰ কাৰণে সৰ্বাধিক উষ্ণতা হৈছে ৩০° চেণ্টিগ্ৰেড। ইয়াতকৈ বেছি উষ্ণতা পুনিয়ে সহ্য কৰিব নোৱাৰে।

উৎস - বিকাশপেডিয়া

English Summary: Know all about the ejola in assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.