অসমৰ চাহ উদ্যোগে ২০০ বছৰ গৰকিছে৷ এই ২০০ বছৰীয়া যাত্ৰাকালত চাহ উদ্যোগে অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনলৈ বিশাল বৰঙণি আগবঢ়াই আহিছে৷ সম্প্ৰতি অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এক শক্তিশালী অৱদান এই ক্ষুদ্ৰ চাহ বাগিচাসমূহ৷ বিগত দিনত চাহৰ দৰেই গ্ৰীণ টীয়েও অসমৰ পৰা বিশ্বৰ বজাৰত থিয় হ’বলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ অসমৰ পৰা দেশৰ লগতে বিশ্বৰ বজাৰ দখল কৰিব পৰা আন এক বিষয় হ’ল ষ্টেভয়া৷ ষ্টেভিয়াক অসমীয়াত মিঠাপাত, মৌপাত, চেনীপাত আৰু মিঠা তুলসী পাত নামেৰে জনা যায়। বৰ্তমান ষ্টেভিয়াক বিশ্বত চেনীৰ এক বিকল্প হিচাপেও ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। কাৰণ মধুমেহ ৰোগীৰ বাবে চেনী বা কৃত্ৰিম মিঠা কোনোটোৱেই সুবিধাজনক নহয়৷ ইয়াৰ বিকল্প হিচাপে সমগ্ৰ বিশ্বত ষ্টেভিয়াই এক বিশ্বাসযোগ্য স্থিতি লাভ কৰিছে৷ বিশ্বত যিমানেই মধুমেহ ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে, সিমানেই ষ্টেভিয়াৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে৷ সম্প্ৰতি ভাৰতবৰ্ষই Diabetes Capital of the world’ বুলি এক পৰিচয় লাভ কৰিছে। গতিকে ভাৰতৰ জনসংখ্যা আৰু মধুমেহ ৰোগীৰ সংখ্যালৈ লক্ষ্য কৰি ভাৰতত এখন ষ্টেভিয়াৰ বৃহৎ বজাৰ সৃষ্টি হৈছে৷
এই বৃহত বজাৰখনৰ বাণিজ্যিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত ইতিমধ্যেই ইয়াৰ ব্যৱসায়িক ভিত্তিত ষ্টেভিয়াৰ খেতি আৰম্ভ হৈছে৷ পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, হিমাচল, কৰ্ণাটক, উত্তৰাখণ্ডত কৃষকসকলে ষ্টেভিয়া খেতিত গুৰুত্ব দিছে৷ বিশ্বৰ ভিতৰত সকলোতকৈ বেছি ষ্টেভিয়াৰ খেতি কৰিছে চীনে৷ অসমতো এই খেতি ইতিমধ্যে আৰম্ভ হৈছে৷ খুব এটা যোগাত্মক কথা যে গৱেষণাত প্ৰমাণিত হৈছে অসমৰ মাটি আৰু জলবায়ু ষ্টেভিয়াৰ বাবে অতি উপযোগী। ষ্টেভিয়া খেতিত লাভেই লাভ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ ভিতৰতে এখন বৃহৎ বজাৰ পৰি আছে ষ্টেভিয়াৰ৷ মাৰ্চ আৰু এপ্ৰিল মাহ ষ্টেভিয়া ৰোপণৰ উপযুক্ত সময়৷ ষ্টেভিয়া খেতিৰ বাবে ওখ, পানী জমা নোহোৱা আৰু বালিচহীয়া মাটিৰ বিশেষ প্ৰয়োজন৷ এবাৰ ৰোপণ কৰিলে ৬ বছৰলৈকে একেজোপা গছেই উৎপাদন দিয়ে৷ প্ৰতিবছৰে ১৫ শতাংশকৈ উৎপাদন বৃদ্ধি হয়৷ প্ৰায় ১ মিটাৰলৈ ওখ হয় ষ্টেভিয়া গছ৷ প্ৰতি দুমাহৰ অন্তৰে অন্তৰে ষ্টেভিয়া গছ কাটি পাত সংগ্ৰহ কৰা হয়৷ এবিঘা মাটিত ৫০০-ৰ পৰা ৯০০ কেজি ষ্টেভিয়া তথা মিঠা তুলসীৰ শুকান পাত উৎপাদন হয়৷ প্ৰতি কেজি শুকান পাতৰ নূন্যতম মূল্য ১৮০ টকা৷ এক বিঘা মাটিত ষ্টেভিয়া খেতি কৰি বছৰি ১ লাখ টকাতকৈ অধিক পোৱা যায়৷ দ্বিতীয় বছৰৰ পৰা ২ লাখ টকালৈকে পোৱা যায়৷ এক বিঘা মাটিত প্ৰায় ১৫,০০০ মান পুলিৰ প্ৰয়োজন হয়৷ প্ৰতিটো পুলিৰ দাম প্ৰায় ৩ টকা৷ প্ৰথম বছৰতহে পুলিৰ বাবে খৰচ হয়৷ টিচু কালচাৰ কৰি উৎপাদন কৰা ষ্টেভিয়া পুলি ভাল হয়৷
অসমত ষ্টেভিয়া খেতিৰ বাবে কাম কৰি আছাম ষ্টেভিয়া নামৰ এটা গ্ৰুপে। এই গ্ৰুপটোৰ আটাইকেইজন সদস্যই উচ্চশিক্ষিত। তেওঁলোকে দেশ-বিদেশৰ বিভিন্ন ঠাইত গৈ ষ্টেভিয়া খেতি সন্দৰ্ভত প্ৰশিক্ষণ লৈ অসমত ষ্টেভিয়া খেতিৰ এটা জোৱাৰ আনিবলৈ চেষ্টা কৰিছে। তেওঁলোকে কৃষকসকলক ষ্টেভিয়া খেতি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে, পুলি যোগান ধৰে আৰু কৃষকসকলৰ পৰা পথাৰত উতপাদিত ষ্টেভিয়াসমূহ ক্ৰয় কৰে। আগ্ৰহী কৃষকসকলে ষ্টেভিয়া কৰিবলৈ আৰু এই খেতি সন্দৰ্ভত জানিবলৈ আছাম ষ্টেভিয়া নামৰ গ্ৰুপটোৰ লগত যোগাযোগ কৰিব পাৰে। তদুপৰি অসমত স্টেভিয়াৰ সৈতে জড়িত আন ব্যক্তি আৰু প্ৰতিষ্ঠান কেইটামান হলঃ হেনিমেন চেৰিটেবল চছাইটি, গুৱাহাটীৰ পংকজ কলিতা, নলবাৰীৰ সোণধন ডেকা। বিগত ৮ বছৰত অধিক সময় ধৰি অসমত স্টেভিয়াৰ উৎপাদন আৰু প্ৰচাৰ-প্ৰসাৰত জড়িত হৈ আছে সোণধন ডেকা৷ ডেকাই জনোৱা মতে, অসমত সম্প্ৰতি ৪০ জন খেতিয়ক কৰ্মৰত৷
শেষত কওঁ- এক একৰ কৃষিভূমিত এই খেতি কৰি কৃষকসকলে প্ৰতি বছৰে কমেও ৬ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰে। কিন্তু দুখৰ কথা যে অসমৰ কৃষকসকল এইক্ষেত্ৰত অতি অসচেতন। এই অসচেতনতাৰ সুযোগ লৈয়ে বহি:ৰাগত কৃষকে অসমত আহি ষ্টেভিয়া খেতি কৰি ইয়াৰ ব্যৱসায়িক দিশটো নিজ হাতলৈ লৈ যোৱাৰ শংকা প্ৰকাশ কৰিছে সচেতন লোকসকলে। এইক্ষেত্ৰখন অসমীয়া কৃষকে নিজৰ হাতৰ মুঠিত ধৰি ৰাখিবলৈ এই খেতিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজনীয়তা আছে। এই উদ্দেশ্য আগত ৰাখিয়েই বিগত দিনত কৃষি জাগৰণ অসমে ষ্টেভিয়া খেতি সন্দৰ্ভত কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই খেতিৰ লাভালাভ, কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহৰ ওপৰত আলোচনা কৰি আহিছে।
লগতে পঢ়ক-
Litchi farming : ভালদৰে কৰিলে এজোপা লিচুত ৬০-৭০ কেজি পৰ্যন্ত লাগে
Share your comments