1. এগ্ৰিপেডিয়া

Pink Garlic: অধিক উৎপাদন আৰু দুগুণ উপাৰ্জনৰ বাবে গোলাপী নহৰুৰ খেতি কৰক

KJ Staff
KJ Staff
Pink garlic
Pink garlic

এতিয়ালৈকে আমি সকলোৱে বগা নহৰু খাইছো আৰু আমি ইয়াৰ গুণাগুণসমূহৰ সৈতে পৰিচিত। কিন্তু আজি আমি আপোনাক এনে এবিধ নহৰুৰ বিষয়ে ক’বলৈ ওলাইছোঁ, যাৰ দেশ আৰু বিদেশৰ বজাৰত যথেষ্ট চাহিদা আছে। লগতে ইয়াৰ মূল্যও বগা নহৰুতকৈ বেছি হোৱা দেখা যায়। এই নহৰু হৈছে গোলাপী নহৰু। প্ৰাপ্ত তথ্য অনুসৰি, গোলাপী নহৰুত বহু প্ৰকাৰৰ প্ৰ'টিন পোৱা যায়। আজিৰ প্ৰবন্ধটোত আমি গোলাপী নহৰুৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক।

নহৰুত বহুতো পুষ্টিকৰ উপাদান থাকে

এই গুলপীয়া নহৰুত ফছফৰাছ, মেঙ্গানিজ, জিংক, কেলচিয়াম, ভিটামিন চি, ভিটামিন বি-6 ইত্যাদি থাকে। আপোনাৰ তথ্যৰ বাবে, আপোনাক জনাব লাগিব যে এই নহৰু প্ৰাকৃতিকভাৱে উতপন্ন নহয়। এই গোলাপী নহৰুৰ সঁচ প্ৰস্তুত কৰিছে বিহাৰ কৃষি বিশ্ববিদ্যালয়ে। কোৱা হৈছে যে ই বগা নহৰুতকৈ অধিক পৰিমাণৰ উৎপাদন দিয়ে। ইয়াৰ বাহিৰেও, এই গুলপীয়া নহৰুৰ ঔষধি গুণাগুণ পৰম্পৰাগত নহৰুতকৈ বহু বেছি থকা দেখা যায়।

এই গোলাপী নহৰুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আন নহৰুতকৈ বহু বেছি হোৱা দেখা যায়। জানিব পৰা মতে  গোলাপী নহৰুত ৰোগ হোৱাৰ সম্ভাৱনা অতি কম। বিজ্ঞানীসকলে এই নতুন প্ৰকাৰৰ নহৰু পৰীক্ষা কৰি ইয়াত ছালফাৰ আৰু ফছফৰাছৰ উপস্থিতি নিশ্চিত কৰিছে। যিটো মানৱ শৰীৰৰ বাবে অতি উপযোগী বুলি গণ্য কৰা হয়।

কৃষকসকলে ভাল উপাৰ্জন পাব

প্ৰাপ্ত তথ্য অনুসৰি, গুলপীয়া নহৰু বগা নহৰুতকৈ মোটা। ইয়াক কেইবাদিনো সহজে সংৰক্ষণ কৰিব পাৰি। এই নহৰু সোনকালে বেয়া নহয়। ইয়াৰ বাবে, বিদেশী বজাৰত ইয়াৰ চাহিদা অধিক। এনে পৰিস্থিতিত, যদি কৃষকসকলে ইয়াৰ খেতি কৰে, তেন্তে তেওঁলোকে কেইদিনমানৰ ভিতৰতে এই নহৰুৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। 

লগতে পঢ়কঃ Local Summer Drinks: গৰমত গা শীতল কৰি ৰাখিব পৰা থলুৱা ফলৰ চৰবত

English Summary: Pink garlic cultivation and its benefits

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.