1. এগ্ৰিপেডিয়া

শীতকালীন শাক-পাচলীৰ বীজতলী, পুলি ৰোপন আৰু কেইটামান মন কৰিবলগীয়া কথা

PANKAJ KHANIKAR
PANKAJ KHANIKAR

শীতকাল এতিয়াও অহা নাই। কিন্তু দুপইচা সৰহকৈ পোৱাৰ বাবে কৃষকসকলে আগতীয়াকৈ বজাৰত পাচলি যে উলিয়াবই লাগিব। তাৰবাবে কৃষকসকলে আগতীয়া পাচলি উৎপাদনৰ বাবে প্ৰয়োজনীয় কৌশলবোৰ কৃষকসকলে ভালকৈয়ে জানিব লাগিব। শীতকালীন শাক-পাচলি আগতীয়াকৈ উলিয়াবৰ বাবে এজন কৃষকৰ সচৰাচৰ খেতিতকৈ অলপ কষ্ট বেছি হয়। কাৰণ ইয়াৰ বাবে বাৰিষাৰ সময়তে শীতকালীন পৰিৱেশ এটা কৃত্ৰিমভাৱে সৃষ্টি কৰিব লগা হয়। আগতীয়াকৈ বজাৰত শীতকালীন শস্য বজাৰত উলিয়াবলৈ আটাইতকৈ প্ৰয়োজনীয় কামটোৱেই হল-বীজতলীৰ নিৰ্বাচন বা নাৰ্চাৰীৰ প্ৰস্তুতি। কথাতে কয়- ‘কঠীয়া গুণে কিৰিষি’। পাচলিৰ ভাল উৎপাদন পাবলৈ হলে সুস্থ, সবল আৰু নিৰোগী পুলি ৰোপন কৰিব লাগিব আৰু ইয়াৰবাবে কৃষকসকলে শৃংখলাৱদ্ধভাবে আগবাঢ়িব লাগিব।

কি জাতৰ খেতি কৰিব?

পোনপ্ৰথমে এজন কৃষকে কি কি পাচলিৰ খেতি কৰিব, কোনবিধ জাতৰ বীজ সংগ্ৰহ কৰিব, ক’ৰ পৰা সংগ্ৰহ কৰিব, কেতিয়া কৰিব ইত্যাদি কথাবোৰ পুলিবাৰী প্ৰস্তুত কৰাৰ আগেয়ে চিন্তা কৰিব লাগিব। পৰাপক্ষত ২-৩ মাহৰ আগতেই এই কথাবোৰৰ ওপৰত এক সুস্থ সিদ্ধান্ত ল’ব পাৰিলে ভাল। আজিকালি বজাৰত উন্নত পাতৰ বীজ বুলি সুন্দৰ পেকেটত ভৰাই কৃষকক ঠগা বেপাৰীৰ সংখ্যাও কম নহয়। গতিকে কৃষকসকলে য’ৰে-ত’ৰে পৰা বীজ সংগ্ৰহ নকৰি নিৰ্ভৰযোগ্য আৰু অনুমোদিত বিক্ৰি প্ৰতিস্থানৰ পৰাহে বীজ সংগ্ৰহ কৰিব লাগে।

অনুমোদিত জাতবোৰ বজাৰত উপলব্ধ হয়নে?

বৰ্তমান সময়ত কৃষি বিশেষজ্ঞসকলৰ দ্বাৰা  অনুমোদিত জাতবো্ৰ সলনি বজাৰত বৰ্তমান কিছুমান কোম্পানীৰ বীজহে কৃষকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। তেনে কোম্পানী কিছুমান হ’ল- চাংগ্ৰ চিডছ্, নামধাৰী চিডছ্, চাকাটা, মাহিকো, চেমিনিছ, ক্লজ, চুলতান, এচ.জি., কৃষি কল্যান, চাটনচ্ ইত্যাদি। বহুক্ষেত্ৰত এই কোম্পানীৰ বীজৰ পৰা কৃষকসকলে ভাল ফল পালেও মাজে-সময়ে ঠগ খাবলগীয়াতো পৰে। সেয়েহে তলত উল্লিখিত কথাকেইটাৰ প্ৰতি মন কৰিব।

  • খেতি কৰিব বিছৰা জাতটোৰ গুণাগুণ সম্পৰ্কে ভালকে জানি লওঁক। ইয়াৰবাবে কোম্পানীৰ পুস্তিকা, কৃষি বিষয়ক পত্ৰিকা নাইবা কৃষি-বিষয়া-কৰ্মীৰ সহায় লওঁক।
  • বীজৰ পেকেটত থকা লেবেল ভালদৰে পঢ়ি চাই জাতৰ নাম, ম্যাদ কাল, মূল্য, অঙ্কুৰণ ক্ষমতা ইত্যাদি জানি লব লাগে(যদি ইংৰাজী নেজানে অন্য ব্যক্তিৰ সহায় লওঁক)। পৰাপক্ষত খুলি থোৱা টেমা নাইবা পেকেটৰ পৰা বীজ কিনিব নেলাগে।
  • কৃষকৰ পথাৰত ইতিমধ্যে ভাল ফল দেখুওৱা জাতৰহে বীজ কিনিব লাগে। নতুনকৈ উপলব্ধ জাতৰ ক্ষেত্ৰত নমুনা পৰীক্ষাৰ বাবে কমকৈ বীজ কিনিব লাগে।
  • বীজতলী কেনেকৈ প্ৰস্তুত কৰিব?
  • ৰ’দঘাই, পানী ওলাই যাব পৰা, জলসিঞ্চনৰ সুবিধা থকা, অধিক জৈৱিক পদাৰ্থ থকা বালিচঁহীয়া মাটি বীজতলীৰ বাবে নিৰ্বাচন কৰিব লাগে।
  • সাধাৰণতে আহাৰ-শাওন মাহতে বীজতলীডৰাত জাৱৰ-জোঁথৰ পেলাই দিব লাগে আৰু হাল বাই ভালদৰে মিহি কৰি ল’ব লাগে।
  • ইফালে বহুতো ভেঁকুৰজনিত ৰোগৰ বীজাণু বীজৰ জৰিয়তে মাটিলৈ সংক্ৰমনিত হয়। সেয়ে, পেকেট বা টেমাৰ পৰা খোলাৰ পিছতে বীজবোৰ এঘন্টামানৰ বাবে কোমল ৰ’দত মেলি দিব লাগে। সিঁচাৰ আগতে জৈৱিক পদ্ধতিত ট্ৰাইক’ডাৰমা ভিৰিডি আৰু চিউড’ম’নাচ ফ্লৰেন্স নামৰ ভেঁকুৰনাশক বীজৰ লগত সানি দিব লাগে।

বীজবোৰ কেনেকৈ সিঁচিব লাগে?

  • পৰাপক্ষত বীজবোৰ পাতলকৈ সিঁচিব লাগে। আবেলি সময়তহে বীজ সিঁচিব লাগে। প্ৰতি পাচলিৰে বীজৰ পৰিমাণো বেলেগ বেলেগ। উদাহৰণস্বৰূপে, ১০ বৰ্গমিটাৰ জোখৰ বীজতলীৰ বাবে (৩০ ফুট x ৩০ ফুট)l ফুলকবিৰ বীজ- ৫০ গ্ৰাম, বন্ধাকবিৰ বীজ- ২৫ গ্ৰাম, ওলকবিৰ বীজ- ৫০ গ্ৰাম, বিলাহীৰ বীজ- ৫ গ্ৰাম, বেঙেনাৰ বীজ- ২০ গ্ৰাম, জলকীয়াৰ বীজ- ৫ গ্ৰাম আদি।
  • *বজবোৰ যাতে মাটিৰ বেছি তললৈ নেযাই তাৰবাবে সতৰ্ক হ’ব লাগে। অৰ্থাৎ বীজবোৰ মাটিৰ ১-২ ইঞ্চি তলতহে থাকিব লাগে। বীজ সিঁচাৰ পিছত শুকান গুড়ি মাটি চালনীৰ সহায়ত চালি দিব লাগে। বৰষুণ নপৰিবৰ বাবে বাঁহৰ কামিৰ সহায়ত পোহৰ সোমাব পৰা পাতল পলিথিনৰ চালি দিব লাগে। প্ৰখৰ ৰ’দত পলিথিনেৰে বীজতলীডৰা ঢাকি ৰাখিব নেলাগে। ইয়াৰবাবে পাতল পলিথিনৰ চালি দিব লাগে।
বীজতলী
বীজতলী

পুলিবোৰৰ যত্ন কেনেকৈ লব লাগে?

  • বীজ গজালি মেলি দুপতীয়া হোৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। এইখিনি সময়ত যদি পুলিবোৰ অনবৰত ঢাকি ৰখা হয়, তেতিয়া পুলিবোৰ লেংলেঙকৈ বাঢ়ি যাব। সেয়ে, বৰষুণ নেথাকিলে পুলিবোৰত কোমল ৰ’দ পৰিবলৈ দিব লাগে।
  • পুলিবোৰ যাতে পানীৰ অভাৱত নুভোগে তাৰবাবে জাৰিকেনৰ সহায়ত আবেলিপৰত পানী চটিয়াব লাগে।
  • পুলি দুপতীয়া হোৱাৰ পৰাই পোক-পৰুৱাই আক্ৰমণ কৰিব পাৰে। সেয়ে ইয়াৰবাবে প্ৰতিষেধকমূলক আৰু নিবাৰণমূলক ব্যৱস্থা সময়মতেই লব লাগে।
  • কেনেকুৱা ব্যৱস্থাই পুলিবোৰ পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব? 

  • ৫০ গ্ৰাম আদা পিচি লব লাগে আৰু এইখিনি ২-৩ লিটাৰ পানীত মিহলাই পুলিবাৰীত ৪-৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে।
  • ৫০ গ্ৰাম নহৰু ১০ মিলিলিটাৰ কেৰাচিনত ৰাতিটোৰ বাØবে ভিজাই থওক। পিছদিনা নহৰুখিনি বাকলি গুচাই পিচি লব লাগে। অন্য এটা পাত্ৰত ২৫ গ্ৰাম জলকীয়া ৫০ মিলিলিটাৰ পানীত মিহলাই পিচিব লাগে। ঠিক তেনেদৰে ২৫ গ্ৰাম আদা পিচি লব লাগে। তিনিওবিধ পিচি লোৱা সামগ্ৰী ৩ লিটাৰ পানীত মিহলাই লব লাগে। পিছত মিশ্ৰণখিনি চেকি লৈ পুলিবাৰীত স্প্ৰে কৰিব লাগে।
  • ভালদৰে মোহাৰি লোৱা অমিতাৰ পাত ৫০ গ্ৰাম ১০০ মিলিলিটাৰ পানীত ৰাতিটোৰ বাবে ভিজাই থব লাগে। পিছদিনা পাতল কাপোৰৰ সহায়ত ভালদৰে চেপি ৰসখিনি উলিয়াই লব লাগে। এই ৰসখিনি ২-৩ লিটাৰ পানীত মিহলাই পুলিবাৰীত স্প্ৰে কৰিব পাৰি।
  • আজিকালি বজাৰত উপলব্ধ ‘আজাৰাদিক্টিন’ (নিমৰ পৰা নিষ্কাষণ) নামৰ কীটনাশকবিধো পুলিবাৰীত স্প্ৰে কৰিব পাৰি।
নাৰ্ছাৰীৰ পুলি
নাৰ্ছাৰীৰ পুলি

পৰৱৰ্তী সময়ত পুলি সবল হ’বৰ বাবে কিছুমান শস্য যেনে, ফুলকবি, ওলকবি, বিলাহী, বেঙেনা, জলকীয়া আদিৰ পুলি ৪-৫ পতীয়া হওঁতেই পুলিবোৰ উঠাই নি দ্বিতীয় এখন পুলিবাৰীত ৰোপন কৰিব লাগে। ইয়াৰবাবে ইতিমধ্যে কৈ অহা ধৰণে মাটিখিনি প্ৰস্তুত কৰি লৈ আবেলি সময়ত প্ৰথম পুলিবাৰীৰ পৰা উঠাই আনি দ্বিতীয়খন পুলিবাৰীত ৰুব লাগে।  দুদিনৰ বাবে পুলিখিনিত সম্পূৰ্ণ ছাঁ দিব লাগে। পুলিখিনি সবল হোৱাৰ পিছত ৰ’দ সহ্য কৰিব পৰা হবলৈ পুলিবোৰত ক্ৰমান্বয়ে ৰ’দ পৰিবলৈ দিব লাগে আৰু পানী দিয়াৰ পৰিমাণ কমাই আনিব লাগে। মূল পথাৰত ৰোপন কৰাৰ দুদিনমান আগৰে পৰা পুলিবোৰত সম্পূৰ্ণৰূপে ৰ’দ পৰিবলৈ দিব লাগে আৰু পানী দিয়া বন্ধ কৰিব লাগে।

লগতে পঢ়ক- বাৰিষা আদা, হালধি, জালুকৰ প্ৰতিপালন

English Summary: Seeds fields

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.