 
            ৰবিশস্যই অসমৰ খেতিয়ক ৰাইজক বিশেষকৈ বানবিধ্বস্ত অঞ্চলৰ কৃষকসকলৰ প্ৰধান ভৰসা। কাৰণ ধান খেতি অসমৰ কৃষকসকলৰ প্ৰধান খেতি। ধান খেতি কৰিব নোৱাৰিলে সকলো মিছা। কিন্তু বানে মৰা খেতিডৰাত বা খৰাঙৰ বাবে কৰিব নোৱৰা মাটিখিনিত ৰবিশস্যৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বণ হ’ব পাৰে কৃষকসকল। খৰাং তথা বানপীড়িত অঞ্চলসমূহত কৰিব পৰা এই ৰবিশস্যসমূহৰ ভিতৰত এবিধ লাভজনক শস্য হৈছে ৰঙালাও।
ৰঙালাও বীজতলীৰ বাবে প্ৰথমতে তিনিফুট দীঘল দুফুট বহল আৰু ডেৰ ফুট গভীৰ জোখৰ গাঁত খান্দিব লাগে। প্রতিটো গাঁতৰ দূৰত্ব ১০ ফুট ফুটমান হব লাগে। গাঁতবোৰত এভাগ মাটি আৰু এভাগ গোবৰ আৰু কিছু জৈৱ সাৰেৰে পুৰ কৰি ৰাখিব লাগে । এনেকৈ ১০ / ১২ দিন ৰখাৰ পাছত প্ৰতিটো গাঁতত দুই তিনিটাকৈ ৰঙালাওৰ বীজ ৰোপন কৰিব লাগে । অৱশ্যে আগতীয়াকৈ পলিবেগত পুলি প্ৰস্তুত কৰিও ৰোপন কৰিব পৰা যায় । বীজ অংকুৰিত হোৱাৰ দহ , বাৰ দিনৰ পিছত পুলিবোৰ সামান্যৰূপে খুচৰি পাতলীয়াকৈ জলসিঞ্চন কৰিব পাৰিলে ভাল ।
 
            ৰঙালাউ খেতিত প্ৰতিজোপা গছৰ বিপৰীতে এশগ্ৰাম ডিএপি সাৰ প্ৰয়োগ কৰিব পাৰি । ৰঙালাও খেতিত সাধাৰণতে পাত খোৱা পোকৰ আক্ৰমণ লক্ষ্য কৰা যায় । কেতিয়াবা পাতবোৰ হালধীয়া পৰা আৰু ভাইৰাছজনিত কিছু ৰোগে দেখা দিয়ে।ইয়াৰ বাবে উপযুক্ত প্ৰতিকাৰী ঔষধ ব্যৱহাৰ কৰা জৰুৰী।এনেবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ হ'লে বীজ নির্বাচন সঠিক কৰাৰ লগতে ৰোপনৰ আগত বীজবোৰ বেভিষ্টিন বা অন্য ভেকুৰনাশক ঔষধত তিয়াই শোধন কৰি লোৱাটো অত্যন্ত প্রয়োজন ।
 
            ৰঙালাও খেতিৰ উৎপাদন অধিক পাবলৈ হ'লে দুটা বিশেষ কথাত গুৰুত্ব দিয়া উচিত । প্ৰথমতে কাটিং প্রদ্ধতি আৰু দ্বিতীয়টো কূটিম পৰাগায়ন । কাটিং পদ্ধতিত পুলিটো ৬ ৰ পৰা ৮ পতীয়া হ'লে তাৰ আগৰ কুঁহটে ৷ চিঙি দিয়া হয় । ইয়াৰ পাছত যিটো মূল আগ বগাই যাই তাৰ আগটো তলৰ পাতখিলাৰ সমান্তৰালকৈ কাটি দিব লাগে।এনে কৰাৰ পাছত গা - গছডালৰ প্ৰতিখিলা পাতৰ গুৰিৰ পৰা আগ ওলাই গছজোপা ৷
 
            মাখি আৰু অন্যান্য অপকাৰী কীট - পতংগৰ পৰা সুৰক্ষা দিবলৈ প্লাষ্টিকৰ বৈয়ামত চাবোন পানী ভৰাই মাখি সোমাব পৰাকৈ ফুটা কৰি শাৰীৰ মাজে মাজে উলমাই ৰাখিব লাগে । মাখি পোকে ফুলৰ ভিতৰত কণী পাৰে আৰু কণীৰ পৰা পোক হৈ ফল নষ্ট কৰে । এই মাখিৰ আক্ৰমণৰ ফলত পঞ্চাছৰ পৰা সত্তৰ শতাংশ ফল নষ্ট হয় । চাবোন পানী নাইবা নিমপাতৰ ৰস স্প্রে কৰি এইবিধ পোকৰ পৰা গছজোপা বচাব পাৰি । মাজে সময়ে বন - বাত পৰিষ্কাৰ কৰি খেতিডৰা চিকুনাই ৰাখিব লাগে । প্ৰথমবাৰৰ পাছত পুলিবোৰ বগোৱাৰ সময়ত দ্বিতীয়বাৰ যদিহে বৰষুণ নহয় তেন্তে জলসিঞ্চন কৰিব লাগে । বীজ অংকুৰিত হোৱাৰ দুমাহৰ ভিতৰত ৰঙালাও লাগিবলৈ আৰম্ভ কৰে আৰু বেমাৰৰ আক্ৰমণ নহ'লে আঢ়ৈ মাহলৈকে ফল পোৱা যায় । এনেদৰে ৰঙালাও খেতি কৰি প্ৰতিবিঘা মাটিত খৰছ কাটিও ২০/৩০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি ।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments