1. এগ্ৰিপেডিয়া

গাভিনী গাহৰিৰ যতন সম্বান্ধে জানো আহক

KJ Staff
KJ Staff
Pig care
Pig care

   এজনী গাহৰি পালখোৱা সময়ৰপৰা পোৱালি দিয়াৰ সময়লৈকে সাৱধানে যত্ন লোৱা উচিত। পোৱালি মাকৰ গৰ্ভত ১১৪ দিন থাকে। এই সময়ছোৱাৰ ভিতৰত প্ৰথম ৩ মাহ ২/৩ জনী গাহৰি একেলগে ৰাখিব পাৰি। শেষৰফালে গাভিনী গাহৰিজনী পোৱালি দিয়া বিশেষ ঘৰত(FARROING PAN) ৰখা উচিত।

গাহৰি পোৱালি জন্ম দিয়া ঘৰত বিশেষ কেইটামান ব্যৱস্থা থকা প্ৰয়োজন।

1. পোৱালিবোৰ থকা আৰু খোৱাৰ ব্যৱস্থাসহ এটা ক্ৰীপ বক্স(CREEP BOX)ৰ প্ৰয়োজন।

2. মাকৰ গাৰ হেঁচাৰপৰা পোৱালিবোৰক ৰক্ষা কৰিবলৈ বেৰৰ দাঁতিত মজিয়াৰপৰা ৯ ইঞ্চি আৰু ৯ ইঞ্চিত লোহাৰ পাইপ বা পোন বাঁহৰ এক বিশেষ ব্যৱস্থা কৰা প্ৰয়োজন। এনে কৰিলে টোপনিৰ সময়ত মাকৰ গাৰ হেঁচাত হ’ব পৰা সম্ভাব্য মৃত্যুৰ পৰা পোৱালিবোৰক ৰক্ষা কৰিব পাৰি।

3. দানা-পানীৰ ব্যৱস্থা অন্যান্য গড়ালৰ দৰে হোৱা উচিত।

4. পোৱালি দিয়া ঘৰ সদায় পৰিষ্কাৰ আৰু শুকান কৰি ৰাখিব লাগে। গাভিনী গাহৰিজনী পোৱালি দিয়া ঘৰলৈ নিয়াৰ আগতে ভালদৰে ধুৱাই লৈ গাহৰিজনীৰ তলপেট, গাখীৰ উৎপাদন হোৱা অংশ ভালকৈ পৰিষ্কাৰ কৰি ল’ব লাগে।

পোৱালি দিয়া গাহৰিৰ যতন:

    গৰ্ভধাৰণ কৰাৰ ১১৪ দিন হোৱাৰ আগৰেপৰা গাভিনী গাহৰিজনী ভালকৈ নিৰীক্ষণ কৰি থাকিব লাগে যাতে জন্মৰ সময়ত পোৱালি আৰু পোৱতীৰ ল’ব লগা যত্ন সময়মতে ল’ব পাৰি। গাভিনী গাহৰিজনীক পেনৰ ভিতৰত পৰিষ্কাৰ ধান-খেৰৰ বিছনা কৰি দিব লাগে। পোৱালি জন্ম হোৱাৰ পিচত লেতেৰা ধান-খেৰ সলনি কৰি পুনৰ ধান-খেৰ দিব লাগে।

পোৱালি দিয়াৰ সময়ত আৰু পোৱতী গাহৰিৰ যতন:

    পোৱালি দিয়াৰ সময়ত গাহৰিজনীয়ে আমনি নোপোৱাকৈ এজন সহায়ক ওচৰতে থাকি লক্ষ্য ৰাখিব লাগে। জন্ম দিয়া শেষ হ’লে গৰ্ভৰপৰা ওলোৱা জলখন ভালকৈ মাটিত পুতি পেলাব লাগে। মাইকী গাহৰিজনীক পোৱালি দিয়াৰ ২৪ ঘন্টাৰ ভিতৰত কম পৰিমাণৰ দানা খাবলৈ দিব লাগে। ২ ঘন্টা অতিক্ৰম কৰাৰ পিচত মাকে পোৱালিবোৰক গাখীৰ খুৱাবলৈ মন কৰে। গাহৰিজনীক আৱশ্যকীয় ২৫০০-৩০০০ গ্ৰাম দানাৰ উপৰি প্ৰতিটো পোৱালিৰ বাবে ২০০ গ্ৰামকৈ অতিৰিক্ত দানা দিব লাগে।

আৰু পঢ়ক- গাহৰিৰ বেমাৰ আজাৰ আৰু প্ৰতিষেধকৰ ব্যৱস্থা:

 

সদ্যজাত পোৱালিৰ প্ৰতি যতন:

    পোৱালি জন্ম হোৱাৰ সময়ত থকা ৰখীয়াজনে প্ৰতিটো পোৱালিৰ গাত লাগি থকা বিজলুৱা পদাৰ্থ (কাণ-নাক আদিৰ পৰাও)পৰিষ্কাৰ কাপোৰেৰে ভালকৈ চাফা কৰি দিব লাগে আৰু পোৱালি শুকান ঠাইত ৰাখিব লাগে।

    জন্মৰ এঘন্টাৰ ভিতৰত নাভিৰ দীঘল অংশ কাটি দিব লাগে আৰু সেই ঠাইত টিনচাৰ আয়োডিন(Tr.lodine) লগাই দিব লাগে।

    দুৰ্বল পোৱালিক মাকৰ বুকুৰ অংশত আৰু সবল পোৱালিবোৰক পেটৰ অংশত গাখীৰ খাবলৈ দিব লাগে। তেনে কৰিলে সকলো পোৱালিয়ে সম পৰিমাণে গাখীৰ খাবলৈ পাব আৰু দুৰ্বল পোৱালিবোৰো সবল হৈ উঠিব আৰু সময়ৰ এজাক সম ওজনৰ পোৱালি পোৱা যায়।

   পোৱালিবোৰৰ, বেজীদাঁত(Needle teeth)জন্মৰ ৩/৪ দিন পিচত পশুচিকিৎসকৰ পৰামৰ্শ অনুসৰি কাটি দিব লাগে গাখীৰ খোৱাৰ সময়ত মাকে দুখ নাপায় বা ওহাৰত ঘাঁ লাগিব নোৱাৰে বা লগৰীয়াৰ লগত কাজিয়া কৰি শৰীৰত ঘাঁ লগাব নোৱাৰে।

   গাহৰি পোৱালিক ৰক্তহীনতা(Piglet Anaemia) নামৰ এবিধ বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ জন্মৰ ৭/৮ দিনত এটা আৰু ২ সপ্তাহত আন এটা মুঠ ২ টা বেজী পশুচিকিৎসকৰ পৰামৰ্শক্ৰমে দিব লাগে। এই দুটা বেজীয়ে পোৱালিবোৰ লোৰ অভাব(Iron Deficiency) হৈ মৃত্যুমুখত পৰাৰ পৰা বচাব।

গাহৰিৰ বেমাৰ আজাৰ আৰু প্ৰতিষেধকৰ ব্যৱস্থা:

English Summary: Pig Farming in assam know all about here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.