1. এগ্ৰিপেডিয়া

গাহৰিৰ প্ৰজনন (Pig breeding System in assamese)

KJ Staff
KJ Staff
Pig Farming
Pig Farming

    গাহৰিৰ প্ৰজননৰ ওপৰতে গাহৰি পালকৰ অৰ্থনৈতিক লাভালাভ নিৰ্ভৰ কৰে। বিজ্ঞানসন্মতভাৱে সময়মতে প্ৰজনন কৰালে গাহৰিৰ বংশ বিস্তাৰত সহায়ক হ’ব।

প্ৰজনন দুই ধৰণে কৰাব পাৰি - ক) প্ৰাকৃতিকভাৱে, খ) কৃত্ৰিম প্ৰজনন।

ক) প্ৰাকৃতিকভাৱে: অসমৰ ঠায়ে ঠায়ে চৰকাৰী বা ব্যক্তিগত উদ্যোগত গঢ়ি উঠা গাহৰিৰ পামত সুস্থ-সবল উন্নত জাতৰ মতা গাহৰি মেলি দি প্ৰজননৰ ব্যৱস্থা কৰা হয়। থলুৱা জাতৰ গাহৰিৰ লগত উন্নত জাতৰ মতা গাহৰি মেলি দি প্ৰজনন কৰা হয়। তিনিজনী বা দুইজনী মাইকী গাহৰিৰ লগত এটা মতা ৰাখি একোটা গোটা গঠন কৰি লোৱা হয়।

খ) কৃত্ৰিম প্ৰজনন: ই এটা আধুনিক বৈজ্ঞানিক পদ্ধতি। অসমৰ ৰাণী অঞ্চলত ভালেমান গাহৰি পামত কৃত্ৰিম প্ৰজনন পদ্ধতি অৱলম্বন কৰা হৈছে। প্ৰথমে এটা উন্নত সুস্থ-সবল প্ৰজননক্ষম মতা গাহৰিৰ পৰা কৃত্ৰিম যোনিৰ সহায়ত শুক্ৰ সংগ্ৰহ কৰা হয়। গাহৰিয়ে এবাৰত ২০০-৫০০ গ্ৰাম শুক্ৰ প্ৰদান কৰে। ইয়াৰ পিচত বিশেষ চেকনীৰ সহায়ত গোটেই বীৰ্য্যখিনিৰ পৰা শুক্ৰকীট সমৃদ্ধ অংশটো পৃথক কৰি উলিয়াই ইয়াক সংবৰ্দ্ধন কৰি কৃত্ৰিম প্ৰজননৰ বাবে ব্যৱহাৰ কৰা হয়।

    মাইকী গাহৰিবোৰ সাধাৰণতে ৫-৮ মাহৰ ভিতৰত গৰম হয়। কৃত্ৰিম পদ্ধতিৰে বিশেষ কেথেটাৰ ‘চিৰিঞ্জ’ আৰু হাত পাম্পৰ সহায়ত কৃত্ৰিম প্ৰজনন কৰা হয়। গাহৰিৰ কৃত্ৰিম প্ৰজননৰ বাবে ৫০ চি চি সংবৰ্দ্ধিত শুক্ৰ আৰু কমপক্ষেও ৫০ মিলিয়ন জীৱিত গতিশীল শুক্ৰকীটৰ দৰকাৰ।গাহৰিৰ গৰ্ভধাৰণ সময় তিনি মাহ তিনি সপ্তাহ আৰু তিনি দিন(মাত্ৰ ১১৪ দিন)।

গৰ্ভধাৰণ:

    প্ৰাকৃতিক বা কৃত্ৰিম প্ৰজনন কৰাৰ পিচত যদি গাহৰিজনী পুনৰ গৰম নহয় তেতিয়া গৰ্ভধাৰণ কৰা বুলি বুজা যায়। এইক্ষেত্ৰত গাহৰিজনী নিৰোগী হ’ব লাগিব। পালখোৱাৰ তিনি মাহ, তিনি সপ্তাহ, তিনি দিনৰ পাছত গাহৰিজনীয়ে পোৱালি দিয়ে।

গাভিনী গাহৰিৰ যতন সম্বান্ধে জানো আহক

English Summary: Pig breeding system in assam Farming  know here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.