1. এগ্ৰিপেডিয়া

জৈৱিক খেতি (Organic Farming) কৰিবলৈ কৃষকক চৰকাৰে দিব উৎসাহ

KJ Staff
KJ Staff
Organic Farming
Organic Farming

যদি আপুনি ইতিহাসলৈ লক্ষ্য কৰে, ভাৰতৰ মাটিত আৰম্ভণিৰে পৰা জৈৱিক কৃষি প্ৰচলিত হৈ আহিছে । ভাৰতৰ ভূমি কৃষি কাৰ্যৰ বাবে অতি উপযুক্ত । কিন্তু সময়ৰ অগ্ৰগতিৰ লগে লগে বৰ্ধিত প্ৰদূষণ আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰে ভূমিক দূষিত কৰিছে আৰু মানুহৰ মাজত ৰোগৰ আশংকা বৃদ্ধি পাইছে ।  যাৰ বাবে চৰকাৰে কৃষকসকলক জৈৱিক খেতি কৰিবলৈ উৎসাহিত কৰি আছে ।

জৈৱিক কৃষিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগন্তুক ১৬ ডিচেম্বৰত গুজৰাটৰ আনন্দত প্ৰাকৃতিক কৃষিৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলন ( National Conclave) সম্বোধন কৰিব । যাৰ উদ্দেশ্য হ'ব ব্যৱহৃত বিপদজনক ৰাসায়নিক পদাৰ্থৰ (Chemical) পৰা মুক্ত কৰা খেতিৰ ভৱিষ্যতৰ বাবে এক ৰোডমেপ নিৰ্ধাৰণ কৰা।

Organic Farming
Organic Farming

জৈৱিক কৃষি কি ( What is organic Farming):

জৈৱিক কৃষি হৈছে এনে এক কৃষি প্ৰক্ৰিয়া য’ত মাটিৰ উৰ্বৰতা শক্তিৰ কোনো ক্ষতি নহয় । জৈৱিক কৃষিয়ে মাটিক কম প্ৰদূষিত কৰে ।  ইয়ে মাটিৰ উৰ্বৰতা বজাই ৰখাৰ লগতে পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰাখে, আৰু লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰে । জৈৱিক কৃষিত সংশ্লেষিত কীটনাশক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয় । অৰ্থাৎ, জৈৱিক কৃষি হৈছে কৃষিৰ আটাইতকৈ সুৰক্ষিত উপায় যি স্বাস্থ্য, পৰিৱেশ তন্ত্ৰ আৰু পৰিৱেশ সুৰক্ষিত কৰে ।

ৰাসায়নিক মুক্ত কৃষিৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰচেষ্টাক দেশৰ কৃষকসকলে সহাৰি জনাইছে । বৰ্তমান, দেশত ৪৪ লাখৰো অধিক কৃষকে জৈৱিক কৃষিত (Organic Farming) যোগদান কৰিছে । ২০০৩-২০০৪  চনত ভাৰতত মাত্ৰ ৭৬,০০০ হেক্টৰত জৈৱিক পদ্ধিতত খেতি কৰা হৈছিল । কিন্ত বৰ্তমান জৈৱিক কৃষিৰ অধীনত ৪.০৯ লাখ হেক্টৰ সামৰি লোৱা হৈছে ।

জৈৱিক কৃষিৰ মুখ্য বিষয়সমূহ (Main features of Organic Farming)

  • জৈৱিক কাৰ্যকলাপত উদগনি দিয়া, মাটিৰ মানদণ্ড সুৰক্ষিত কৰিবলৈ জৈৱিক সামগ্ৰী ব্যৱহাৰ গুৰুত্ব দিয়া
  • জৈৱিক সাৰ ব্যৱহাৰ কৰি পৰোক্ষভাৱে শস্যৰ পুষ্টি প্ৰদান কৰা
  • সেউজীয়া সাৰ আৰু মাহজাতীয় শস্য ব্যৱহাৰ কৰি মাটিত নাইট্ৰজেনৰ স্তৰ উন্নত কৰা
  • উৎপাদনৰ সৈতে প্ৰকৃতিকভাৱে কীট, অপতৃণ আৰু ৰোগ নিয়ন্ত্ৰণ কৰা
  • পৰ্যাবৰণ, বন্য জীৱন আৰু মানৱ স্বাস্হ্য বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে লোৱা

লগতে পঢ়কঃhttps://asomiya.krishijagran.com/news/iranian-fruit-vegetable-banned-in-many-countries/

English Summary: organic farming in india

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.