1. এগ্ৰিপেডিয়া

পিঁয়াজৰ খেতি

KJ Staff
KJ Staff
Onion Cultivation
Onion Cultivation

আমাৰ ৰান্ধনীশালত পিঁয়াজৰ যথেষ্ট সমাদৰ আছে। পিঁয়াজ নহ’লে আঞ্জা-তৰকাৰী আদি ৰুচিকৰ নহয়। বৰ্তমান পিঁজাৰ দাম যথেষ্ট বৃদ্ধি পাইছে। যাৰ ফলত সৰ্বসাধাৰণ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। পিঁয়াজ ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰা হয়। বৰ্তমান অসম চৰকাৰে পিঁয়াজ খেতিৰ ওপৰত নতুন আঁচনি প্ৰৱৰ্তন কৰিছে। যাৰ ফলত কৃষকসকল যথেষ্ট উপকৃত হৈছে। বাহিৰৰ পৰা আমদানি কৰা আনতকৈ নিজৰ ঘৰৰ বাৰীখনতে পিঁয়াজৰ খেতি কৰিব পাৰি। পিঁয়াজৰ খেতি কৰি স্বাৱলম্বীও হ’ব পৰা যায়। তলত পিঁয়াজৰ কৃষি পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ’ল-

উন্নত জাত:

পিঁয়াজৰ উন্নত জাতসমূহ হৈছে- পুচা ৰেড, পুচা ৰটনৰ, পুচা হোৱাইট(ঘূৰণীয়া), পুচা হোৱাইট(বহল), এন-৫৩, এগ্ৰিফাউণ্ড লাইট ৰেড, পাঞ্জাব ৰেড ৰাউণ্ড, পুচা মাধুৰী আৰু আৰকা নিকেটন।

পিঁয়াজৰ খেতিৰ বাবে পানী যোৱা ব্যৱস্থা থকা বালিচহীয়া মাটি যথেষ্ট উপযোগী। মাটিডৰা ভালকৈ হাল বাই চহাই সাৰ দিব লাগে।

বীজৰ পৰিমাণ:

প্ৰতি হেক্টৰ মাটিত ১০-১২ কেজি(ৰোৱা পদ্ধতি)।

প্ৰতি হেক্টৰ মাটিত ২০-২৫ কেজি(সিঁচা পদ্ধতি)।

বীজ সিঁচাৰ সময়:

ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা মধ্য অক্টোবৰলৈ। পাৰ্বত্য এলেকাত অক্টোবৰৰ শেষৰ পৰা পিঁয়াজৰ বীজ সিঁচিব লাগে। সিঁচা পদ্ধতি সাধাৰণতে চৰ অঞ্চলৰ বাবে উপযোগী। শাৰী শাৰীকৈ বীজসমূহ সিঁচিব লাগে। ৰোৱা পদ্ধতিত পুলিসমূহ মাটিৰ পৰা ২.৩ ছে.মি. তললৈ ৰোপণ কৰিব লাগে। প্ৰতিটো শাৰী আৰু পুলিৰ মাজত ২০ ছে.মি. X ১০ ছে.মি. ব্যৱধান থাকিব লাগে।

সাৰ প্ৰয়োগ:

প্ৰতি বিঘা মাটিত ১৮-২০ কেজি ইয়ৰিয়া, ৪০-৪৪ কেজি একক ছুপাৰ ফছফেট, ৫-১০ কেজি মিউৰেট অৱ পটাছ আৰু ৩-৫ কেজি পচন সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰথম অৱস্থাত ১৫ কেজি ইউৰিয়া আৰু বাকী সাৰখিনি শেষৰবাৰ হাল বাঁওতে প্ৰয়োগ কৰিব লাগে। বাকী ৫ কেজি ইউৰিয়া এমাহ পিছত টপড্ৰেছ হিচাপে ব্যৱহাৰ কৰিব লাগে। প্ৰতি এসপ্তাহৰ মূৰে মূৰে ১০-১৫ বাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। শস্য চপোৱাৰ ১৫ দিন আগেয়ে জলসিঞ্চন বন্ধ কৰিব লাগে। পুলি ৰোৱাৰ এমাহ পিছত বন-বাতসমূহ খন্তিৰে নিৰাই দিব লাগে।

থ্ৰিপছ পোক:

এই পোকসমূহৰ পৰা পিঁয়াজক ৰক্ষা কৰিবলৈ মালাথিয়ন ৫০ ইচি ২ মি.লি. এক লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে সুফল পোৱা যায়।

পিঁয়াজ ৰোৱাৰ ৩-৪ মাহৰ পিছত চপোৱা হয়। সাধাৰণতে যেতিয়া পিঁয়াজৰ ৭০ শতাংশ গছ মৰে, তেতিয়াই পিঁয়াজ চপাব লাগে। পিঁয়াজ চপোৱাৰ দুসপ্তাহ আগতে গছজোপা অলপ কাটি দিলে পিঁয়াজ ডাঙৰ হয়। পিঁয়াজ চপোৱাৰ পিছত ঠাণ্ডা ঠাইত শুকুৱাৰ ব্যৱস্থা কৰিব লাগে।

প্ৰতি হেক্টৰ-মাটিত গড়ে ১৫০-২০০ কুইন্টল পিঁয়াজ উৎপাদন হয়।

উৎস: ৰাইজৰ বাতৰি

English Summary: Onion Cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.