1. এগ্ৰিপেডিয়া

ফুল কবি

KJ Staff
KJ Staff
Cauliflower
Cauliflower

মাটি:আগতীয়া জাতৰ বাবে বালিচহীয়া মাটি প্ৰয়োজন।মধ্যমীয়া আৰু শেহতীয়া জাতৰ বাবে পাতল আলতীয়া মাটিহে উপযোগী।মাটিত পি এইচ (অম্লতা)৬-৭ থকা প্ৰয়োজন।ইয়াতকৈ কম থাকিলে চুণ প্ৰয়োগ কৰা উচিত।ৰোৱাৰ কমেও এমাহ আগেয়ে বিঘাই প্ৰতি ২-২.৫ কুইণ্টল চুণ দিব লাগে।

পথাৰৰ প্ৰস্তুতি:৩-৪ বাৰ হাল বাই মৈয়াই মাটিডৰা মিহি কৰি ল’ব লাগে।

ৰোৱাৰ সময়:আগতীয়া-জুলাইৰ মাজভাগৰপৰা আগষ্টলৈ।মধ্যম স্তৰৰ-ছেপ্টেম্বৰৰ মাজভাগৰপৰা অক্টোবৰলৈ।শেহতীয়া –নৱেম্বৰ-ডিচেম্বৰ।

জাত নিৰ্বাচন:আগতীয়া-মেঘা।মধ্যম স্তৰৰ আৰু শেহতীয়া-গিৰীজা,আমাজিং,মাধুৰী,হোৱাইট চট।

সাৰ প্ৰয়োগ:গোবৰ বা পচন সাৰ বিঘাত ১.৩ টন।ৰাসায়নিক সাৰ-ইউৰিয়া ২২ কিলোগ্ৰাম,ছুপাৰ ফছফেট ৫০ কিলোগ্ৰাম,মি:অ: পটাছ ১২ কিলোগ্ৰাম,ব’ৰাক্স ১-১.৫ কিলোগ্ৰাম।

ইউৰিয়াৰ আধা ৰোৱাৰ আগেয়ে আৰু আধা ৰোৱাৰ ২০ দিন পিছত প্ৰয়োগ কৰিব লাগে।ব’ৰাক্স ১০ গ্ৰাম* এক লিটাৰ পানী এই অনুপাতত গুৰি গছত স্প্ৰে কৰিব পাৰি।

বীজতলী:প্ৰতি বৰ্গমিটাৰত ১০ গ্ৰাম বীজ লাগে।এবিঘা মাটিৰ বাবে ১৮ খন বীজতলী লাগে।অৰ্থাৎ এবিঘা মাটিৰ বাবে ১৮০ গ্ৰাম বীজৰ প্ৰয়োজন হ’ব।বীজতলীৰ বহল ১ মিটাৰ,ওখ ১৫-২০ ছেণ্টিমিটাৰ আৰু দীঘল সুবিধা অনুসৰি কৰি ল’ব লাগে।বীজতলীত প্ৰতি বৰ্গ মিটাৰত ১০ কিলোগ্ৰাম শুকান পচন সাৰ প্ৰয়োগ কৰা উচিত।বীজ সিঁচাৰ ৪-৫ সপ্তাহৰ পিছত পথাৰত ৰুব লাগে।

পুলি ৰোৱাৰ দুৰত্ব:আগতীয়া ৪৫*৪৫ ছেণ্টিমিটাৰ,মধ্যম স্তৰৰ ৬০*৬০ ছেণ্টিমিটাৰ,শেহতীয়া ৪৫*৪৫ ছেণ্টিমিটাৰ।ৰোৱাৰ লগে লগে গুৰত পানী দিব লাগে।

প্ৰতিপালন:ৰোৱাৰ ১৫-২০ দিন পিছত বন-বাট নিৰণি কৰি পুলিৰ গুৰিবোৰ খুচৰি দিব লাগে।প্ৰয়োজনবোধে পানী যোগান ধৰিব লাগে।

উৎপাদন:১৪০-১৬০ কুইণ্টল প্ৰতি হেক্টৰত।

লেখক:প্ৰবোধ চন্দ্ৰ শৰ্মা (দৈনিক অসম)

English Summary: Cauliflower

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.