1. এগ্ৰিপেডিয়া

Mint farming : ঘৰৰ বাৰন্দা আৰু ফুলৰ টাবত কেনেকৈ কৰিব পদিনা খেতি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Indoor farming of Mint
Indoor farming of Mint

খাদ্যত সোৱাদ আৰু সুগন্ধি প্ৰদান কৰাৰ লগতে পদিনাৰ আছে আচৰিতজনক ওষধিগুণ। গৰমৰ দিনত চৰ্বত , ডেজাৰ্ড , চালাদ তৈয়াৰ কৰোতেও পদিনা পাত ব্যৱহাৰ কৰা হয় । পেটৰ ৰোগৰ অতিকৈ উকৃষ্ট পদিনাৰ খেতি বছৰটোৰ সকলো দিনতেই কৰিব পাৰি । এই খেতিৰ বাবে পৰ্যাপ্ত মাটিও দৰকাৰ নহয় ।

পৰ্যাপ্ত মাটি নথকাসকলে এই খেতি ঘৰৰ ছাদ বা বাৰান্দাতো কৰিব পাৰে । শীতকালত ইনডোৰ প্লাণ্ট হিচাপেও পদিনা ঘৰৰ ভিতৰত ৰখা হয় । সাধাৰণতে সকলোধৰণৰ মাটিতে এই পদিনা কৰিব পৰা যায় যদিও বালিচহীয়া মাটিত ইয়াৰ শ্ৰীবৃদ্ধি অধিক ভাল হয় ।

লগতে পঢ়ক- 

Snake gourd : ধুন্দুলি পাছতে ৰবি শস্যৰ খেতিসমূহ কৰিব পাৰিব সেই মাটিত

বজাৰৰ পৰা খাবলৈ ক্ৰয় কৰি অনা পদিনাৰ কিছু অংশ ৰাখি মাটিত ৰুই দিলেই তাৰ পৰা পুনৰ পদিনাজোপা বাঢ়িবলৈ আৰম্ভ কৰে । পৰৱৰ্তী সময়তে, বাঢ়ি অহা পদিনাজোপাৰ পৰা কিছু অংশ চিঙি নি চাটনি ,তৰকাৰী , চৰ্বত বা বিভিন্ন খাদ্যত ডেজাৰ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

একেদৰে ঘৰৰ ভিতৰত কৰা পদিনাডৰাত দৈনিক অলপ অলপ পানী দিয়াৰো প্ৰয়োজন । নহ’লে পদিনাজোপা শুকাই যোৱাৰ সম্ভাৱনা থাকে । পদিনা খেতি সাধাৰণতে অলপ ভিজা মাটিত ভাল হয় ।

লগতে পঢ়ক- 

Black Tomato : ক’লা বিলাহী খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰক

English Summary: Mint farming in Home & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.